এটা শ্লগান আছিল বৃহৎ নদীবান্ধ নবন্ধাও,ঠিক তেনেকৈ আন এটা শ্লগান আছিল যে বৃহৎ নদীবান্ধ বন্ধাবলৈ নিদিওঁ।

Share This Article

এটা শ্লগান আছিল অসম আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ আৰু আনটো শ্লগান আছিল অসমৰ জাতীয়তাবাদী দল সংগঠনৰ।কিন্তু এই সকলোবোৰৰ অন্তত এতিয়া কাৰ্যক্ষমৰ দিশে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প।গুৱাহাটীত উপস্থিত হৈ ২০২২ চনৰ আগষ্ট মাহৰ পৰা বিদ্যুৎ উৎপাদনৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে।চলিত বছৰৰ ১২ নৱেম্বৰৰ লৈকে বৃহৎ নদীবান্ধটোৰ নিৰ্মান কাৰ্য ৮৬ শতাংশ সমাপ্ত হৈছে।২০০০ মেগাৱত শক্তি সম্পন্ন বৃহৎ নদীবান্ধটোৰ পৰা আগষ্টত ৫০০ মেগাৱট বিদ্যুৎ উৎপাদন কৰি পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে উৎপাদন বৃদ্ধি কৰা হ’ব।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এই ঘোষণাই বৃহৎ নদীবান্ধটোৰ বিৰুদ্ধে দল-সংগঠনে অব্যাহত ৰখা আন্দোলনক মূল্যহীন কৰিলে।নদীবান্ধৰ পৰা নামনি অঞ্চলত থকা জনসাধাৰণৰ ওপৰত পৰিব লগীয়া বিৰূপ প্ৰভাৱৰ কথা এতিয়া গৌণ হৈ পৰিল।ইয়াৰ বিপৰীতে এই নদীবান্ধৰ জৰিয়তে অসমৰ পৰিবৰ্তে চুবুৰীয়া অৰুণাচল প্ৰদেশ অধিক লাভান্বিত হব।কিয়নো প্ৰকল্পস্থলী হিচাপে NHPC য়ে অৰুণাচল প্ৰদেশক বিশেষ মান্যতা প্ৰাদন কৰিছে।সেয়ে প্ৰকল্পথলী হিচাপে মান্যতা লাভ কৰা অৰুণাচলক NHPC য়ে উৎপাদিত মুঠ বিদ্যুতৰ পৰা ১৩ শতাংশ দিব লাগিব বিনামূলীয়াকৈ।অৰ্থাৎ অৰুণাচলে ২৬২ মেগাৱট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিৱ।সিমান্তৱৰ্তী ৰাজ্য হিচাপে অসমে বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব মুঠ ১.২৫ শতাংশ অৰ্থাৎ ২৫ মেগাৱত।ইয়াৰ বিপৰীতে NHPC ৰ লগত হোৱা বুজাবুজি চুক্তি অনুসৰি অসমে NHPC ৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব ২০৮ মেগাৱট।আন ৩০০ মেগাৱট বিদ্যুৎ NHPC ৰ পৰা কেন্দ্ৰীয় চৰকাৰে লাভ কৰিবলগীয়া অংশৰ পৰা অসমে ক্ৰয় কৰিব।অৰ্থাৎ ২০০০ মেগাৱট শক্তিসম্পন্ন নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে মুঠ ৫৩৩ মেগাৱট বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ’ব যদিও ইয়াৰ ভিতৰত মাত্ৰ ২৫ মেগাৱট বিদ্যুৎহে বিনামূলীয়াকৈ লাভ কৰিব।বাকী ৫০৮ মেগাৱটৰ ক্ষেত্ৰত দিছ্পুৰে নিৰ্ধাৰিত পৰিমাণৰ ধন আদায় দিব লাগিব।কিন্তু ইয়াৰ বিপৰীতে অৰুণাচলে বিনামূলীয়াকৈ লাভ কৰিব ২৬২ মেগাৱট বিদ্যুৎ।উল্লেখযোগ্য যে প্ৰায় ১৮ খন ৰাজ্যক বৃহৎ মুনাফাৰ বিনিময়ত বিদ্যুৎ যোগান ধৰিব লগীয়া এই প্ৰকল্পৰ পৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হব অসমৰ জনতা।NHPC আৰু কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছত অসমৰ দল সংগঠন আৰু ৰাইজৰ প্ৰতিক্ৰিয়া কি হয় সেয়া লক্ষণীয় হব।


 

সবিশেষ বাতৰিৰ বাবে ইয়াত ক্লিক কৰক ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.