সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমত কিয় , কোনে বলবৎ নকৰে মাইক্ৰ’ফাইনেন্স ৰেগুলেশ্যন আইন ?

নাহৰকটীয়াৰ দুহেজাৰ মহিলাই হাতেবোৱা দুহেজাৰ গামোচা উপহাৰ দিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ৷ জনসংযোগ বিভাগে প্ৰকাশ কৰা বিবৃতি অনুসৰি মইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পাছত এইদৰেই গামোচাৰে মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে নাহৰকটীয়াৰ মহিলাসকলে ৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইক লৈ অসমৰ একাংশ মহিলাই যদি এনেদৰে মুখ্যমন্ত্ৰীক গামোচা প্ৰদান কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছে , আন এচামে আকৌ প্ৰতাৰণাৰ অভিযোগ তুলি ৰাজপথৰ আন্দোলনত নামিছে ৷
গামোচা উপহাৰ দিয়া মহিলাসকলৰ যুক্তি – প্ৰকৃত ঋণগ্ৰস্থসকলক অগ্ৰাধিকাৰ দি অসম চৰকাৰে উচিত সিদ্ধান্ত লৈছে ৷ কিন্তু অসন্তুষ্ট মহিলাসকলৰ অভিযোগ হ’ল -নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে অসমৰ প্ৰতিগৰাকী মহিলাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ’ব ৷ এনেদৰে বিজেপিয়ে ভুৱা প্ৰতিশ্ৰুতিৰে ভোট আদায় কৰিলে আৰু শাসনলৈ অহাৰ পাছতে ওলোটা খৰ মাৰিছে ৷ এনে বাদ বিবাদৰ মাজত তল পৰি ৰৈছে আন এটা প্ৰসংগ ৷ ড: হিমন্ত বিশ্ব শৰ্মাই কেৱল নিৰ্বাচনৰ সময়ত মুখেৰেই মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি দিয়া নাছিল ৷ নিৰ্বাচনৰ আগতেই মাইক্ৰ’ফাইনেন্সৰ ঋণৰ বোজাৰ পৰা মহিলাসকলক সকাহ দিবলৈ প্ৰণয়ন কৰিছিল এখন বিশেষ আইন ৷ ২০২০ চনৰ ৩০ ডিচেম্বৰত অসম বিধানসভাত গৃহীত হোৱা আইনখন হ’ল দ্য আছাম মাইক্ৰ’ফাইনেন্স ইন্সটিটিউশ্যন ৰেগুলেশ্যন অৱ মানি লেণ্ডিঙ এক্ট ৷ ২৭ জানুৱাৰীত এই আইনখনত ৰাজ্যপালে অনুমোদন জনায় ৷কিন্তু ৬ টা মাহ অতিক্ৰম কৰাৰ পাছতো আইনখন আজিলৈ ৰাজ্যত প্ৰয়োগ কৰা নহ’ল ৷ হয়তো আইনখন প্ৰয়োগ কৰা হ’লে ঋণ ৰেহাইৰ দাবীত অসমৰ মহিলাসকল প্ৰতিবাদমুখৰ হ’বলগীয়া নহ’লহেতেন ৷ বা গামোচা উপহাৰ ল’বলগীয়া পৰিস্থিতিৰো উদ্ভৱ নহ’লহেঁতেন ৷ আইন প্ৰয়োগ হ’লেই অত্যাধিক ঋণৰ বোজাত ককবকাই থকা মহিলাসকলে নিজে নিজে সকাহ পালেহেঁতেন ৷ কিন্তু কেনেকৈ ? কি লিখা আছে দ্য আছাম মাইক্ৰ’ফাইনেন্স ইন্সটিটিউশ্যন ৰেগুলেশ্যন অৱ মানি লেণ্ডিঙ এক্টত?
