PEGASUS : ৰাহুল গান্ধী , প্ৰশান্ত কিশোৰৰ ফোন কেনেদৰে ৰখা হৈছিল চোৰাংচোৱাৰ নজৰত ?

Share This Article

এটা সৰু সামান্য ছফটৱেৰ ৷ কিন্তু অপোনাৰ ফোনত এবাৰ এই ছফটৱেৰ প্ৰৱেশ কৰাৰ পাছত আপোনাৰ ফোন চোৰাংচোৱাৰ নজৰত বন্দী হৈ পৰে ৷ আপুনি ক’লৈ গৈছে , কাৰ লগত কথা পাতিছে , কি মেছেজ কৰিছে , আপোনাৰ ফোনৰ পৰা কিমান ধনৰ লেনদেন হৈছে –সকলো লাইভ টেলিকাষ্টৰ দৰে আন কোনোবাই চাই থাকিব পাৰে ৷ এনেদৰেই নজৰ ৰখা হৈছিল ভাৰতৰ ৪০ সাংবাদিক ,৩ নেতা , ২ মন্ত্ৰী আৰু কেইগৰাকীমান সামাজিক কৰ্মী , আমোলাৰ মোবাইল ফোনত ৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে এতিয়া দেশৰ ৰাজনীতিত ধুমুহা বলিছে ৷ বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মোদী চৰকাৰক ৷ সোমবাৰে সংসদৰ অধিৱেশনো ফোন টেপিঙৰ ঘটনাক লৈ উত্তপ্ত হৈ থাকে ৷

আচল ঘটনা কি ?

ইজৰাইলী কোম্পেনী NSO য়ে এটা ছফটৱেৰ প্ৰস্তুত কৰে ৷ যাৰ নাম পেগাছাছ ৷ পেগাছাছ এবাৰ আপোনাৰ ফোনত প্ৰৱেশ কৰাৰ পাছত আপোনাৰ সকলো তথ্য হেক হৈ যায় ৷ আপোনাৰ ফোনত ঘটি থকা সকলো কাম – কল , মেছেজ , ফটো , ভিডিও আনকি ফোন অফ থকা অৱস্থাতো কেমেৰাৰ সকলো দৃশ্য পেগাছাছে আপোনাৰ অনুমতি অবিহনে চোৰ কৰি লয় ৷  এই সকলো তথ্য পেগাছাছৰ পৰা লাভ কৰে চোৰাংচোৱা সংস্থা বা চৰকাৰে ৷ইজৰাইলৰ সংস্থাটোৱে সন্ত্ৰাসবাদীৰ কাম কাজৰ ওপৰত চকু ৰাখিবলৈ এই ছফটৱেৰ নিৰ্মান কৰিছিল ৷ এন এছ ওয়ে কেৱল বিভিন্ন ৰাষ্ট্রৰ চৰকাৰকহে পেগাছাছ ছফটৱেৰ বিক্ৰী কৰে ৷ কিন্তু অভিযোগ আছে যে বহু দেশৰ চৰকাৰে নিজ দেশৰ নাগৰিকসকলৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ এই ছফটৱেৰ ব্যৱহাৰ কৰি আহিছে ৷

পেগাছাছ ফোনত কেনেদৰে প্ৰৱেশ কৰে ?

প্ৰথমতে আপোনাৰ ফোনলৈ অজ্ঞাত উৎসৰ পৰা এটা মেছেজ আহিব ৷ মেছেজত এটা লিংক থাকিব ৷ আপুনি জানি বা নাজানি এই লিংকত ক্লিক কৰি দিয়াৰ পাছত , পেগাছাছ নামৰ ছফটৱেৰটো আপোনাৰ ফোনত ইনষ্টল হৈ যাব ৷ তাৰ পাছত ই আপোনাৰ ফোনৰ গেলেৰী , কললিষ্ট , প্ৰতিটো এপ্লিকেশ্যন আনকি কেমেৰাও হেক কৰি লয় ৷ তাৰ পাছত আপোনাৰ প্ৰতিমুহূৰ্তৰ কাৰ্যকলাপ চোৰাংচোৱা বা চৰকাৰক যোগান ধৰে ৷ এই সকলোবোৰ লাইভ টেলিকাষ্টৰ দৰে আনে চাই থাকিব পাৰে ৷

ঘটনা কেনেদৰে পোহৰলৈ আহিল ?

