সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও

চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ পূৰ্বে অৰুণাচল সীমান্তত চীনে গাও নিৰ্মান কৰাৰ ফটো এন ডি টি ভিৰ জড়িয়তে সম্প্ৰচাৰ হৈছিল ৷
আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ চনত ৰিপাব্লিক অব চাইনাই ভাৰত আৰু চীনৰ বিবাদমান ভূমিত ১০০ টা ঘৰ নিৰ্মান কৰিছে ৷ এই অঞ্চলটো তিব্বত স্বায়ত্বশাসিত পৰিষদ আৰু অৰুণাচল প্ৰদেশৰ মাজত অৱস্থিত ৷
বাতৰি অনুসৰি ,সোৱণশিৰি জিলাৰ ওচৰৰ চু নদীৰ কাষত চীনে এই গাও স্থাপন কৰিছে ৷ চু নদীত ১৯৬২ ৰ যুদ্ধৰ পূৰ্বেও ভাৰত – চীনৰ সেনাৰ মাজত কেবালানি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ৷দীৰ্ঘদিন ধৰি বিবাদমান এই অঞ্চলটোত ২০২০ ৰ পৰা চীনে গাও আৰু পথ নিৰ্মানৰ কাম আৰম্ভ কৰে ৷
ইপিনে , চীনে নতুন সীমা আইন প্ৰণয়ন কৰি অহা জানুৱাৰী মাহৰ পৰা সীমান্তৱৰ্তী অঞ্চলত স্থায়ী নিৰ্মানৰ কাম আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে ৷

Leave A Reply

Your email address will not be published.