মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰে নিয়োগ কৰিব ১ হাজাৰ “সেনা ” ৷ সোমবাৰে বিধানসভাৰ মজিয়াত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সদনত জনসংখ্যা বিষয়ক আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এহেজাৰ সংখ্যালঘু যুৱকক লৈ পপুলেশ্যন কন্ট্ৰ’ল আৰ্মি গঠনৰ কথা ঘোষণা কৰে ৷ তেও কয় যে চৰকাৰে চৰ অঞ্চলত আশাকৰ্মীৰ দৰে আৰু একাংশ অতিৰিক্ত কৰ্মী নিয়োগ কৰিব বিচাৰিছে ৷ চৰাঞ্চলত গৰ্ভনিৰোধক আহিলা পৰ্যাপ্ত কৰিবৰ বাবে ১০ হাজাৰগৰাকী মহিলাক অতিৰিক্ত আশাকৰ্মী হিচাপে নিয়োগ কৰা হ’ব ৷ তদুপৰি জন্ম নিয়ন্ত্ৰণৰ বাবে কাম কাজ কৰিবলৈ চৰ- চাপৰিৰ এহেজাৰ মুছলমান যুৱকক নিয়োজিত কৰা হ’ব ৷ যিয়ে জন্মনিয়ন্ত্ৰণ সন্দৰ্ভত মানুহৰ মাজত সচেতনতা তৈয়াৰ কৰিব ৷ এইদৰে এহেজাৰ মুছলমানক লৈ “জনসংখ্যা নিয়ন্ত্ৰণ সেনা ” গঠনৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ সদনত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জনসংখ্যা বিষয়ক আন আন কেতবোৰ তথ্যও দাঙি ধৰে ৷