ভয়ংকৰ ভৱিষ্যতৰ দিশে মধ্য প্ৰদেশৰ মেডিকেল শিক্ষাৰ্থী !

Share This Article

মধ্য প্ৰদেশ চৰকাৰে অলপতে শুভাৰম্ভ কৰে হিন্দী ভাষাত মেডিকেল পাঠ্যক্ৰম। বিৰাট ঢাকঢোল বজাই মধ্যপ্ৰদেশ চৰকাৰে হিন্দী ভাষাত এই পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। ভাগ লৈছিল কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে।এমবিবিএছৰ প্ৰথম বাৰ্ষিকীৰ ৩খন কিতাপ হিন্দীত উন্মোচন কৰি শুভাৰম্ভ কৰা হয় হিন্দী পাঠ্যক্ৰমৰ। প্ৰায় ৪ মাহ সময়ত ৯৭ জন চিকিৎসকে ইংৰাজীৰ পৰা হিন্দীলৈ অনুবাদ কৰে এই গ্ৰন্থ কেইখন। এই দীঘলীয়া সময় আৰু এক বৃহৎ সংখ্যক মানৱ সম্পদ ব্যৱহৃত হোৱা বিষয়টোৰ পৰা এটা কথা স্পষ্ট যে এই কামটো যথেষ্ট কঠিন আছিল আৰু তেওঁলোকৰ বাবে এই কাম এক অপ্ৰয়োজনীয় বোজাৰ দৰে হৈছিল ।তথ্যত প্ৰকাশ যে এই সমগ্ৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল মধ্য প্ৰদেশৰ স্বাস্থ্য শিক্ষা মন্ত্ৰী বিশ্বাস সাৰংগে। এই সমগ্ৰ পৰিকল্পনাটোতেই যে কেণা আছিল সেই কথা পৰিকল্পনা প্ৰস্তুতকাৰী হিচাপে এগৰাকী ৰাজনীতিক থকাটোৱেই স্পষ্ট কৰে। কাৰণ শিক্ষাৰ পাঠ্যক্ৰম বিষয়ক যিকোনো সিন্ধান্ত ল’ব লাগে যিকোনো শিক্ষাবিদ বা শিক্ষাৰ লগত জড়িত ব্যক্তিয়ে। হিন্দী ভাষাত মেডিকেল পাঠ্যক্ৰম প্ৰবৰ্তনৰ বিষয়ক লৈ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বৈঠকত শিক্ষাবিদ সকলে দুৰ্ঘোৰ আপত্তি কৰিছিল। কিন্তু পিছত তেওঁলোকে সেই কথা মানি ল’লে -ইয়াতে এটা প্ৰশ্ন হয় -যে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল নেকি? ইংৰাজীৰ পৰা এনাটমী,ফিজিঅ’লজী আৰু বায়’কেমিষ্ট্ৰীৰ কিতাপ হিন্দীলৈ অনুবাদ কৰা হৈছে। নামবোৰ একে ৰাখি কেৱল আখৰবোৰহে হিন্দী কৰা হৈছে। টেকনিকেল শব্দবোৰ ইংৰাজীতেই ৰখা হৈছে। মেডিকেল পাঠ্যক্ৰমত যিহেতু বেছিভাগেই টেকনিকেল শব্দ থাকে গতিকে বেছিভাগ শব্দই ইংৰাজীতেই ৰাখিবলগীয়া হৈছে। টেকনিকেল শব্দবোৰ একে ৰাখি কেৱল আখৰবোৰ হিন্দীত পঢ়িলেই সমস্যাবোৰৰ সমাধান হ’ব জানো? তদুপৰি প্ৰথম বৰ্ষত হিন্দী পঢ়া ছাত্ৰছাত্ৰী সকলে তৃতীয় আৰু চতুৰ্থ বৰ্ষত সমস্যাৰ সন্মুখীন হ’ব। কিয়নো সেই কেইটা বৰ্ষৰ বাবে এতিয়াও অনুবাদ হোৱা নাই পাঠ্যক্ৰম । তদুপৰি হিন্দীত এমবিবিএছ পঢ়া ছাত্ৰ ছাত্ৰীয়ে MS বা MD পঢ়িব পাৰিবনে? হিন্দীত মেডিকেল পঢ়া চিকিৎসকে দক্ষিণ ভাৰতত কেনেদৰে সেৱা আগবঢ়াব? আন্তৰ্জাতিক ছেমিনাৰবোৰত তেওঁলোকে কেনেদৰে অংশ ল’ব?থেছিচ কি ভাষাত জমা দিব এই লৈয়ো সমস্যাত পৰিব চিকিৎসা বিজ্ঞানৰ ছাত্ৰছাত্ৰীসকল।  মেডিকেল গৱেষণা ইংৰাজীতেই হয় আৰু ইংৰাজীত হ’লেহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তথ্য আহৰণ কৰি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পৰাটো সম্ভৱ। হিন্দীত অধ্যয়ন কৰা চিকিৎসকে বিদেশত পুনৰ অধ্যয়ন,সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰতো পৰিব সমস্যাত। আশ্চৰ্যজনক বিষয় এয়ে যে যিখন ৰাজ্যত চৰকাৰী তথ্যতেই প্ৰকাশ পাইছে যে প্ৰতি ৩০০০ লোকৰ বিপৰীতে মাত্ৰ ১ জন ডাক্তৰ আছে ,সেইখন ৰাজ্যত চিকিৎসা সেৱা উন্নত কৰাত গুৰুত্ব দিয়াৰ পৰিবৰ্তে গুৰুত্ব দিছে হিন্দী ভাষাৰ প্ৰয়োগেৰে হিন্দী বলয়ত ৰাজনৈতিক লাভালাভ বৃদ্ধিত।  মধ্যপ্ৰদেশৰ চট্টৰপুৰ জিলাৰ শেহতীয়া এটা ভিডিঅ’ই প্ৰমাণ কৰিলে ৰাজ্যখনৰ পয়াঁলগা স্বৰূপ। এম্বুলেন্সৰ অভাৱত ৪ বছৰীয়া কন্যাক নিজ পিতৃয়ে পিঠিত তুলি নিয়া দৃশ্যই ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীৰ চৰম বিফলতাকে প্ৰতিপন্ন কৰিছে। অথচ স্বাস্থ্যখণ্ডৰ বিকাশত গুৰুত্ব দিয়াৰ পৰিবৰ্তে চৰকাৰে গুৰুত্ব দিছে হিন্দী ভাষাৰ প্ৰচলত যিটোৰ জৰিয়তে ৰাজনৈতিকভাৱে লাভান্বিত হ’ব বিচাৰিছে দলটো।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.