সম্বলপুৰত নতুন ৰূপ পাইছে ৰসৰাজৰ বাসগৃহই
নতুন ৰূপত প্ৰাণ পাই উঠিছে ওড়িশাৰ সম্বলপুৰত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহই ৷ Indian National Trust for Art and Cultural Heritage নামৰ সংস্থাটোৱে পুৰণি ঘৰটো ধ্বংস নকৰাকৈ ৰসৰাজৰ বাসগৃহক দিছে নতুন ৰূপ ৷
এই সমগ্ৰ কাম কাজৰ নেপথ্য ব্যক্তি দীপক পাণ্ডাই আজি ছোছিয়েল মেডিয়াৰ জড়িয়তে শ্বেয়াৰ কৰিছে লক্ষ্মীনাথ বেজবৰুৱাৰ নতুন বাসগৃহৰ ফটো ৷ তেও লগতে এই বাসগৃহটো দেশৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰত পৰিণত হ’ব বুলিও আশা প্ৰকাশ কৰে ৷ পাণ্ডাই নিজৰ ফেচবুক পোষ্টত উল্লেখ কৰে যে নিজৰ মাতৃভূমিৰ পৰা দূৰৈত থাকিও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ মাতৃভাষাৰ বুনিয়াদী ভেটি স্থাপন কৰিছিল ৷জন্মভূমিৰ পৰা আঁতৰত থকা প্ৰতিগৰাকী লোকৰ বাবে তেও হ’ব পাৰে আদৰ্শ ৷ লগতে তেওৰ বাসগৃহটোৱেও অসম আৰু উৰিষ্যাৰ মাজত এক অদৃশ্য সেঁতুৰ কাম কৰিব পাৰে ৷ তদুপৰি স্থানীয় লেখক , কবি , সাহিত্যিকসকলৰ বাবেও এয়া বৈঠকৰ স্থান হ’ব পাৰে বুলি তেও আশা প্ৰকাশ কৰে ৷
উল্লেখ্য যে পূৰ্বে লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ জহি খহি গৈছিল ৷ তাৰ পাছতে দীপক পাণ্ডাৰ উদ্যোগত , অসম চৰকাৰৰ সহযোগত ৰসৰাজৰ বাসগৃহৰ পুণৰুজ্জীৱিতকৰণৰ কাম কাজ আৰম্ভ হয় ৷ এই কাম এতিয়াও চলি আছে আৰু কেইটামান দিনৰ ভিতৰতে সেয়া সম্পূৰ্ণ হ’ব ৷