সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

PEGASUS : ৰাহুল গান্ধী , প্ৰশান্ত কিশোৰৰ ফোন কেনেদৰে ৰখা হৈছিল চোৰাংচোৱাৰ নজৰত ?

এটা সৰু সামান্য ছফটৱেৰ ৷ কিন্তু অপোনাৰ ফোনত এবাৰ এই ছফটৱেৰ প্ৰৱেশ কৰাৰ পাছত আপোনাৰ ফোন চোৰাংচোৱাৰ নজৰত বন্দী হৈ পৰে ৷ আপুনি ক’লৈ গৈছে , কাৰ লগত কথা পাতিছে , কি মেছেজ কৰিছে , আপোনাৰ ফোনৰ পৰা কিমান ধনৰ লেনদেন হৈছে –সকলো লাইভ টেলিকাষ্টৰ দৰে আন কোনোবাই চাই থাকিব পাৰে ৷ এনেদৰেই নজৰ ৰখা হৈছিল ভাৰতৰ ৪০ সাংবাদিক ,৩ নেতা , ২ মন্ত্ৰী আৰু কেইগৰাকীমান সামাজিক কৰ্মী , আমোলাৰ মোবাইল ফোনত ৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে এতিয়া দেশৰ ৰাজনীতিত ধুমুহা বলিছে ৷ বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মোদী চৰকাৰক ৷ সোমবাৰে সংসদৰ অধিৱেশনো ফোন টেপিঙৰ ঘটনাক লৈ উত্তপ্ত হৈ থাকে ৷

আচল ঘটনা কি ?

- Donation -

ইজৰাইলী কোম্পেনী NSO য়ে এটা ছফটৱেৰ প্ৰস্তুত কৰে ৷ যাৰ নাম পেগাছাছ ৷ পেগাছাছ এবাৰ আপোনাৰ ফোনত প্ৰৱেশ কৰাৰ পাছত আপোনাৰ সকলো তথ্য হেক হৈ যায় ৷ আপোনাৰ ফোনত ঘটি থকা সকলো কাম – কল , মেছেজ , ফটো , ভিডিও আনকি ফোন অফ থকা অৱস্থাতো কেমেৰাৰ সকলো দৃশ্য পেগাছাছে আপোনাৰ অনুমতি অবিহনে চোৰ কৰি লয় ৷  এই সকলো তথ্য পেগাছাছৰ পৰা লাভ কৰে চোৰাংচোৱা সংস্থা বা চৰকাৰে ৷ইজৰাইলৰ সংস্থাটোৱে সন্ত্ৰাসবাদীৰ কাম কাজৰ ওপৰত চকু ৰাখিবলৈ এই ছফটৱেৰ নিৰ্মান কৰিছিল ৷ এন এছ ওয়ে কেৱল বিভিন্ন ৰাষ্ট্রৰ চৰকাৰকহে পেগাছাছ ছফটৱেৰ বিক্ৰী কৰে ৷ কিন্তু অভিযোগ আছে যে বহু দেশৰ চৰকাৰে নিজ দেশৰ নাগৰিকসকলৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰি আহিছে ৷

পেগাছাছ ফোনত কেনেদৰে প্ৰৱেশ কৰে ?

প্ৰথমতে আপোনাৰ ফোনলৈ অজ্ঞাত উৎসৰ পৰা এটা মেছেজ আহিব ৷ মেছেজত এটা লিংক থাকিব ৷ আপুনি জানি বা নাজানি এই লিংকত ক্লিক কৰি দিয়াৰ পাছত , পেগাছাছ নামৰ ছফটৱেৰটো আপোনাৰ ফোনত ইনষ্টল হৈ যাব ৷ তাৰ পাছত ই আপোনাৰ ফোনৰ গেলেৰী , কললিষ্ট , প্ৰতিটো এপ্লিকেশ্যন আনকি কেমেৰাও হেক কৰি লয় ৷ তাৰ পাছত আপোনাৰ প্ৰতিমুহূৰ্তৰ কাৰ্যকলাপ চোৰাংচোৱা বা চৰকাৰক যোগান ধৰে ৷ এই সকলোবোৰ লাইভ টেলিকাষ্টৰ দৰে আনে চাই থাকিব পাৰে ৷

ঘটনা কেনেদৰে পোহৰলৈ আহিল ?

