দা লৈহে শিক্ষকে চম্ভালিবলগীয়া হৈছে বিদ্যালয়?

Share This Article

ৰাজ্যৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অদ্ভূত ঘটনা। দা লৈ বিদ্যালয়ত ঘূৰি ফুৰা এগৰাকী শিক্ষকক নিলম্বিত কৰিছে শিক্ষা বিভাগে। এই ঘটনা সংঘটিত হৈছে শিলচৰ জিলাত। জিলাখনৰ ৰাধামাধৱ বুনিয়াদী বিদ্যালয়ত কৰ্মৰত শিক্ষক ধৃতিমেতা দাসক ইতিমধ্যে এই কাৰ্যৰ বাবে নিলম্বিত কৰিছে শিক্ষা বিভাগে। ৩৮ বছৰীয়া শিক্ষক গৰাকীয়ে দালৈ বিদ্যালয়খনত ঘূৰি ফুৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে শনিবাৰে স্থানীয় আৰক্ষীক এই কথা অৱগত কৰোৱা হয়। তাৰ পাছতে দাৰ সৈতে শিক্ষকগৰাকীক ধৰা পেলায় আৰক্ষীয়ে। আৰক্ষীৰ মতে শিক্ষকগৰাকীয়ে আন শিক্ষকে অনিয়ম কৰি থকাত তেওঁ সাৱধান কৰি দিবলৈকে দা লৈ বিদ্যালয়লৈ আহিছিল। শিক্ষকগৰাকীৰ বিৰুদ্ধে আন শিক্ষকে এজাহাৰ দাখিল নকৰাত আৰক্ষীয়ে লোৱা নাই নিজৰ জিম্মাত। ১১ বছৰ শিক্ষকতা কৰা ধৃতিমেতা দাসৰ ঘৰ শিলচৰৰ তাৰাপুৰত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.