সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নাগালেণ্ডৰ সেনাৰ গুলীত নিহত ১২ নিৰীহ লোক

সেনা বাহিনীৰ গুলীত নিহত হ’ল নাগালেণ্ডৰ ১২ গৰাকী নীৰিহ নাগৰিক ৷ নাগালেণ্ডৰ মন জিলাত সেনাৰ সন্ত্ৰাসদমন অভিযানৰ সময়ত এই দুৰ্ভাগ্যজনক ঘটনাতো সংঘটিত হয় ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি মন জিলাত ভুলবশত: সেনাই গুলীচালনা কৰাত ১২ জন নীৰিহ লোকৰ মৃত্যু ঘটে ৷ আনহাতে এজন সেনা জোৱানো এই ঘটনাত নিহত হয় ৷ স্হানীয় লোকে সদৰী কৰা মতে এখন পিক আপ ভানত ওটিঙ গাঁৱৰ কিছু লোক সন্ধিয়া সময়ত ঘৰলৈ ঘূৰি গৈ আছিল৷ তেওলোকক সন্ত্ৰাসবাদী বুলি ভাবি সেনা বাহিনীয়ে গুলীচালনা কৰে ৷ ইফালে , নিশা দেৰিলৈকে ঘৰলৈ উভতি নোযোৱাত এই লোককেইজনক গাঁৱৰ আন মানুহে বিচাৰি আহে ৷ তাৰ পাছত এখন ট্ৰাকৰ তলত উদ্ধাৰ হয় মৃতদেহকেইটা ৷ পুলিচ সূত্ৰৰ মতে তিৰু – ওটিঙ সীমান্তত সেনাই তহল দি থকা সময়ত স্থানীয় লোকসকলে বাধা প্দান কৰে ৷ প্ৰতিৰোধ ওফৰাবলৈ সেনাই গুলীচলনা কৰে ৷ তাতেই গাঁৱৰ লোকসকল উত্তেজিত হৈ উঠে আৰু সেনাৰ গাড়ীত অগ্নিসংযোগ কৰে ৷ যাৰ বাবে আত্মৰক্ষাৰ বাবে সেনাই গুলী চলাবলগীয়া হয় ৷
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিও ৰিওয়ে এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে উচ্চ পৰ্যায়ৰ তদন্ত হ’ব বুলি ঘোষণা কৰিছে ৷ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহেও এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে এছ আই টি গঠন কৰা হ’ব বুলি ঘোষণা কৰিছে ৷

Leave A Reply

Your email address will not be published.