দুটা এজেন্সী – এমনেষ্টী ইন্টাৰনেচনেল আৰু ফৰবিডেন ষ্ট’ৰীজ ৷ এমনেষ্টী এটা আন্ত:ৰাষ্ট্ৰীয় মানৱধিকাৰ সংস্থা আৰু ফৰবিডেন এক সংবাদ প্ৰতিষ্ঠান ৷ তেওলোকৰ ওচৰলৈ এখন ফোন নম্বৰৰ তালিকা আহিল ৷ এই তালিকাখন বিশ্বৰ বিভিন্ন দেশৰ সংবাদ প্ৰতিষ্ঠানলৈ তেওলোকে প্ৰেৰণ কৰিলে ৷ সমান্তৰালভাৱে এমনেষ্টীৰ ছিকিউৰিটী পৰীক্ষাগাৰত এই নম্বৰসমূহ আৰু নম্বৰ ব্যৱহাৰ কৰা স্মাৰ্টফোনৰ পৰীক্ষা আৰম্ভ হ’ল ৷

যেতিয়া প্ৰথমাৱস্থাত ফোন নম্বৰৰ তালিকাখন প্ৰকাশ পালে তেতিয়া নম্বৰৰ বিপৰীতে কাৰো নাম উল্লেখ নাছিল ৷ কিন্তু বিভিন্ন সংবাদ প্ৰতিষ্ঠানলৈ তালিকাখন প্ৰেৰণ কৰাৰ পাছত সাংবাদিকসকলে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ নাম সংগ্ৰহ কৰে ৷ সংবাদ প্ৰতিষ্ঠানসমূহে ৫০ খন দেশৰ প্ৰায় ১০০০ ফোন নম্বৰৰ গৰাকীক চিনাক্ত কৰি উলিয়ায় ৷ ইয়াৰ ভিতৰত আৰৱৰ শ্বাহী পৰিয়াল , ৬৫ গৰাকী ডাঙৰ ব্যৱসায়ী , ৮৫ গৰাকী মানৱ অধিকাৰ কৰ্মী , ১৮৯ গৰাকী সাংবাদিক , ৬০০ গৰাকীতকৈও অধিক নেতা, চৰকাৰী আমোলা , মন্ত্ৰী আৰু অন্য বিষয়াৰ নম্বৰো আছিল ৷

তাৰ পাছত কি হ’ল ?

ফোন নম্বৰৰ গৰাকী চিহ্ণিত হোৱাৰ পাছত তেওলোকৰ পৰা ফোনৰ ডিভাইছ অৰ্থাৎ হেণ্ডছেটসমূহ সংগ্ৰহ কৰা হ’ল ৷ বহুতে হেণ্ডছেট দিলে , আন বহুতে দিবলৈ অস্বীকাৰ কৰিলে ৷ যিসমূহ  হেণ্ডছেট পৰীক্ষাগাৰত পৰীক্ষা হ’ল , তাৰ ভিতৰত বহুকেইটা হেণ্ডছেটত পেগাছাছ ভাইৰাছৰ উপস্থিতি ধৰা পৰিল ৷আন কেবাটাও হেণ্ডছেটত পেগাছাছ দাখিল কৰিবলৈ চলোৱা প্ৰচেষ্টা ধৰা পৰিল ৷ ইয়াৰ পাছত পৰীক্ষাৰ সকলো তথ্য প্ৰদান কৰা হ’ল ট’ৰেন্টো বিশ্ববিদ্যালয়ৰ চিটিজেন লেবক ৷ চিটিজেন লেবত পুণৰ পৰীক্ষা – নীৰিক্ষা চলাৰ পাছত এইটো নিশ্চিত হ’ল যে সকলো তথ্য সঁচা ৷ ইজৰাইলৰ এন এছ ওয়ে প্ৰস্তুত কৰা পেগাছাছ ছফটৱেৰৰ জড়িয়তে এই ফোন নম্বৰসমূহত চোৰাংচোৱাগিৰি কৰা হৈছিল ৷

