পুষ্টিহীনতাত ভোগা ছোৱালীজনী কেনেকৈ ভাৰতীয় হকী দলৰ অধিনায়ক হ’ল ?

Share This Article

(১)

প্ৰশ্ন-কি হ’ব গুৰুদক্ষিণা?

উত্তৰ- টকিঅ’ৰ পৰা সোণৰ পদক।

অষ্ট্ৰেলিয়াক পৰাভূত  কৰি টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেললৈ নিৰ্বাচিত হ’ল ভাৰতীয় মহিলা হকী দল। ভাৰতীয় হকী দলৰ প্ৰদৰ্শনে  ইতিমধ্য দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিশ্ববাসীৰ । ইয়াৰ লগে লগে চৰ্চিত হৈ পৰিছে ভাৰতীয় হকী দলৰ অধিনায়কগৰাকীও ৷ তেওৰ নাম -ৰাণী ৰামপাল।

২০১০ চনৰ হকী বিশ্বকাপত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় মহিলা হকী দলৰ আটাইতকৈ কণিষ্ঠ খেলুৱৈ গৰাকী আছিল ৰাণী ৰামপাল।  হকী ষ্টিক এডাল কিনাৰ সামৰ্থ্য নথকা এজনী কণমাণিৰ পৰা ভাৰতীয় মহিলা হকী দলৰ কেপ্টেইন হোৱালৈ ৰাণী ৰামপালৰ জীৱন পৰিক্ৰমা যেন চিনেমাৰ কল্প কাহিনীহে ৷  সঁচাকৈ ৰাণীয়ে আজিৰ স্থানত উপনীত হ’বলৈ অতিক্ৰম কৰিছে জীৱনৰ খলা বমা বহু দুৰ্জেয় পথ পৰিক্ৰমা

(২)

বিগত সপ্তাহত হিউমেনছ অফ বোম্বেৰ সৈতে হোৱা এটা সাক্ষাতকাৰত ৰাণীক সোধা হৈছিল- কি বিচাৰে তেওঁ। উত্তৰত ২৬ বছৰীয়া ৰাণীয়ে কৈছিল যে তেওঁৰ হকীৰ যাত্ৰাত কৰা সহায়ৰ বাবে পৰিয়াল আৰু প্ৰশিক্ষকক সেই ঋণ পূৰাব খোজে। তেওঁ কৈছিল- টকিঅ’ত সোণৰ পদক জয় কৰিবলৈ তেওঁ সংকল্পবদ্ধ।

এই একেগৰাকী ৰাণীয়ে এসময়ত জীৱনৰ পৰা পলায়ন কৰিবলৈ বিচাৰিছিল । অভাৱে কোঙা কৰা ঘৰখনত নাছিল বিদ্যুতৰ ব্যৱস্থা। খাবলৈ কেতিয়াবা পাইছিল , কেতিয়াবা নাপাইছিল। অলপমান বৰষুণতে বানপানী হৈছিল ঘৰৰ ভিতৰত। শ্ৰমিক পিতৃ মাতৃয়ে হাজাৰ চেষ্টা কৰিও পূৰণ কৰিব পৰা নাছিল ঘৰখনৰ অভাৱ।

ৰাণী ৰামপালৰ ঘৰৰ ওচৰতে আছিল এখন হকী একাডেমী। ঘন্টাৰ পাছত ঘন্টা খেলুৱৈৰ সকলৰ অনুশীলন চাই বহি ৰৈছিল ৰাণী। খেলিবলৈ প্ৰচণ্ড ইচ্ছা থাকিও কেৱল আৰ্থিক দৈন্যতাৰ বাবে থমকি ৰ’বলগীয়া হৈছিল ৰাণী। দিনে ৮০ টকাকৈ উপাৰ্জন কৰা দেউতাকৰ বাবে হকী ষ্টিক এডাল কিনি দিয়াতো মুখৰ কথা নাছিল। প্ৰশিক্ষকেও প্ৰত্যাখ্যান কৰিছিল ৰাণীৰ ইচ্ছা। কোৱা হৈছিল -ৰাণী পুষ্টিহীনতাত আক্ৰান্ত। দৈনিক অনুশীলনৰ কৰিব পৰাকৈ সক্ষম নহয় ৰাণী ৰামপাল।

কিন্তু ৰৈ যাব খোজা নাছিল ৰাণী ৰামপালে। গুৰুৰ ওচৰত সেয়া আছিল ৰাণীৰ অগ্নিপৰীক্ষা। এডাল ভঙা হকীষ্টিক আৰু এযোৰ চেলোৱাৰ কামিজ পিন্ধি খেল পথাৰত দৌৰি আছিল ৰাণী। প্ৰশিক্ষকৰ ওচৰত নিজকে প্ৰমাণ কৰিবলৈ সংকল্পবদ্ধ আছিল ৰাণী ৰামপাল। অৱশেষত বহু চেষ্টা আৰু অনুৰোধৰ পিছত প্ৰশিক্ষকৰ মন সলনি কৰিবলৈ সক্ষম হৈছিল ৰাণী।

