সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দা লৈহে শিক্ষকে চম্ভালিবলগীয়া হৈছে বিদ্যালয়?

ৰাজ্যৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অদ্ভূত ঘটনা। দা লৈ বিদ্যালয়ত ঘূৰি ফুৰা এগৰাকী শিক্ষকক নিলম্বিত কৰিছে শিক্ষা বিভাগে। এই ঘটনা সংঘটিত হৈছে শিলচৰ জিলাত। জিলাখনৰ ৰাধামাধৱ বুনিয়াদী বিদ্যালয়ত কৰ্মৰত শিক্ষক ধৃতিমেতা দাসক ইতিমধ্যে এই কাৰ্যৰ বাবে নিলম্বিত কৰিছে শিক্ষা বিভাগে। ৩৮ বছৰীয়া শিক্ষক গৰাকীয়ে দালৈ বিদ্যালয়খনত ঘূৰি ফুৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে শনিবাৰে স্থানীয় আৰক্ষীক এই কথা অৱগত কৰোৱা হয়। তাৰ পাছতে দাৰ সৈতে শিক্ষকগৰাকীক ধৰা পেলায় আৰক্ষীয়ে। আৰক্ষীৰ মতে শিক্ষকগৰাকীয়ে আন শিক্ষকে অনিয়ম কৰি থকাত তেওঁ সাৱধান কৰি দিবলৈকে দা লৈ বিদ্যালয়লৈ আহিছিল। শিক্ষকগৰাকীৰ বিৰুদ্ধে আন শিক্ষকে এজাহাৰ দাখিল নকৰাত আৰক্ষীয়ে লোৱা নাই নিজৰ জিম্মাত। ১১ বছৰ শিক্ষকতা কৰা ধৃতিমেতা দাসৰ ঘৰ শিলচৰৰ তাৰাপুৰত।

Leave A Reply

Your email address will not be published.