অসমৰ ৮ লাখ কৃষকে কিয় ঘূৰাই দিব লাগিব ৫৫৪ কৌটি টকা ?

Share This Article

শেহতীয়াকৈ অসম আন এক অবাঞ্চিত অভিলেখৰ গৰাকী হৈছে ৷ ভুৱা কৃষকৰ পৰিসংখ্যাত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম ৷ এই তথ্য সদনত দাঙি ধৰিছে খোদ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৷

মঙলবাৰে সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক সোধা হৈছিল যে পি এম কিষাণ আঁচনিৰ অধীনত দেশত কিমান ভুৱা কৃষকে চৰকাৰী অনুদান লাভ কৰিছে ৷ উত্তৰত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰে যি উত্তৰ দাঙি ধৰিলে , সেয়া দেখাৰ পাছত আপোনাৰো নিশ্চয় চকু কপালত উঠিব ৷ কিয়নো পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰা অযোগ্য কৃষকৰ সংখ্যা দেশৰ ভিতৰতে অসমত সৰ্বাধিক।এতিয়া এই ভুৱা কৃষকসকলৰ পৰা ধন ঘূৰাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ মন্তব্য অনুসৰি দেশৰ ৪২.১৭ লাখ ভুৱা অযোগ্য কৃষকৰ পৰা পি এম কৃষাণ আঁচনিৰ ২৯৯২ কৌটি টকা ঘূৰাই লোৱা হ’ব।ইয়াৰ ভিতৰত আছে অসমৰ ৮ লক্ষাধিক কৃষক ৷  এই সংখ্যা দেশৰ ভিতৰত সৰ্বাধিক। যাৰ বাবে অসমৰ মুঠ ৮ লাখ ৩৫ হাজাৰ ২৬৮ গৰাকী অযোগ্য কৃষকৰ পৰা ৫৫৪ কোটি টকা চৰকাৰে ঘূৰাই লোৱাৰ প্ৰস্তুতি চলাইছে । অসমৰ পাছতে অযোগ্য কৃষকৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে তামিলনাডু আৰু পঞ্জাৱ।

তামিলনাডুৰ ৭.২২ লাখ অযোগ্য কৃষকৰ পৰা চৰকাৰে ৩৪০ কোটি টকা আৰু পঞ্জাৱৰ ৫.৬২ লাখ অযোগ্য কৃষকৰ ৪৩৭ কোটি টকা ঘূৰাই লব। মহাৰাষ্ট্ৰত ৪.৪৫ লাখ অযোগ্য কৃষকৰ পৰা ৩৫৮ কোটি, উত্তৰ প্ৰদেশৰ ২.৬৫ লাখ অযোগ্য কৃষকৰ পৰা ২৫৮ কোটি, গুজৰাটৰ ২.৩৬ লাখ অযোগ্য কৃষকৰ পৰা ২২০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে ঘূৰাই লব বুলি প্ৰকাশ কৰিছে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে।

ছিক্কিমত দেশৰ ভিতৰতে আটাইতকৈ কম সংখ্যক অযোগ্য কৃষক আছে। ছিক্কিমত মাত্ৰ এজন অযোগ্য কৃষকে পি এম কৃষাণ আঁচনিৰ ধন লাভ কৰিছে। উল্লেখ্য যে , পি এম কিষাণ আঁচনিৰ জড়িয়তে দেশৰ কৃষকসকলে তিনিটা কিস্তিত বছৰি ৬০০০ টকাকৈ লাভ কৰি আহিছে।কৃষকৰ একাউন্টত ধন জমা হোৱাৰ পাছত হিতাধিকাৰীৰ নথিপত্ৰ পৰীক্ষা কৰোতে বৃহৎ  সংখ্যক ভুৱা বা অযোগ্য কৃষকে পি এম কৃষাণ আঁচনিৰ ধন লাভ কৰিছে বুলি জানিব পৰা গৈছে।

এতিয়া প্ৰশ্ন হয় – এনে ভুৱা কৃষক আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বাবেই দেশত প্ৰকৃত কৃষকসকল বঞ্চিত হ’বলগীয়া হৈছে নেকি? অসমত কাৰ ভুলৰ বাবে দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক ভুৱা বা অযোগ্য কৃষকে পি এম কৃষাণ আঁচনিৰ ধন লাভ কৰিলে? দেশবাসীৰ আগত লজ্জানত হোৱাকৈ অভিলেখ সৃষ্টি কৰা অসমৰ কৃষি বিভাগে এতিয়া পৰ্যাপ্ত ব্যৱস্থা লবনে? নে ছছিয়েল মিডিয়াত পথাৰৰ ফটো আপলোড কৰিয়েই দায়িত্ব সামৰিব বিয়াগোম বিভাগটোৰ মন্ত্ৰী-আমোলাই?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.