ইউনাইটেড আৰৱ এমিৰেটচত চলি থকা টি-২০ বিশ্বকাপৰ মহাৰণত পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয় বৰণ কৰাৰ পিছত আফগানিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিলে বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়াই। এই মেচখনত জয়লাভ কৰাৰ লগে লগে এইবাৰৰ বিশ্বকাপত প্ৰথমটো জয়ৰ সোৱাদ লাভ কৰে ভাৰতে। উল্লেখ্য যে দুখনকৈ মেচত ধাৰাবাহিক ব্যৰ্থতাৰ পিছত ফৰ্মলৈ ঘূৰি অহা ৰোহিত শৰ্মাৰ দুৰ্দান্ত ৭৪ ৰাণ আৰু কে এল ৰাহুলৰ ৬৯ ৰাণৰ সহায়ত আফগানিস্তানৰ সন্মুখত ২১১ ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিছিল ভাৰতে। প্ৰত্যুত্তৰত মহম্মদ ছামীৰ তিনিটা উইকেটৰ বিনিময়ত ১৪৪ ৰাণতে ইনিংছ সামৰে আফগানিস্তানে। ফলত আফগানিস্তানৰ বিপক্ষে ৬৬ ৰাণৰ ব্যৱধানত জয়ী হয় ভাৰত। এই ৰাণৰ ব্যৱধানে বিশেষ ভাৱে লাভান্বিত কৰিছে ভাৰতক।
আফগানিস্তানৰ বিৰুদ্ধে ৬৬ ৰাণত জয়ী হোৱাৰ পিছতে ভাৰতৰ নেট ৰাণ ৰেট প’জিটিভলৈ আহিছে। দেশৰ পূৰ্বৰ মাইনাচ 1.609 নেট ৰাণ ৰেটৰ বিপৰীতে বৰ্তমান ভাৰতৰ নেট ৰাণ ৰেট হৈছে 0.073। অৰ্থাৎ এতিয়াও ছেমিফাইনেলৰ আশা মাৰ যোৱা নাই ভাৰতৰ। কিন্তু কেনেকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰিব ভাৰতে? কোনটো দল জয়ী হ’লে বা কোনটো দল পৰাজিত হ’লে লাভান্বিত হব ভাৰত?
ভাৰতক বিশ্বকাপৰ যিটো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে সেই গ্ৰুপটোৰ পৰা ইতিমধ্যেই পাকিস্তানৰ ছেমিফাইনেল গমন নিশ্চিত হৈছে। গতিকে এই গ্ৰুপটোৰ পৰা আৰু এটা দলহে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। এই গ্ৰুপটোত বৰ্তমানো ছেমিফাইনেলৰ দৌৰত থকা দল কেইটা হৈছে নিউজিলেণ্ড, ভাৰত আৰু আফগানিস্তান। ইয়াৰ ভিতৰত নিউজিলেণ্ডে ইতিমধ্যেই ৩ খন খেলৰ দুখনত জয়লাভ কৰি ভাৰতৰ ছেমিফাইনেল প্ৰৱেশৰ পথত হেঙাৰ ৰূপে থিয় দিছে। ইফালে ৪ খন মেটচৰ ২খনত জয় লাভ কৰি আফগানিস্তানেও সংগ্ৰহ কৰিছে ৪ পইন্ট। গতিকে ভাৰতৰ বাবে ছেমিফাইনেল যাত্ৰা হব যথেষ্ট কঠিন আৰু কণ্টকময়। ছেমিৰ বাবে যোগ্যতা অৰ্জনৰ কাৰণে ভাৰতৰ সমুখত আছে বহুকেইটা চৰ্ত।
