অমিত শ্বাহ হ’ব নেকি গুজৰাটৰ মুখ্যমন্ত্ৰী?

Share This Article

দেৱালীৰ পিছতে ঘোষণা হ’ব গুজৰাট বিধানসভাৰ দিন।কিন্তু দলীয় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কোনো সঠিক তথা বলিষ্ঠ সিন্ধান্তত উপনীত হ’ব পৰা নাই বিজেপি দল।ইতিমধ্যে গৃহমন্ত্ৰীৰ অমিত শ্বাহে গুজৰাটত কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।বিজয় ৰূপানীৰ কেবিনেটৰ বহু কেইগৰাকী মন্ত্ৰীয় এইবাৰ নাপাব টিকেট।দলৰ এক ঘনিষ্ঠ সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে। এইবাৰৰ নিৰ্বাচনত ৩০ পৰা ৪০% পুৰণি বিজেপিৰ বিধায়কে টিকেট নোপোৱাটো নিশ্চিত কৰিছে দলৰ বিশেষ সূত্ৰটোৱে। বিজেপিয়ে ৰাজ্যখনত আৰম্ভ কৰিছে ‘গৌৰৱ যাত্ৰা ‘।২০০২ চনত গুজৰাটত প্ৰথমে আৰম্ভ হৈছিল গৌৰৱ যাত্ৰা।সেই সময়ত মুখ্যমন্ত্ৰী আছিল নৰেন্দ্ৰ মোডী। “ দলে ৬০ ৰ পৰা ৭০ খন নতুন মুখৰ সন্ধান কৰিছে এইবাৰৰ নিৰ্বাচনৰ বাবে।ৰাজ্যখনৰ ১৮২ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। ৩/৪বাৰৰ বিধায়কেও এইবাৰ টিকেট নোপোৱাতো নিশ্চিত। প্ৰতিষ্ঠানবিৰোধী ঢৌৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি বিধায়কক টিকেট নিদিয়াৰ সিন্ধান্ত লৈছে দলটোৱে ”-এনেদৰে মন্তব্য কৰে এগৰাকী ৰাজনৈতিক পৰ্যবেক্ষকে। শেহতীয়াকৈ দলে অনুষ্ঠিত কৰা গৌৰৱ যাত্ৰাত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল যদিও এই যাত্ৰাত জনসাধাৰণৰ সমৰ্থন সিমান আশাব্যঞ্জক নাছিল।মুঠতে গৌৰৱ যাত্ৰা অনুষ্ঠিত কৰি আশাহত হৈছে বিজেপি। উপায়হীন বিজেপিয়ে সেয়ে প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিলেও ,মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব খোজা নাই। প্ৰধানমন্ত্ৰী মোডীয়ে মনেপ্ৰাণে অমিত শ্বাহক গুজৰাটলৈ ঘূৰাই পঠিয়াব বিচাৰিছে যদিও কিন্তু প্ৰধানমন্ত্ৰীৰ সেই ইচ্ছাত সঁহাৰি পোৱা নাই গৃহমন্ত্ৰী অমিত শ্বাহৰ তৰফৰ পৰা। গুজৰাটৰ নিৰ্বাচনী বতাহ বিজেপিৰ পক্ষে নথকাৰ লগতে প্ৰতিষ্ঠানবিৰোধী ঢৌৱেও এইক্ষেত্ৰত অৰিহণা যোগোৱাত বিজেপি দলে আম আদমি পাৰ্টীকে হিন্দুত্ব বিৰোধী বুলি প্ৰতিপন্ন কৰিবলৈ উঠিপৰি লাগিছে। আনহাতে, চলিত সপ্তাহতে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে বিজেপিয়ে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা। এই প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিছতে প্ৰাৰ্থিত্ব হেৰুৱা প্ৰায় ৭০ জন বিধায়কে বিদ্ৰোহ কৰিব বুলিও সন্দেহ প্ৰকাশ কৰিছে দলীয় নেতৃত্বই ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.