মাইক্ৰ’ফাইনেন্সৰে চৰকাৰৰ চুক্তি : কোনে , কেনেকৈ ঋণ ৰেহাই পাব ?

Share This Article

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত মঙলবাৰে অসম চৰকাৰ আৰু মাইক্ৰ’ফাইনেন্স কোম্পেনীসমূহৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ অসমত ঋণ প্ৰদান কৰি থকা ৩৮ টা মাইক্ৰ’ফাইনেন্স কোম্পেনী আৰু বেংকে চুক্তিত স্বাক্ষৰ কৰে ৷ ২০২৩ চনৰ ৩১ মাৰ্চলৈ এই  চুক্তি কাৰ্যকৰী হৈ থাকিব ৷ অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত চুক্তি স্বাক্ষৰ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় যে যিসকল মহিলাই তিনিটাতকৈ অধিক কোম্পেনীৰ পৰা ঋণ লোৱা নাই বা ঋণৰ পৰিমান ১.২৫ লাখতকৈ বেছি নহয় , তেওলোকে চৰকাৰৰ পৰা সকাহ লাভ কৰিব ৷যিসকল মহিলাই সময় অনুসৰি ঋণৰ কিস্তি আদায় দি আছে তেওলোকেও ২৫ হাজাৰকৈ টকাৰ এককালীন সাহায্য ঋণৰ পৰৱৰ্তী অংশ আদায়ৰ বাবে লাভ কৰিব ৷যিসকল মহিলাই ঋণৰ কিস্তি আদায় দিয়া নাই কিন্তু তেওলোকৰ একাউন্ট এন পি এ ঘোষিত হোৱা নাই ,তেওলোকৰ বাকী থকা  কিস্তি নিৰ্দিষ্ট সময়ৰ বাবে চৰকাৰে আদায় দিব ৷এই মহিলাসকলে এককালীন ২৫ হাজাৰ টকা বা বাকী থকা ঋনৰ কিস্তিৰ ধন লাভ কৰিব ৷ এইক্ষেত্ৰত যিটো পৰিমাণ কম হয় , চৰকাৰে সেই পৰিমাণৰ ধন প্ৰদান কৰিব ৷ যাতে পৰৱৰ্তী সময়ত নিয়মীয়াকৈ কিস্তি আদায় দিবলৈ উৎসাহিত হয় ৷যিসকল মহিলা ঋন আদায় দিবলৈ অক্ষম আৰু একাউন্ট এন পি এ ঘোষিত হৈছে তেওলোকে নিৰ্দিষ্ট প্ৰ – পত্ৰত  আবেদন কৰিব লাগিব ৷ চৰকাৰে সকলো চালি জাৰি চাই আংশিক বা সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিব ৷ চুক্তি স্বাক্ষৰ অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা , শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগু , নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল , ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ইউ জি ব্ৰক্ষ্মকে ধৰি অসম চৰকাৰৰ শীৰ্ষ আমোলাসকল উপস্থিত থাকে ৷

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নৈশ বাছ চালকসকলৰ পাছত পদপথ ব্যৱসায়ীক সকাহ দিবৰ বাবে ১৫ -২০ দিন পাছত নতুন আঁচনি ঘোষণা কৰিব বুলিও সদৰী কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.