দেশজুৰি খলকনিৰ সৃষ্টি কৰা পেগাছাছ টাৰ্গেট লিষ্টত এইবাৰ আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু আলোচনা পন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ ফোন নম্বৰো পোৱা গৈছে ৷ দ্য ৱায়াৰত প্ৰকাশিত বাতৰি অনুসৰি , দেশৰ যিসকল লোকৰ ফোন নম্বৰত পেগাছাছ ভাইৰাছ সংস্থাপিত কৰিবলৈ বিচৰা হৈছিল , তাৰ ভিতৰত ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াও আছে ৷ পেগাছাছৰ টাৰ্গেট লিষ্টত ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নম্বৰ থকাতো নিশ্চিত হোৱাৰ পাছত এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে , পেগাছাছ হ’ল এটা বিশেষ ছফটৱেৰ বা স্পাইৱেৰ ৷ এই ছফটৱেৰ নিৰ্মান কৰে ইজৰাইলৰ কোম্পেনী এন এছ ওৱে ৷ কিন্তু ই এটা সাধাৰণ ছফটৱেৰ নহয় ৷ সাধাৰণতে সন্ত্ৰাসবাদীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ এই ছফটৱেৰ ডেভেল’প কৰা হৈছিল ৷ মিছকল , মেছেজ বা হোৱাটছ এপৰ জড়িয়তে এই ছফটৱেৰ যিকোনো মানুহৰ মোবাইলত প্ৰৱেশ কৰাৰ লগে লগে মোবাইলৰ সকলো তথ্য ছফটৱেৰ সংস্থাপনকাৰীৰ হাতলৈ গুছি যায় ৷ মেছেজ , কল ৰেকৰ্ডিঙ , হোৱাটছ এপ ছাট আদিৰ উপৰিও ফোনত থকা কেমেৰাৰ জড়িয়তে আপোনাৰ সকলো কাৰ্যকলাপ লাইভ টেলিকাষ্টৰ দৰে চাই থাকিব পাৰে চোৰাংচোৱাই ৷এই ছফটৱেৰৰ বিক্ৰী নিয়ন্ত্ৰণ কৰে ইজৰাইলৰ চৰকাৰে ৷ নিৰ্মানকাৰী কোম্পেনীটোৱে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক পেগাছাছ ছফটৱেৰ বিক্ৰী নকৰে ৷ কোনো এখন দেশৰ চৰকাৰকহে তেওলোকে এই ছফটৱেৰ বিক্ৰী কৰে ৷ ইয়াৰ বাবে কোম্পেনীটোৱে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগৰ অনুমতি ল’বলগীয়া হয় ৷ শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৩৬ খন দেশে পেগাছাছ ছফটৱেৰ ক্ৰয় কৰিছে ৷ কিন্তু বহু দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ সলনি নিজ দেশৰ নাগৰিক , সাংবাদিক , বিৰোধী নেতাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷এই ঘটনা প্ৰথমতে পোহৰলৈ আহিল এটা আন্ত: ৰাষ্ট্ৰীয় মানৱধিকাৰ সংস্থা আৰু এটা সংবাদ প্ৰতিষ্ঠানৰ জড়িয়তে ৷ মানৱধিকাৰ সংস্থা ‘এমনেষ্টী’ আৰু ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান ‘ফৰবিডেন ষ্টৰীজ ‘ৰ হাতত প্ৰথমতে আহি পৰিল প্ৰায় ৫০ হাজাৰ ফোন নম্বৰৰ এখন তালিকা ৷ এই ফোন নম্বৰসমূহ পেগাছাছৰ জড়িয়তে টাৰ্গেট কৰাৰ তথ্য তেওলোকে লাভ কৰে ৷ ইয়াৰ পাছত তেওলোকে বিভিন্ন দেশৰ ১৭ টা সংবাদ প্ৰতিষ্ঠানৰ লগত ফোন নম্বৰৰ তালিকা বিনিময় কৰে আৰু এই নম্বৰৰ গৰাকী সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে ৷ অনুসন্ধানত ওলাই পৰে যে ভাৰতৰ লগতে কাজাকিস্তান , মেক্সিকো , ৰাৱাণ্ডা , চৌদী আৰৱ আদি বহু দেশৰ প্ৰখ্যাত ৰাজনীতিক , সাংবাদিক , সমাজকৰ্মী আৰু আন বহু লোকক পেগাছাছৰ টাৰ্গেট কৰা হৈছিল ৷ এমনেষ্টীৰ পৰীক্ষাগাৰত হোৱা ফৰেনছিক পৰীক্ষাত কিছু সংখ্যক মোবাইল ফোনৰ ডিভাইচত এই ভয়ংকৰ ছফটৱেৰৰ উপস্থিতি ধৰা পৰে ৷ ভাৰতৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী , কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , প্ৰহ্লাদ পেটেল , নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰকে ধৰি ৪০ গৰাকীতকৈও অধিক ৰাজনীতিক , সাংবাদিকৰ নাম পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা যায় ৷ শেহতীয়াকৈ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ ফোন নম্বৰ ৷