সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কৃষকৰ আয় দুগুণ হবলৈ মাত্ৰ কেইটামান দিন ৷

২০২২ চনত দেশৰ কৃষকসকলৰ আয় দুগুণ হব৷সেই কথা কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷কেনেদৰে কৃষকৰ আয় দুগুন কৰিব পৰা যায় , তাৰ কৌশল নিৰূপনৰ বাবে ২০১৬ চনৰ এপ্ৰিল মাহত মন্ত্ৰীসকলক লৈ এখন বিশেষ সমিতি গঠন কৰা হৈছিল ৷ এই সমিতিয়ে ২০১৮ চনৰ ছেপ্তেম্বৰ মাহত নিজৰ প্ৰতিবেদন দাখিল কৰে ৷ য’ত কৃষকৰ আয় দুগুণ কেনেদৰে হ’ব , তাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হয় ৷ সেই অনুসৰি ভাৰত চৰকাৰে কৃষকৰ কল্যানৰ বাবে বিভিন্ন আঁচনি লোৱাৰ কথাও সময়ে সময়ে ঘোষণা কৰি আহিছে ৷ কিন্তু এই সময়ছোৱাতো অব্যাহত থাকিল কৃষকৰ আত্মহত্যাৰ ঘটনা ৷কৃষি মন্ত্ৰালয়ে লোকসভাত দাখিল কৰা তথ্য অনুসৰি-২০১৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত দেশত ১৭ হাজাৰ কৃষকে আত্মহত্যা কৰিছে৷৩ বছৰত অসমত আত্মহত্যা কৰিছে ৪৩ গৰাকী কৃষকে৷
অৰ্থাৎ আয় দুগুণ হোৱালৈ অপেক্ষা কৰিব নোৱাৰিলে হাজাৰ হাজাৰ কৃষকে ৷ শস্যৰ লোকচান , ধাৰৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল’লে বহু কৃষকে ৷অথচ মোদী চৰকাৰে ঘোষণা কৰি গৈ থাকিল যে ২০২২ ত কৃষকৰ আয় দুগুণ হ’বই ৷কিন্তু দুগুণ উপাৰ্জন কৰিবলৈ কৃষক এজনে মাহিলী কিমান উপাৰ্জন কৰিব লাগিব ?
এই সন্দৰ্ভত ভাৰত চৰকাৰে লোকসভাত দাখিল কৰিছে এটা গুৰুত্বপূৰ্ণ সমীক্ষাৰ তথ্য ৷ নেচনেল ষ্টেটিছটিকেল অফিচে ২০১৮- ১৯ চনত চলোৱা সমীক্ষা অনুসৰি ভাৰতৰ কৃষকৰ মাহিলী আয় হ’ল ১০,২১৮ টকা ৷অসমৰ কৃষকে মাহত উপাৰ্জন কৰে ১০,৬৭৫ টকা ৷নে পৰিস্থিতিত আয় দুগুণ হ’বলৈ ভাৰতত এজন কৃষকৰ উপাৰ্জন হ’ব লাগিব ২০,৪৩৬ টকা৷অসমৰ কৃষকৰ মাহিলি উপাৰ্জন হ’ব লাগিব ২১, ৩৫০ টকা৷
কৃষকৰ আয় এইদৰে দুগুণ কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল ২০২২ চন ৷ সেই ২০২২ চনলৈ মাজত আছে মাত্ৰ ৩০ টা দিন ৷ গতিকে কৃষক সমাজে কাউন্ট ডাউন নিশ্চয় আৰম্ভ কৰিবৰ হ’ল ৷ লগতে দেশবাসীয়েও লক্ষ্য কৰা উচিত যে নৰেন্দ্ৰ মোদীৰ এই ঘোষণা বাস্তৱত কিমানদূৰ ৰূপায়ন হ’ল , কিমান আধৰুৱা হৈ ৰ’ল ৷

Leave A Reply

Your email address will not be published.