নিউজিলেণ্ড আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হব লগীয়া খেলখন ভাৰতৰ বাবে নিৰ্ণায়ক আৰু গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ভাৰতক ছেমিফাইনেলত প্ৰৱেশৰ বাবে ভাৰতে প্ৰথমে স্কটলেণ্ড আৰু নামিবিয়াৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত কৰিব লাগিব। অকল এয়াই নহয় অহা ৭ নৱেম্বৰত আফগানিস্তানে নিউজিলেণ্ডক পৰাজিত কৰিলেহে ভাৰতৰ ছেমিফাইনেল প্ৰৱেশৰ পথ মসৃণ হব। অৱশ্যে ভাৰতৰ ছেমিফাইনেল প্ৰৱেশৰ বাবে আছে আৰু কেইবাটাও চৰ্ত। নিউজিলেণ্ডে যদিহে কালি নামিবিয়াক পৰাজিত কৰে আৰু ৭ তাৰিখে আফগানিস্তানৰ বিৰুদ্ধে পৰাস্ত হয় তেতিয়া ভাৰত, নিউজিলেণ্ড আৰু আফগানিস্তান তিনিওটা দলৰ পইণ্ট হব ছয়। ইয়াৰ পিছত যিটো দলৰ ৰাণ ৰেট বেছি হব সেই দলটোৱে ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰিব। সেইবাবেই নামিবিয়া আৰু স্কটলেণ্ডৰ বিৰুদ্ধে ভাৰতে বৃহৎ ব্যৱধানত জয় লাভ কৰাটো জৰুৰী ৷কাৰণ নিউজিলেণ্ড আৰু আফগানিস্তানৰ ৰাণৰেট এতিয়া ভাৰততকৈ যথেষ্ট বেছি। বৰ্তমান আফগানিস্তানৰ ৰাণ ৰেট হৈছে +1.481 আৰু নিউজিলেণ্ডৰ ৰাণ ৰেট হৈছে +0.816। এতিয়া ভাৰতীয় জনসাধাৰণে আশা কৰিছে যে শুকুৰবাৰে নিউজিলেণ্ডে নামিবিয়াক আৰু ৭ তাৰিখে আফগানিস্তানে নিউজিলেণ্ডক কম ব্যৱধানত পৰাস্ত কৰক। নামিবিয়াক পৰাস্ত কৰিবলৈ কিৱি বাহিনীক ফেভাৰিট বুলি ধৰা হৈছে। কিন্তু যদি নিউজিলেণ্ডে ৭ তাৰিখে আফগানিস্তানকো পৰাস্ত কৰে তেন্তে ভাৰতৰ এইবাৰৰ টি-২০ বিশ্বকাপৰ যাত্ৰা ইমানতে সমাপ্ত হ’ব। কিয়নো নিউজিলেণ্ডে সেই দুখন মেটচত জয়লাভ কৰিলে ৮ পইণ্ট লাভ কৰিব। কিন্তু ইয়াৰ বিপৰীতে ভাৰতে এইবাৰৰ বিশ্বকাপত বাকী থকা আটাইকেইখন গ্ৰুপ মেটচত জয়লাভ কৰিলেও সৰ্বাধিক ছয় পইণ্টহে সংগ্ৰহ কৰিব পাৰিব। সেয়েহে ৭ নৱেম্বৰৰ আফগানিস্তান-নিউজিলেণ্ডৰ মেচখন হব ভাৰতৰ বাবে নিৰ্ণায়ক। এই মেচখনত আফগানিস্তান জয়ী হোৱাটো ভাৰতৰ বাবে জৰুৰী যদিও কম ব্যৱধানত জয়ী হোৱাটো তাতোকৈয়ো জৰুৰী। ভাৰতে বাকী থকা মেটচ দুখনত নামিবিয়া আৰু স্কটলেণ্ডৰ বিৰুদ্ধে সহজেই বৃহৎ ব্যৱধানত জয়লাভ কৰিব বুলি আশা কৰা হৈছে। গতিকে এনে সমীকৰণেৰে বিশ্বকাপ আগবাঢ়িলেই ভাৰতে প্ৰৱেশ কৰিব ছেমিফাইনেলত।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post