সম্বলপুৰত নতুন ৰূপ পাইছে ৰসৰাজৰ বাসগৃহই

Share This Article

নতুন ৰূপত প্ৰাণ পাই উঠিছে ওড়িশাৰ সম্বলপুৰত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহই ৷ Indian National Trust for Art and Cultural Heritage   নামৰ সংস্থাটোৱে পুৰণি ঘৰটো ধ্বংস নকৰাকৈ ৰসৰাজৰ বাসগৃহক দিছে নতুন ৰূপ ৷

বেজবৰুৱাৰ বাসগৃহৰ নতুন ৰূপ

এই সমগ্ৰ কাম কাজৰ নেপথ্য ব্যক্তি দীপক পাণ্ডাই আজি ছোছিয়েল মেডিয়াৰ জড়িয়তে শ্বেয়াৰ কৰিছে লক্ষ্মীনাথ বেজবৰুৱাৰ নতুন বাসগৃহৰ ফটো ৷ তেও লগতে এই বাসগৃহটো দেশৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰত পৰিণত হ’ব বুলিও আশা প্ৰকাশ কৰে ৷ পাণ্ডাই নিজৰ ফেচবুক পোষ্টত উল্লেখ কৰে যে নিজৰ মাতৃভূমিৰ পৰা দূৰৈত থাকিও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ মাতৃভাষাৰ বুনিয়াদী ভেটি স্থাপন কৰিছিল ৷জন্মভূমিৰ পৰা আঁতৰত থকা প্ৰতিগৰাকী লোকৰ বাবে তেও হ’ব পাৰে আদৰ্শ ৷ লগতে তেওৰ বাসগৃহটোৱেও অসম আৰু উৰিষ্যাৰ মাজত এক অদৃশ্য সেঁতুৰ কাম কৰিব পাৰে ৷ তদুপৰি স্থানীয় লেখক , কবি , সাহিত্যিকসকলৰ বাবেও এয়া বৈঠকৰ স্থান হ’ব পাৰে বুলি তেও আশা প্ৰকাশ কৰে ৷

জহি খহি যোৱা অৱস্থাত ৰসৰাজৰ বাসগৃহ

 

উল্লেখ্য যে পূৰ্বে লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ জহি খহি গৈছিল ৷ তাৰ পাছতে দীপক পাণ্ডাৰ উদ্যোগত , অসম চৰকাৰৰ সহযোগত ৰসৰাজৰ বাসগৃহৰ পুণৰুজ্জীৱিতকৰণৰ কাম কাজ আৰম্ভ হয় ৷ এই কাম এতিয়াও চলি আছে আৰু কেইটামান দিনৰ ভিতৰতে সেয়া সম্পূৰ্ণ হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.