সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নতুন টীম মোদীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি ?

ক্ষন্তেক পাছতে নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভাৰ ৪৩ গৰাকীকৈ মন্ত্ৰীয়ে শপত ল’ব ৷ ইয়াৰে ২৪ গৰাকী হ’ব নতুন মুখৰ মন্ত্ৰী ৷ বিগত সাত বছৰত এইখনেই হ’ব নৰেন্দ্ৰ মোদীৰ আটাইতকৈ ডাঙৰ মন্ত্ৰীসভা ৷ এই নতুন মন্ত্ৰীসভাৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে –
অভিজ্ঞতা :
• ৪ জন প্ৰাক্তণ মুখ্যমন্ত্ৰী ৷ ১৮ গৰাকী পূৰ্বৰ ৰাজ্যমন্ত্ৰী ৷
• ৩৯ গৰাকী পূৰ্বৰ বিধায়ক ৷ ইয়াৰ ভিতৰত ২৩ গৰাকী এনে সাংসদ যিয়ে একোটা সমষ্টিক ৩ বাৰতকৈ অধিক কাৰ্যকালৰ বাবে প্ৰতিনিধিত্ব কৰিছে ৷
• ৪৬ গৰাকী মন্ত্ৰীৰ কেন্দ্ৰীয় চৰকাৰত পূৰ্বে কাম কৰাৰ অভিজ্ঞতা আছে ৷
শিক্ষা আৰু বয়স :
• ১৩ গৰাকী উকীল , ৬ গৰাকী চিকিৎসক , ৫ গৰাকী অভিযন্তা, ৭ গৰাকী পূৰ্বৰ আমোলা ৷শপত ল’বলগীয়া ৪৩ মন্ত্ৰীৰ ৩১ গৰাকী উচ্চশিক্ষিত ৷
• নতুন টীম মোদীৰ গড় বয়স ৫৮ ৷ ১৪ গৰাকীৰ বয়স ৫০ বছৰতকৈ কম ৷
• ১১ গৰাকী মহিলা ৷ ২ গৰাকীয়ে পাব কেবিনেট মৰ্যদা ৷
জাতীয় সমীকৰণ :
• সংখ্যালঘু সম্প্ৰদায়ৰ ৫ মন্ত্ৰী ৷ ১ জন মুছলমান , ১ জন শিখ , ১ জন খ্ৰীষ্টিয়ান , ২ জন বৌদ্ধ ৷
• ২৭ গৰাকী অ’ বি চি ৷ ইয়াৰে ৫ গৰাকীয়ে পাব কেবিনেট মৰ্যদা ৷
• ৮ গৰাকী এছ টি ৷ ৩ গৰাকীয়ে পাব কেবিনেট মৰ্যদা ৷
• ১২ গৰাকী এছ চি ৷ ২ গৰাকীয়ে পাব কেবিনেট মৰ্যদা ৷
প্ৰমোচন :
৭ গৰাকী ৰাজ্যিক মন্ত্ৰীয়ে কেবিনেট মৰ্যদা লাভ কৰিব৷ তেওলোক হ’ল – অনুৰাগ ঠাকুৰ , জে কিষান ৰেড্ডী , মনসুখ মাণ্ডবিয়া , কিৰণ ৰিজিজু , আৰ কে সিঙ , হৰদ্বীপ সিঙ পুৰী , পুৰুষোত্তম ৰূপালা ৷

Leave A Reply

Your email address will not be published.