ভাৰতক দু:শ্চিন্তাত পেলোৱা চীনৰ নতুন সীমা আইনত কি আছে ?

Share This Article

অৰুণাচল সীমান্তৰ বিবাদমান ভূমিত চীনে নিৰ্মান কৰিছে ১০০ টা ঘৰ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে ভাৰতক চিন্তাত পেলাইছে ৷ কিন্তু একেসময়তে চীনে প্ৰণয়ন কৰিছে নতুন সীমা আইন ৷এই আইনো ভাৰতৰ বাবে দু:শ্চিন্তাৰ কাৰণ হৈ পৰিছে ৷
কি আছে চীনৰ নতুন সীমা আইনত ?
চীনে বিশ্বৰ ১৪ খন দেশৰ লগত ২২ হাজাৰ কিলোমিটাৰ সীমাৰ ভাগবতৰা কৰে ৷ ইয়াৰে ১২ খন দেশৰ লগত দীৰ্ঘদিন ধৰি চলি অহা বিবাদ শেহতীয়াকৈ চীনে মিমাংসা কৰিছে ৷ ইয়াৰ বাবে যোৱা ১৪ অক্টোবৰত দেশখনে থ্ৰী ৰোডমেপ শীৰ্ষক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে ৷ কিন্তু ভাৰতেই একমাত্ৰ দেশ , যাৰ লগত চীনৰ সীমা বিবাদ ক্ৰমাৎ বৃদ্ধি পাই আহিছে ৷ ভাৰতৰ পূৱ লাডাখ আৰু অৰুণাচল সীমান্তত চীনৰ আগ্ৰাসনক লৈ বিগত সময়ছোৱাত কেবাটাও সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে ৷ ইয়াৰ সমাধানৰ বাবে কামাণ্দাৰ পৰ্যায়ত কেবালানি বৈঠক অনুষ্ঠিত হৈছে যদিও ইয়াৰ কোনো মিমাংসা হোৱা নাই ৷ ইয়াৰ মাজতে প্ৰথমবাৰৰ বাবে নতুন সীমা আইন প্ৰনয়ন কৰি চীনে নিজৰ দেশখনৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ কথা উল্লেখ কৰিছে ৷ এই আইনত উল্লেখ কৰা হৈছে যে সীমান্তত যুদ্ধ সদৃশ পৰিস্থিতি সৃষ্টি হ’লে চীনে সেই সীমান্ত বন্ধ কৰি দিব পাৰিব ৷ লগতে সংঘাতপূৰ্ণ সীমান্তত স্থায়ী নিৰ্মান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে ৷ ইয়াৰ বাবে পৰ্যাপ্ত সহযোগিতা আগবঢ়োৱাৰ কথাও নতুন আইনখনত উল্লেখ আছে ৷ এই আইন অনুসৰি সীমান্তৰ সুৰক্ষা শক্তিশালী কৰাৰ লগতে সীমান্ত অঞ্চলত সামাজিক সেৱা বৃদ্ধিৰ পোষকতাও কৰা হৈছে ৷
চীনৰ নতুন সীমা আইনে ভাৰতক চিন্তাত পেলাব নেকি ?
চীনে ১৯৬৩ চনত পাকিস্তানৰ লগত এখন সীমা চুক্তি স্বাক্ষৰ কৰিছিল ৷ সেই চুক্তি যদিও অস্থায়ী আছিল আজিৰ তাৰিখত পাকিস্তান আৰু চীনৰ মাজৰ বন্ধুত্ব গোপন হৈ থকা নাই ৷ আন দেশ সমুহৰ লগতো সীমা সন্দৰ্ভত চীন এক বুজাবুজিত উপনীত হৈছে ৷ বাকী থাকিল কেৱল ভূটান আৰু ভাৰত ৷ভূটানৰ লগতো আলোচনাৰ মাজেৰে সমাধানৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে চীনে ৷ ইয়াৰ পাছত চীনৰ নতুন সীমা আইনে ভাৰতৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ সম্ভাৱনাই সৰ্বাধিক ৷চীনৰ এই নতুন আইনখন কেৱল স্থল সীমান্তৰ বাবেহে প্ৰস্তুত কৰা হৈছে ৷ ইয়াত জলপথৰ কোনো উল্লেখ নাই ৷ বিশেষজ্ঞসকলৰ মতে এই আইনখনত মূল দুটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷ সেয়া হ’ল সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষা আৰু সীমান্তৰ বিকাশ ৷ তদুপৰি সীমান্তৱৰ্তী অঞ্চল হিচাপে উল্লেখ কৰা বিষয়টোক সন্দেহৰ চকুৰে চাইছে ভাৰতৰ কেবাগৰাকীও আন্তৰ্জাতিক সম্পৰ্কৰ বিশেষজ্ঞই ৷ কিয়নো কেৱল সীমান্তই নহয় , সীমান্তৰ ওচৰ পাজৰেও নিৰ্মান আৰু বিকাশৰ কথা কোৱা হৈছে এই আইনখনত ৷ সহজ ভাষাত বুজিবলৈ হ’লে এই আইন অনুসৰি চীনে সীমান্তৱৰ্তী অঞ্চলসমূহত নতুন নতুন চহৰ স্থাপন কৰিব ৷ এই চহৰসমূহলৈ ৰেলসেৱা , বিজুলী সংযোগ আদি সুবিধাৰো সম্প্ৰসাৰণ কৰা হব ৷ ইয়াৰ পূৰ্বেও তিব্বত আৰু ভাৰত সীমান্তত চীনে নতুন গাও নিৰ্মানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ৷ ২০২০ চনৰ শেষলৈ কেৱল তিব্বত সীমান্তত চীনে ৬০০ খন গাও স্থাপন কৰাৰ লগতে ১৩০ টা পথ নিৰ্মান কৰিছিল ৷অৰুণাচল সীমান্ততো একেই প্ৰচেষ্টা অব্যাহত ৰাখিছে দেশখনে ৷ তাতকৈ এখোপ আগলৈ গৈ চীনে এইবাৰ সীমান্তত চহৰ নিৰ্মানৰ বাবে আইন প্ৰনয়ন কৰিছে ৷ ভাৰতৰ বাবে স্বাভাৱিকতে এয়া দু:শ্চিন্তাৰ কাৰণ ৷