দুটা এজেন্সী – এমনেষ্টী ইন্টাৰনেচনেল আৰু ফৰবিডেন ষ্ট’ৰীজ ৷ এমনেষ্টী এটা আন্ত:ৰাষ্ট্ৰীয় মানৱধিকাৰ সংস্থা আৰু ফৰবিডেন এক সংবাদ প্ৰতিষ্ঠান ৷ তেওলোকৰ ওচৰলৈ এখন ফোন নম্বৰৰ তালিকা আহিল ৷ এই তালিকাখন বিশ্বৰ বিভিন্ন দেশৰ সংবাদ প্ৰতিষ্ঠানলৈ তেওলোকে প্ৰেৰণ কৰিলে ৷ সমান্তৰালভাৱে এমনেষ্টীৰ ছিকিউৰিটী পৰীক্ষাগাৰত এই নম্বৰসমূহ আৰু নম্বৰ ব্যৱহাৰ কৰা স্মাৰ্টফোনৰ পৰীক্ষা আৰম্ভ হ’ল ৷

যেতিয়া প্ৰথমাৱস্থাত ফোন নম্বৰৰ তালিকাখন প্ৰকাশ পালে তেতিয়া নম্বৰৰ বিপৰীতে কাৰো নাম উল্লেখ নাছিল ৷ কিন্তু বিভিন্ন সংবাদ প্ৰতিষ্ঠানলৈ তালিকাখন প্ৰেৰণ কৰাৰ পাছত সাংবাদিকসকলে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ নাম সংগ্ৰহ কৰে ৷ সংবাদ প্ৰতিষ্ঠানসমূহে ৫০ খন দেশৰ প্ৰায় ১০০০ ফোন নম্বৰৰ গৰাকীক চিনাক্ত কৰি উলিয়ায় ৷ ইয়াৰ ভিতৰত আৰৱৰ শ্বাহী পৰিয়াল , ৬৫ গৰাকী ডাঙৰ ব্যৱসায়ী , ৮৫ গৰাকী মানৱ অধিকাৰ কৰ্মী , ১৮৯ গৰাকী সাংবাদিক , ৬০০ গৰাকীতকৈও অধিক নেতা, চৰকাৰী আমোলা , মন্ত্ৰী আৰু অন্য বিষয়াৰ নম্বৰো আছিল ৷

তাৰ পাছত কি হ’ল ?

ফোন নম্বৰৰ গৰাকী চিহ্ণিত হোৱাৰ পাছত তেওলোকৰ পৰা ফোনৰ ডিভাইছ অৰ্থাৎ হেণ্ডছেটসমূহ সংগ্ৰহ কৰা হ’ল ৷ বহুতে হেণ্ডছেট দিলে , আন বহুতে দিবলৈ অস্বীকাৰ কৰিলে ৷ যিসমূহ  হেণ্ডছেট পৰীক্ষাগাৰত পৰীক্ষা হ’ল , তাৰ ভিতৰত বহুকেইটা হেণ্ডছেটত পেগাছাছ ভাইৰাছৰ উপস্থিতি ধৰা পৰিল ৷আন কেবাটাও হেণ্ডছেটত পেগাছাছ দাখিল কৰিবলৈ চলোৱা প্ৰচেষ্টা ধৰা পৰিল ৷ ইয়াৰ পাছত পৰীক্ষাৰ সকলো তথ্য প্ৰদান কৰা হ’ল ট’ৰেন্টো বিশ্ববিদ্যালয়ৰ চিটিজেন লেবক ৷ চিটিজেন লেবত পুণৰ পৰীক্ষা – নীৰিক্ষা চলাৰ পাছত এইটো নিশ্চিত হ’ল যে সকলো তথ্য সঁচা ৷ ইজৰাইলৰ এন এছ ওয়ে প্ৰস্তুত কৰা পেগাছাছ ছফটৱেৰৰ জড়িয়তে এই ফোন নম্বৰসমূহত চোৰাংচোৱাগিৰি কৰা হৈছিল ৷

