মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত মঙলবাৰে অসম চৰকাৰ আৰু মাইক্ৰ’ফাইনেন্স কোম্পেনীসমূহৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ অসমত ঋণ প্ৰদান কৰি থকা ৩৮ টা মাইক্ৰ’ফাইনেন্স কোম্পেনী আৰু বেংকে চুক্তিত স্বাক্ষৰ কৰে ৷ ২০২৩ চনৰ ৩১ মাৰ্চলৈ এই চুক্তি কাৰ্যকৰী হৈ থাকিব ৷ অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত চুক্তি স্বাক্ষৰ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় যে যিসকল মহিলাই তিনিটাতকৈ অধিক কোম্পেনীৰ পৰা ঋণ লোৱা নাই বা ঋণৰ পৰিমান ১.২৫ লাখতকৈ বেছি নহয় , তেওলোকে চৰকাৰৰ পৰা সকাহ লাভ কৰিব ৷যিসকল মহিলাই সময় অনুসৰি ঋণৰ কিস্তি আদায় দি আছে তেওলোকেও ২৫ হাজাৰকৈ টকাৰ এককালীন সাহায্য ঋণৰ পৰৱৰ্তী অংশ আদায়ৰ বাবে লাভ কৰিব ৷যিসকল মহিলাই ঋণৰ কিস্তি আদায় দিয়া নাই কিন্তু তেওলোকৰ একাউন্ট এন পি এ ঘোষিত হোৱা নাই ,তেওলোকৰ বাকী থকা কিস্তি নিৰ্দিষ্ট সময়ৰ বাবে চৰকাৰে আদায় দিব ৷এই মহিলাসকলে এককালীন ২৫ হাজাৰ টকা বা বাকী থকা ঋনৰ কিস্তিৰ ধন লাভ কৰিব ৷ এইক্ষেত্ৰত যিটো পৰিমাণ কম হয় , চৰকাৰে সেই পৰিমাণৰ ধন প্ৰদান কৰিব ৷ যাতে পৰৱৰ্তী সময়ত নিয়মীয়াকৈ কিস্তি আদায় দিবলৈ উৎসাহিত হয় ৷যিসকল মহিলা ঋন আদায় দিবলৈ অক্ষম আৰু একাউন্ট এন পি এ ঘোষিত হৈছে তেওলোকে নিৰ্দিষ্ট প্ৰ – পত্ৰত আবেদন কৰিব লাগিব ৷ চৰকাৰে সকলো চালি জাৰি চাই আংশিক বা সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিব ৷ চুক্তি স্বাক্ষৰ অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা , শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগু , নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল , ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ইউ জি ব্ৰক্ষ্মকে ধৰি অসম চৰকাৰৰ শীৰ্ষ আমোলাসকল উপস্থিত থাকে ৷
মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নৈশ বাছ চালকসকলৰ পাছত পদপথ ব্যৱসায়ীক সকাহ দিবৰ বাবে ১৫ -২০ দিন পাছত নতুন আঁচনি ঘোষণা কৰিব বুলিও সদৰী কৰে ৷