তাজিকিস্তানৰ পৰা ওভতাই পঠিয়ালে আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতিক

Share This Article

আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে ৷ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পাছত তেও আশ্ৰয় বিচাৰি গৈছিল তাজিকিস্তানলৈ ৷ কিন্তু তাজিকিস্তানৰ পৰা আশ্ৰফ  ঘানিৰ বিমান ওভতাই পঠিওৱা হৈছে ৷ সোমবাৰে অপসাৰিত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হৈছে ওমানত ৷ তাৰ পৰা তেও আমেৰিকালৈ ৰাওণা হোৱাৰ কথা ৷ দীৰ্ঘসময়ৰ বাবে আমেৰিকাৰে নাগৰিক আছিল আশ্ৰফ ঘানি ৷২০১৪ চনত আফগানিস্তানৰ ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেও আমেৰিকাৰ নাগৰিকত্ব ত্যাগ কৰে ৷

ওমানত উপস্থিত হোৱাৰ সময়ত আশ্ৰফ ঘানিৰ লগত আছে আফগানিস্তানৰ প্ৰাক্তন জাতীয় নিৰাপত্তা উপদেষ্টা হামিদুল্লা মোহিব ৷

আফগানিস্তানৰ আৰু রএজন প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাই এতিয়াও নিজৰ দেশতে আছে ৷ পৰৱৰ্তী চৰকাৰ গঠনক লৈ তেওৰ বুজা পৰা চলি আছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.