কোন কোন দেশত এই কাম চলিছিল ?

ভাৰতৰ বাহিৰেও বাহৰেইন , কাজাকিস্তান , মেক্সিকো , মৰক্কো , ৰাৱাণ্ডা , চৌদী আৰৱ , হাংগেৰী আদি দেশত পেগাছাছৰ জড়িয়তে চোৰাংচোৱাগিৰি কৰাৰ তথ্য অনুসন্ধানত পোহৰলৈ আহিছে ৷

ভাৰতৰ কোন কোন আছে তালিকাত ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেওৰ দুজন সহযোগীৰ নাম আছে এই তালিকাত ৷ তেওলোকৰ ফোনৰ ওপৰত পেগাছাছৰ জড়িয়তে চকু ৰখা হৈছিল ৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আচৰণবিধি উলংঘা কৰাৰ অভিযোগত ক্লীনছীট দিয়া কাৰ্যৰ বিৰোধিতা কৰা প্ৰাক্তণ নিৰ্বাচন আয়ুক্ত অশোক লাভাচাৰ ফোনো অছিল চোৰাংচোৱাৰ নজৰত ৷ ইয়াৰ বাহিৰেও ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ , তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেণাৰ্জী , প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ অনা পৰিয়ালৰ ১১জন সদস্য – সকলোৰে নাম আছে এই তালিকাত ৷ কেৱল চৰকাৰ বিৰোধীয়েই নহয় – বৰ্তমানৰ তথ্য – প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ , কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলৰ ফোনো আছিল চোৰাংচোৱাৰ নজৰত ৷ ইয়াৰ বাহিৰেও দ্য ৱায়াৰৰ দুজন সম্পাদক , তিনিগৰাকী সাংবাদিক , হিন্দুস্থান টাইমছ , দ্য ইণ্ডিয়ান এক্সপ্ৰেছ , দ্য হিন্দু আদি কাকতৰ কেবাগৰাকীও সাংবাদিকৰ ফোনত পেগাছাছৰ উপস্থিতি ধৰা পৰিছে ৷ ভাৰতৰ মুঠ ৩০০ লোকৰ ফোন চোৰাংচোৱাৰ নজৰত থকাৰ কথা শেহতীয়া বাতৰিত পোহৰলৈ আহিছে ৷

কোনে কৰিছিল চোৰাংছোৱাগিৰি ?

ভাৰত চৰকাৰৰ তথ্য – প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংসদত কালি বিবৃতি দি ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে কোনো নাগৰিকৰ ফোনত নজৰদাৰী কৰা নাই ৷ইপিনে , পেগাছাছ নিৰ্মান কৰা ইজৰাইলী সংস্থা NSO য়ে স্পষ্ট কৰি দিছে যে তেওলোকে কেৱল কোনো দেশৰ চৰকাৰকহে পেগাছাছ ছফটৱেৰ বিক্ৰী কৰে ৷ চৰকাৰে তাৰ কেনেদৰে তাৰ প্ৰয়োগ কৰিছে , সেয়া NSO ৰ ধৰ্তব্য নহয় ৷ কিন্তু ফোনৰ চোৰাংচোৱাগিৰি সন্দৰ্ভত বিৰোধীৰ ধাৰাবাহিক আক্ৰমণৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.