অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে য়েছে দৰজে ঠংছিয়ে । বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি হ’ব পাৰে নেকি অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি ? ই বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবৰ বাবেই তেওঁ ওলাই আহিছে। সৰু সুৰা বিতৰ্ক যাতে কোনেও সৃষ্টি নকৰে। ইয়াৰ বাবে অসমবাসীয়ে এক বাতাবৰণ গঢ়ি তুলিব লাগিব আৰু তেওঁ নহ’লেও যি জনেই সভাপতি হ’ব তেওঁৰ প্ৰতি অসমবাসীয়ে সহযোগিতা আগবঢ়াব লাগিব ।