ভাৰত – চীনৰ মাজত কিয় চলি আহিছে সীমা বিবাদ ?
ভাৰত আৰু চীনৰ মাজত মুঠ ৩৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা আছে ৷ জন্মু কাশ্মীৰ , হিমাচল প্ৰদেশ , উত্তৰাখণ্ড , ছিকিম আৰু অৰুণাচল প্ৰদেশ এই সীমাৰ লগত সংযুক্ত হৈ আছে ৷ কিন্তু দীৰ্ঘদিনীয়া বিবাদৰ বাবে দেশ দুখনৰ মাজত আজিলৈ স্থায়ী সীমা নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই ৷ সীমান্তৰ স্থিতাৱস্থা বাহাল ৰাখিবৰ বাবে ‘লাইন অৱ কন্ট্ৰোলৰ’ ব্যৱহাৰ কৰা হয় ৷ অথচ চীনে প্ৰায়ে লাইন অৱ কন্ট্ৰোল উলংঘা কৰা দেখা যায় ৷ ইয়াৰ প্ৰত্যুত্তৰত চীন সীমান্তৰ ৩৮১২ কিলোমিটাৰ দৈৰ্ঘৰ পথ নিৰ্মানৰ বৃহৎ প্ৰকল্প হাতত লৈছে ভাৰতে ৷ তাৰ পাছতে চীনে নতুন আইন প্ৰনয়ন কৰি সীমান্তত চহৰ নিৰ্মানৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে ৷ এই ঘটনাই দুয়োখন দেশৰ মাজত উত্তেজনা অধিক বৃদ্ধি কৰাটো নিশ্চিত ৷তাৰ মাজতে অৰুণাচলৰ সোৱণশিৰি জিলাৰ কাষত চীনে গাও নিৰ্মান কৰাৰ বাতৰি প্ৰকাশ কৰিছে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.