সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও

Share This Article

চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ পূৰ্বে অৰুণাচল সীমান্তত চীনে গাও নিৰ্মান কৰাৰ ফটো এন ডি টি ভিৰ জড়িয়তে সম্প্ৰচাৰ হৈছিল ৷
আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ চনত ৰিপাব্লিক অব চাইনাই ভাৰত আৰু চীনৰ বিবাদমান ভূমিত ১০০ টা ঘৰ নিৰ্মান কৰিছে ৷ এই অঞ্চলটো তিব্বত স্বায়ত্বশাসিত পৰিষদ আৰু অৰুণাচল প্ৰদেশৰ মাজত অৱস্থিত ৷
বাতৰি অনুসৰি ,সোৱণশিৰি জিলাৰ ওচৰৰ চু নদীৰ কাষত চীনে এই গাও স্থাপন কৰিছে ৷ চু নদীত ১৯৬২ ৰ যুদ্ধৰ পূৰ্বেও ভাৰত – চীনৰ সেনাৰ মাজত কেবালানি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ৷দীৰ্ঘদিন ধৰি বিবাদমান এই অঞ্চলটোত ২০২০ ৰ পৰা চীনে গাও আৰু পথ নিৰ্মানৰ কাম আৰম্ভ কৰে ৷
ইপিনে , চীনে নতুন সীমা আইন প্ৰণয়ন কৰি অহা জানুৱাৰী মাহৰ পৰা সীমান্তৱৰ্তী অঞ্চলত স্থায়ী নিৰ্মানৰ কাম আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.