কিন্তু ইয়াতেই শেষ হোৱা নাছিল ৰাণীৰ খেলুৱৈ হোৱাৰ যুঁজখন। ছোৱালীৱে ঘৰৰ কাম কৰিব লাগে। স্কাৰ্ট পিন্ধি ৰাণীক খেলিবলৈ দিবলৈ অমান্তি হৈছিল পৰিয়ালটো।  কিন্তু ৰাণীৰ বহু অনুনয়ৰ পিছত অনিচ্ছা স্বত্বেও অনুমতি দিছিল পৰিয়ালে।

(এই বাতৰি ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক)

(৩)

ৰাতিপুৱা সোণকালে আৰম্ভ হোৱা প্ৰশিক্ষণৰ বাবে ৰাণী ৰামপাল ঘৰত নাছিল ঘড়ী। আকাশলৈ চাই মাকে জগাই দিছিল তাইক। সেইসময়ত ৰাণীৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰত্যেক খেলুৱৈয়ে ৫০০ মিঃলি: গাখীৰ লৈ যোৱাটো আছিল বাধ্যতামূলক। কিন্তু প্ৰতিদিনে ৫০০ মিঃলিঃ গাখীৰ কিনিব নোৱাৰি ২০০ মিঃলিঃ গাখীৰত পানী মিহলাই খাইছিল ৰাণীয়ে।

ৰাণীৰ এই একাগ্ৰতাই সলনি কৰিছিল প্ৰশিক্ষকগৰাকীৰ ধাৰণা। ৰাণীলৈ হকীৰ ষ্টিক, কাপোৰ আৰু জোতা কিনি আনিছিল প্ৰশিক্ষকে। আনকি ৰাণীৰ প্ৰশিক্ষণ আৰু অনুশীলনৰ বাবে প্ৰশিক্ষকজনে নিজৰ ঘৰত থকাৰ ব্যৱস্থা কৰি দিছিল ।

প্ৰথমখন হকী টুৰ্নামেন্ট জিকাৰ পিছত ৰাণীয়ে প্ৰথম বাৰলৈ উপাৰ্জন কৰিছিল ৫০০ টকা। ইমান টকা একেলগে কেতিয়াও দেখা নাছিল দেউতাকে। ৰাণী  তেতিয়াই সংকল্পবদ্ধ হৈছিল যে পৰিয়ালটোক থাকিবলৈ এটা ঘৰ সাজি দিব ৷

এই একাগ্ৰতা আৰু প্ৰচুৰ সাধনাৰ অন্তত ২০১০ চনৰ ১৫ বছৰীয়া ৰাণীলৈ আহিছিল এটা প্ৰস্তাৱ। ভাৰতীয় হকী টীমত ভাগ লোৱাৰ সুযোগ।  কিন্তু সেই সময়তো ৰাণীৰ বিয়াৰ পৰিকল্পনাহে কৰি আছিল আত্মীয়ই। যেন ছোৱালী মাত্ৰেই বিয়াৰ সঁজুলি।

(৪)

“তোমাৰ হৃদয় ক্ষান্ত নোহোৱালৈ খেলি যোৱা” -দেউতাকে এইদৰে কৈছিল  ৰাণীক  । দেউতাকৰ এটা বাক্য আৰু পৰিয়ালৰ সমৰ্থন সাহস হৈ উঠিছিল  ৰাণীৰ বাবে। আৰু আজি ভাৰতীয় হকী দলৰ কেপ্টেইনৰ দায়িত্ব পালন কৰিছে  ৰাণী ৰামপালে।

২০১৭ চনত পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে ৰাণীয়ে। পৰিয়ালৰ বাবে এটা ঘৰ কিনি দিলে ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপালে।

ৰাণীৰ সপোন এতিয়াও শেষ হোৱা নাই। এতিয়া তেওঁৰ লক্ষ্য – টকিঅ’ অলিম্পিকৰ সোণৰ পদক।  পৰিয়ালৰ লগতে দেশবাসীক সোণৰ পদক উপহাৰ দিব বিচাৰে অপ্ৰতিৰোধ্য হকী দলৰ অধিনায়ক ৰাণী ৰামপালে।  তেওঁৰ এই আত্মপ্ৰতিষ্ঠাৰ যুঁজ , এই কন্টকময় যাত্ৰা সকলোৰে বাবে প্ৰেৰণা হোৱা উচিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.