বাতৰি বন্ধ,তালফাল ডিব্ৰুগড়

Share This Article

ডিব্ৰুগড় আকাশবাণী অসমীয়া আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰাক লৈ উত্তাল ডিব্ৰুগড়।ডিব্ৰুগড় আকাশবাণীৰ অসমীয়া আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰাক লৈ উত্তাল হৈ পৰিছে ডিব্ৰুগড় চহৰ । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰি সম্প্ৰচাৰ বন্ধ কৰা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই । ইফালে, আকাশবাণী ডিব্ৰুগড়ৰ কেন্দ্ৰৰ সন্মূখত ভাৰতীয় গণনাট্য সংঘই প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰুগড়ৰ কেন্দ্ৰটোৰ পৰা প্ৰতি সন্ধ্যা ৬ বজাত সম্প্ৰচাৰ হোৱা ৫ মিনিটৰ আঞ্চলিক বাতৰি বন্ধৰ সিদ্ধান্ত বাতিলৰ দাবী জনাই প্ৰতিবাদ ভাৰতীয় গণনাট্য সংঘই । দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পিছতো কেন্দ্ৰটোৰ একমাত্ৰ আঞ্চলিক ভাষাটোৰ সম্প্ৰচাৰ বন্ধৰ সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰহণ কৰা নীৰৱ ভূমিকাক সমালোচনা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু ভাৰতীয় গণনাট্য সংঘ ডিব্ৰুগড় জিলা সমিতিৰ । চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে সংগঠন কেইটাই ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.