মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰৰ বাম্পাৰ অফাৰ ।১০৫০ টকাৰ বিনিময়ত ১ টকা । ফ্ৰীতে পালে বোলে মাটিও খায় মানুহে। কিন্তু তাজমিনাই নাখালে ,ফ্ৰীতে পায়ো ঘূৰাই দিলে চৰকাৰক। কি ঘূৰাই দিলে তাজমিনাই?
কোন এই তাজমিনা? ঘটনাৰ স্থান বঙাইগাঁৱৰ গান্ধী ময়দান । ঘটনাৰ নায়ক -নায়িকা বৰপথাৰৰ তাজমিনা আৰু তেওঁৰ স্বামী ৰেজাউল।
মাইক্ৰফাইনেন্সৰ ঋণৰ চেক বিতৰণ কাৰ্যসূচীলৈ হিতাধিকাৰী হিচাপে নাম আহিল তাজমিনাৰ ।৩ নবেম্বৰত চেক পাব তাজমিনাই।সময়ৰ অপব্যয় নকৰি পুৱাই ৪০০ টকাৰে গাড়ী ভাড়া কৰি গান্ধী ময়দানত উপস্থিত হ’ল তাজমিনা -ৰেজাউল। ৬৫০ টকাৰে পঞ্জীয়ন কৰিলে নাম। আবেলিলৈ মাইকত নাম উচ্চাৰিত হ’ল তাজমিনাৰ। দিনটো ভোকেলঘোণে পাৰ কৰি উগুলথুগুল মনেৰে তাজমিনা বিভাগীয় বিষয়াৰ ওচৰ পালেগৈ। ই কি? তাজমিনা চেক দেখি হতবাক। তথাপিও ভাবিলে,ইংৰাজীতে লিখা চেক,জনালোকক সোধা ভাল। আক তাক সুধি নিশ্চিত হ’ল চেকখনত এক টকা বুলিয়েই লিখা আছে। তাজমিনাই চেক খন ঘূৰাই দিলে আৰু স্বামীয়ে পঞ্জীয়ন কৰা ৬৫০ টকাটো উভতাই বিচাৰিলে বিষয়াক। বিভাগীয় বিষয়াই জনালে পঞ্জীয়নৰ ধন ঘূৰাই দিয়া নহয়।মূৰেকপালে হাত দি মুখত যি আহে তাকে বলকি বলকি ঘৰলৈ উভতি গ’ল তাজমিনাহঁতক ।কেৱল তাজমিনাই নহয়,প্ৰথম পৰ্যায়ৰ সময়তো এনে বহুত ঘটনা ঘটিছিল হিতাধিকাৰীৰ লগত।২৫ হাজাৰ টকাৰ চেক বিচাৰি আহি ২৫ টকা, ১৯ টকাৰ চেক লৈ ঘৰলৈ উভতিছিল হিতাধিকাৰী।এনেকৈয়ে বিজেপি চৰকাৰে হিতাধিকাৰীৰ নামত পিন্ধাই আছে একো একোটা প্ৰকাণ্ড টুপী বিভিন্ন কোম্পানীয়ে অফাৰ দি ষ্টাৰ চিহ্নৰে চৰ্ত বান্ধি দিয়াৰ দৰে চৰকাৰেও দিছে চৰ্ত।যিবোৰ চৰ্ত পূৰণ কৰোতেই আধা ধুনা হয় হিতাধিকাৰী।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post