গ্ৰন্থ ওলাব কিন্তু কিনিব কেনেকৈ?

Share This Article

দাম বৃদ্ধিৰ পৰা বাদ পৰি ৰোৱা নাই কাগজো। কাগজৰো বাঢ়িছে জুইচাই দাম। কাগজৰ দামৰ প্ৰভাৱ পৰিছে কাগজৰ বিক্ৰেতা , গ্ৰাহক , গ্ৰন্থ প্ৰকাশক গোষ্ঠীসমূহৰ ওপৰত। এক ৰীম কাগজৰ দাম পূৰ্বতে আছিল ১০০০ টকা, এতিয়া সেই কাগজৰ ৰীম হৈছেগৈ ১৫০০ ৰ পৰা ১৮০০ টকা। মুঠৰ ওপৰত এতিয়া চৌদিশে কেৱল দামবৃদ্ধি। ফলস্বৰূপে কিতাপ-কাগজকে সম্বল কৰি জীয়াই থকা লোকৰ অসহায় অৱস্থা ।কাগজৰ সমানে সমানে পূৰ্বৰ তুলনাত অত্যধিক হাৰত দিব লগা হৈছে কাগজৰ GST ও । ফলত বৃদ্ধি কৰিব লগা হৈছে কিতাপৰ দাম। কিন্তু তাতো বিপদৰ সন্মুখীন হৈছে বিক্রেতা। কিতাপৰ দাম বৃদ্ধিৰ ফলত হ্ৰাস পাইছে কিতাপৰ বিক্ৰী।গুৰুত্বপূৰ্ণ কথা যে কোভিড মহামাৰীৰ পাছত অত্যধিক হাৰত বাঢ়িছে কাগজৰ দাম। যাৰ মাধমাৰ পৰিছে কাগজকে সম্বল হিচাপে লৈ জীয়াই থকা সকললৈ।উল্লেখযোগ্য যে ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে গ্ৰন্থমেলা।তেনে সময়তে কাগজৰ দামবৃদ্ধিয়ে বিপাঙত পেলাইছে গ্ৰন্থ প্ৰকাশক সকলক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.