পেগাছাছৰ টাৰ্গেটত ড:সমুজ্জ্বল ভট্টাচাৰ্য , অনুপ চেতিয়া

Share This Article

দেশজুৰি খলকনিৰ সৃষ্টি কৰা পেগাছাছ টাৰ্গেট লিষ্টত  এইবাৰ আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু আলোচনা পন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ ফোন নম্বৰো পোৱা গৈছে  ৷ দ্য ৱায়াৰত প্ৰকাশিত বাতৰি অনুসৰি , দেশৰ যিসকল লোকৰ ফোন নম্বৰত পেগাছাছ ভাইৰাছ সংস্থাপিত কৰিবলৈ বিচৰা হৈছিল , তাৰ ভিতৰত ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াও আছে ৷ পেগাছাছৰ টাৰ্গেট লিষ্টত ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নম্বৰ থকাতো নিশ্চিত হোৱাৰ পাছত এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে , পেগাছাছ হ’ল এটা বিশেষ ছফটৱেৰ বা স্পাইৱেৰ ৷ এই ছফটৱেৰ নিৰ্মান কৰে ইজৰাইলৰ কোম্পেনী এন এছ ওৱে ৷ কিন্তু ই এটা সাধাৰণ ছফটৱেৰ নহয় ৷ সাধাৰণতে সন্ত্ৰাসবাদীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ এই ছফটৱেৰ ডেভেল’প  কৰা হৈছিল ৷ মিছকল , মেছেজ বা হোৱাটছ এপৰ জড়িয়তে এই ছফটৱেৰ যিকোনো মানুহৰ মোবাইলত প্ৰৱেশ কৰাৰ লগে লগে মোবাইলৰ সকলো তথ্য ছফটৱেৰ সংস্থাপনকাৰীৰ হাতলৈ গুছি যায় ৷ মেছেজ , কল ৰেকৰ্ডিঙ , হোৱাটছ এপ ছাট আদিৰ উপৰিও ফোনত থকা কেমেৰাৰ জড়িয়তে আপোনাৰ সকলো কাৰ্যকলাপ লাইভ টেলিকাষ্টৰ দৰে চাই থাকিব পাৰে চোৰাংচোৱাই ৷এই ছফটৱেৰৰ বিক্ৰী নিয়ন্ত্ৰণ কৰে ইজৰাইলৰ চৰকাৰে ৷ নিৰ্মানকাৰী কোম্পেনীটোৱে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক পেগাছাছ ছফটৱেৰ বিক্ৰী নকৰে ৷ কোনো এখন দেশৰ চৰকাৰকহে তেওলোকে এই  ছফটৱেৰ বিক্ৰী কৰে ৷ ইয়াৰ বাবে কোম্পেনীটোৱে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগৰ অনুমতি ল’বলগীয়া হয় ৷ শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৩৬ খন দেশে পেগাছাছ ছফটৱেৰ ক্ৰয় কৰিছে ৷ কিন্তু বহু দেশৰ চৰকাৰে সন্ত্ৰাসবাদীৰ সলনি নিজ দেশৰ নাগৰিক , সাংবাদিক , বিৰোধী নেতাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷এই ঘটনা প্ৰথমতে পোহৰলৈ আহিল এটা আন্ত: ৰাষ্ট্ৰীয় মানৱধিকাৰ সংস্থা আৰু এটা সংবাদ প্ৰতিষ্ঠানৰ জড়িয়তে ৷ মানৱধিকাৰ সংস্থা ‘এমনেষ্টী’ আৰু ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান ‘ফৰবিডেন ষ্টৰীজ ‘ৰ হাতত প্ৰথমতে আহি পৰিল প্ৰায় ৫০ হাজাৰ ফোন নম্বৰৰ এখন তালিকা ৷ এই ফোন নম্বৰসমূহ পেগাছাছৰ জড়িয়তে টাৰ্গেট কৰাৰ তথ্য তেওলোকে লাভ কৰে ৷ ইয়াৰ পাছত তেওলোকে বিভিন্ন দেশৰ ১৭ টা সংবাদ প্ৰতিষ্ঠানৰ লগত ফোন নম্বৰৰ তালিকা বিনিময় কৰে আৰু এই নম্বৰৰ গৰাকী সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে  ৷ অনুসন্ধানত ওলাই পৰে যে ভাৰতৰ লগতে কাজাকিস্তান , মেক্সিকো , ৰাৱাণ্ডা , চৌদী আৰৱ আদি বহু দেশৰ প্ৰখ্যাত ৰাজনীতিক , সাংবাদিক , সমাজকৰ্মী আৰু আন বহু লোকক পেগাছাছৰ টাৰ্গেট কৰা হৈছিল ৷ এমনেষ্টীৰ পৰীক্ষাগাৰত হোৱা ফৰেনছিক পৰীক্ষাত কিছু সংখ্যক মোবাইল ফোনৰ ডিভাইচত এই ভয়ংকৰ ছফটৱেৰৰ উপস্থিতি ধৰা পৰে ৷ ভাৰতৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী , কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , প্ৰহ্লাদ পেটেল , নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰকে ধৰি ৪০ গৰাকীতকৈও অধিক ৰাজনীতিক , সাংবাদিকৰ নাম পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা যায় ৷  শেহতীয়াকৈ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ ফোন নম্বৰ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.