মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসমত ১ হাজাৰ সেনা

Share This Article

মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰে নিয়োগ কৰিব ১ হাজাৰ “সেনা ” ৷ সোমবাৰে বিধানসভাৰ মজিয়াত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সদনত জনসংখ্যা বিষয়ক আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এহেজাৰ সংখ্যালঘু যুৱকক লৈ পপুলেশ্যন কন্ট্ৰ’ল আৰ্মি গঠনৰ কথা ঘোষণা কৰে ৷ তেও  কয়  যে চৰকাৰে চৰ অঞ্চলত আশাকৰ্মীৰ দৰে আৰু একাংশ অতিৰিক্ত কৰ্মী নিয়োগ কৰিব বিচাৰিছে ৷ চৰাঞ্চলত গৰ্ভনিৰোধক আহিলা পৰ্যাপ্ত কৰিবৰ বাবে ১০ হাজাৰগৰাকী মহিলাক অতিৰিক্ত আশাকৰ্মী হিচাপে নিয়োগ কৰা হ’ব ৷ তদুপৰি জন্ম নিয়ন্ত্ৰণৰ বাবে কাম কাজ কৰিবলৈ চৰ- চাপৰিৰ এহেজাৰ মুছলমান যুৱকক নিয়োজিত কৰা হ’ব ৷ যিয়ে জন্মনিয়ন্ত্ৰণ সন্দৰ্ভত মানুহৰ মাজত সচেতনতা তৈয়াৰ কৰিব ৷ এইদৰে এহেজাৰ মুছলমানক লৈ “জনসংখ্যা নিয়ন্ত্ৰণ সেনা ” গঠনৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ সদনত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জনসংখ্যা বিষয়ক আন আন কেতবোৰ তথ্যও দাঙি ধৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.