চাপত বেইজিঙ : দক্ষিণ চীন সাগৰত ভাৰতৰ যুদ্ধজাহাজ

Share This Article

বিগত এবছৰ ধৰি ভাৰত – চীনৰ মাজত অব্যাহত আছে সীমাকেন্দ্ৰিক বিবাদ৷ তাৰ মাজতে এইবাৰ বেইজিঙক চাপত ৰখাৰ বাবে আন এক কৌশল হাতত লৈছে নতুন দিল্লীয়ে ৷ এই কৌশল অনুসৰি ভাৰতীয় নৌ-সেনাৰ ইষ্টাৰ্ণ ফ্লিটৰ টাস্ক ফোৰ্চক দক্ষিণ পূৱ এছিয়াৰ দক্ষিণ চীন সাগৰ আৰু প্ৰশান্ত মহাসাগৰীয় এলেকালৈ প্ৰেৰণ কৰা হৈছে ৷ আগষ্ট মাহৰ পৰাই অঞ্চলটোত একাধিক ভাৰতীয় যুদ্ধ জাহাজ মোতায়ন কৰা হৈছে ৷ ভাৰতীয় নৌ –সেনাই এক বিবৃতিত প্ৰকাশ কৰিছে যে এক্ট ইষ্ট পলিচী অনুসৰি একাধিক যুদ্ধ জাহাজ আৰু চাব মেৰিন প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মোতায়ন কৰা হৈছে ৷ এই যুদ্ধ জাহাজৰ ভিতৰত আছে মিছাইল ডেষ্ট্ৰয়াৰ ৰণবিজয় , মিছাইল ফ্ৰিগেট শিবালিক আদিৰ লগতে আন কেবাখনো চাবমেৰিন ৷ অহা দুমাহলৈ উক্ত অঞ্চলত পহৰাৰ দায়িত্বত নিয়োজিত হৈ থাকিব এই যুদ্ধ জাহাজসমূহ ৷

যুটীয়া অনুশীলনৰ প্ৰস্তুতি:

ৰয়েল মালয়েছিয়ান নেভী , ভিয়েটনামৰ নৌ-সেনা , ছিংগাপুৰৰ নৌ –সেনা (ছিম্বেক্স) , ইন্দোনেছিয়াৰ নৌ-সেনা(সমুদ্ৰ শক্তি) আৰু অষ্ট্ৰেলিয়াৰ নৌ-সেনা (অছ-ইনডেক্স)ৰ সৈতে এক যুটীয়া অনুশীলনত অংশগ্ৰহণ কৰিব ভাৰতৰ নৌ-সেনাই ৷একেসময়তে জাপান , অষ্ট্ৰেলিয়া , মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে প্ৰশান্ত মহাসগৰীয় অঞ্চলত মালাবাৰ -২১ নামেৰে এক যুটীয়া অনুশীলনৰ আয়োজনৰ কথাও চিন্তা কৰি আছে ভাৰতে ৷

জলযুদ্ধৰ আখৰা নেকি ?

ভাৰত – প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বাৰম্বাৰ আধিপত্য বিস্তাৰৰ চেষ্টা চলাই আহিছে চীনে ৷ বিশেষকৈ দক্ষিণ চীন সাগৰত বিগত কেবাবছৰ ধৰি সামৰিক আন্ত:গাথঁনি নিৰ্মানৰ কাম কৰি আহিছে বেইজিঙে৷ সমগ্ৰ সাগৰীয় জলৰাশি নিজৰ বুলি দাবী কৰে চীনে ৷ আমেৰিকাইও উক্ত আঞ্চলত আণবিক শক্তি চালিত  যুদ্ধবিমানবাহী জাহাজ প্ৰেৰণ কৰি শক্তি প্ৰদৰ্শন কৰিছে ৷ ড্ৰেগনৰ দেশৰ সাগৰীয় আগ্ৰাসন যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিব বিচাৰে আমেৰিকাই ৷ প্ৰতিক্ৰিয়া হিচাপে জিনপিং চৰকাৰে কেৱল দক্ষিণ চীন সাগৰ নহয় , ভাৰত –প্ৰশান্ত মহাসাগৰীয় অঞ্চলতো কৰ্তৃত্ব স্থাপনৰ চেষ্টা চলাই আহিছে ৷ ইয়াৰ বাবে কেতিয়াবা জাপান , কেতিয়াবা আমেৰিকা , কেতিয়াবা ফিলিপাইনছৰ লগতো সংঘাতত লিপ্ত হৈছে বেইজিঙ ৷ তাৰ মাজতে চীনক চাপত ৰখাৰ নতুন কৌশল লৈছে ভাৰতে ৷ এয়া যুদ্ধৰ আগজাননী নহ’লেও , একপ্ৰকাৰ কূটনৈতিক ৰণনীতি বুলি নিশ্চয় অভিহিত কৰিব পাৰি ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.