কোন কোন দেশত এই কাম চলিছিল ?

ভাৰতৰ বাহিৰেও বাহৰেইন , কাজাকিস্তান , মেক্সিকো , মৰক্কো , ৰাৱাণ্ডা , চৌদী আৰৱ , হাংগেৰী আদি দেশত পেগাছাছৰ জড়িয়তে চোৰাংচোৱাগিৰি কৰাৰ তথ্য অনুসন্ধানত পোহৰলৈ আহিছে ৷

ভাৰতৰ কোন কোন আছে তালিকাত ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেওৰ দুজন সহযোগীৰ নাম আছে এই তালিকাত ৷ তেওলোকৰ ফোনৰ ওপৰত পেগাছাছৰ জড়িয়তে চকু ৰখা হৈছিল ৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আচৰণবিধি উলংঘা কৰাৰ অভিযোগত ক্লীনছীট দিয়া কাৰ্যৰ বিৰোধিতা কৰা প্ৰাক্তণ নিৰ্বাচন আয়ুক্ত অশোক লাভাচাৰ ফোনো অছিল চোৰাংচোৱাৰ নজৰত ৷ ইয়াৰ বাহিৰেও ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ , তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেণাৰ্জী , প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ অনা পৰিয়ালৰ ১১জন সদস্য – সকলোৰে নাম আছে এই তালিকাত ৷ কেৱল চৰকাৰ বিৰোধীয়েই নহয় – বৰ্তমানৰ তথ্য – প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলৰ ফোনো আছিল চোৰাংচোৱাৰ নজৰত ৷ ইয়াৰ বাহিৰেও দ্য ৱায়াৰৰ দুজন সম্পাদক , তিনিগৰাকী সাংবাদিক , হিন্দুস্থান টাইমছ , দ্য ইণ্ডিয়ান এক্সপ্ৰেছ , দ্য হিন্দু আদি কাকতৰ কেবাগৰাকীও সাংবাদিকৰ ফোনত পেগাছাছৰ উপস্থিতি ধৰা পৰিছে ৷ ভাৰতৰ মুঠ ৩০০ লোকৰ ফোন চোৰাংচোৱাৰ নজৰত থকাৰ কথা শেহতীয়া বাতৰিত পোহৰলৈ আহিছে ৷

কোনে কৰিছিল চোৰাংছোৱাগিৰি ?

ভাৰত চৰকাৰৰ তথ্য – প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংসদত কালি বিবৃতি দি ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে কোনো নাগৰিকৰ ফোনত নজৰদাৰী কৰা নাই ৷ইপিনে , পেগাছাছ নিৰ্মান কৰা ইজৰাইলী সংস্থা NSO য়ে স্পষ্ট কৰি দিছে যে তেওলোকে কেৱল কোনো দেশৰ চৰকাৰকহে পেগাছাছ ছফটৱেৰ বিক্ৰী কৰে ৷ চৰকাৰে তাৰ কেনেদৰে তাৰ প্ৰয়োগ কৰিছে , সেয়া NSO ৰ ধৰ্তব্য নহয় ৷ কিন্তু ফোনৰ চোৰাংচোৱাগিৰি সন্দৰ্ভত বিৰোধীৰ ধাৰাবাহিক আক্ৰমণৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন ৷

 

Leave A Reply

Your email address will not be published.