আছাম মাইক্ৰ’ফাইনেন্স ইন্সটিটিউশ্যন ৰেগুলেশ্যন অৱ মানি লেণ্ডিঙ এক্টৰ ১৩ নং অনুচ্ছেদৰ দফা ৬ অনুসৰি মাইক্ৰ’ফাইনেন্স কোম্পেনীসমূহে ঋণগ্ৰস্থৰ ঘৰে ঘৰে গৈ নহয় , জিলা উপায়ুক্তই নিৰধাৰণ কৰি দিয়া গাও পঞ্চায়তৰ কাৰ্যালয় বা অন্য কোনো ৰাজহুৱা স্থানতহে ঋণৰ কিস্তি সংগ্ৰহ কৰিব পাৰিব ৷ আইনখনৰ ১৪ নং অনুচ্ছেদৰ ১ আৰু ২ নং দফা মতে মাইক্ৰ’ফাইনেন্স কোম্পেনী বা কোম্পেনীৰ এজেন্টে ঋণ আদায়ৰ নামত কাকো হাৰাশাস্তি কৰিব নোৱাৰিব ৷যদি কৰে তেনেহ’লে ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১লাখ টকাৰ জৰিমনা হ’ব ৷ আইনখনৰ এই দুটা দফা সঠিকভাৱে ৰূপায়ন হ’লেই অসমৰ মহিলাসকলে মাইক্ৰ’ফাইনেন্স কোম্পেনীৰ হাৰাশাস্তিৰ পৰা ৰেহাই পালেহেঁতেন ৷ যিদৰে অন্ধ্ৰপ্ৰদেশৰ ঋণী পৰিয়ালসমূহক সকাহ দিয়া হৈছিল ৷ অন্ধ্ৰপ্ৰদেশতো এসময়ত অসমৰ দৰেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ মাইক্ৰ’ফাইনেন্সৰ ঋণৰ বোজা সহিব নোৱাৰি , কোম্পেনীৰ হাৰাশাস্তিৰ সন্মুখীন হৈ বহু লোকে আত্মহত্যা কৰিবলগীয়া পৰিৱেশ আহি পৰিছিল ৷ তেতিয়াই তাৰ চৰকাৰে অন্ধ্ৰপ্ৰদেশ মাইক্ৰ’ফাইনেন্স ইন্সটিটিউশ্যন ৰেগুলেশ্যন অৱ মানি লেণ্ডিঙ এক্ট ,২০১১ বলবৎ কৰে ৷ ইয়াৰ পাছৰে পৰা ৰাজ্যখনৰ ঋণী পৰিয়ালসমূহে এক বৃহৎ সকাহ পায় আৰু ঋনৰ কিস্তি দিব নোৱাৰা পৰিয়ালসমূহে কোম্পেনীৰ হাৰাশাস্তিৰ পৰা নিজে নিজে ৰেহাই পায় ৷ অসমতো অন্ধ্ৰৰ আৰ্হিৰে প্ৰণয়ন কৰা হৈছিল আছাম মাইক্ৰ’ফাইনেন্স ইন্সটিটিউশ্যন ৰেগুলেশ্যন অৱ মানি লেণ্ডিঙ এক্ট ৷ অথচ যোৱা ছমাহে এই আইনখন বলবৎ কৰা নহ’ল ৷ ইয়াৰ সলনি ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ অংকহে কৰা হ’ল ৷ আজি ঋণ ৰেহাইৰ বাবে চৰকাৰে লোৱা নীতিক সমৰ্থন জনাই দুহেজাৰ মহিলাই মুখ্যমন্ত্ৰীগৰাকীক গামোচা পিন্ধাইছে ঠিকেই কিন্তু ইতিমধ্যে প্ৰণয়ন হোৱা আইনখন সঠিকভাৱে বলবৎ কৰিলে প্ৰতিটো ঋণী পৰিয়ালেই চৰকাৰৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লহেঁতেন ৷ ঋণ ৰেহাইৰ নামত ৰাজকোষৰ ধন ব্যয় কৰিবলগীয়া পৰিস্থিতিও আহি নপৰিলহেঁতেন ৷ কিন্তু কি অংকত , কাৰ স্বাৰ্থত আজিও আছাম মাইক্ৰ’ফাইনেন্স ইন্সটিটিউশ্যন ৰেগুলেশ্যন অৱ মানি লেণ্ডিঙ এক্ট ৰাজ্যত বলবৎ কৰা হোৱা নাই , সেয়া এক নুবুজা সাথৰ হৈ পৰিছে ৷

Leave A Reply

Your email address will not be published.