সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমৰ ৪৪ খন নদী এতিয়া ভালে নাই

প্ৰদূষণৰ কবলত ৰাজ্যৰ ৪৪ খন নদী৷২ ডিচেম্বৰত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ে ডাঙি ধৰা তথ্য অনুসৰি Central Pollution Control Board দেশজুৰি সমীক্ষা চলাইছিল দেশৰ ৫২১ খন নদীৰ ভিতৰত৷সেই অনুসৰি ৩২৩ খন নদীক প্ৰদূষিত বুলি চিনাক্ত কৰিছে সমীক্ষাই৷National Water Quality Monitoring Programme ৰ অধীনত চলা এই সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ২০১৮ চনত৷প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰৰ পিছতেই সর্বাধিক নদী প্ৰদূষিত ৰাজ্যখন হৈছে অসম৷অসমৰ ৪৪ খনকৈ নদী প্ৰদূষিত বুলি উল্লেখ কৰিছে এই প্ৰতিবেদনে৷এই তালিকাত আছে ক্ৰমে ভৰলু,বৰচলা,দীপৰ বিল,ডিগবৈ,কমলপুৰ,পাঁচনৈ,ব্ৰহ্মপুত্ৰ,খৰচাং,পাগলাদিয়া,বৰাক,বাৰৈ,বেগা,বেকী,ভোগদৈ,বগীনদী,বৰবিল,বৰদৈবাম,বিলমুখ,বুঢ়ীদিহিং,ধনশিৰি,দিখৌ,ডিক্ৰং,দিপলাই,দিচাং,গাভৰু,হলুডোঙা,জীয়া ভৰলী,জাঁজী,কলং,কপিলী,কিলিং,কহৰা,কুলচী,মালিনি,মৰা ভৰলী পৰশলী,পুঠিমাৰী,ৰঙা,চামগুৰি,সংকোশ,শিলসাকো, সৰুশলা,সোন,সোনাই আৰু টেঙাপুখুৰী৷
উল্লেখনীয় যে সমীক্ষাই চিনাক্ত কৰা দেশৰ ৩৫১ খন নদীৰ ভিতৰত সর্বাধিক নদী প্ৰদূষিত ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ৷মহাৰাষ্ট্ৰৰ ৫৩ খন নদী প্ৰদূষিত বুলি তথ্য ডাঙি ধৰিছে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ে৷জল শক্তি মন্ত্ৰালয়ে ডাঙি ধৰা তথ্য অনুসৰি,নদী প্ৰদুষণ মুক্ত কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷আনহাতে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত নমামী গংগাৰ জৰিয়তে হাতত লৈছে ৩৫৩ টা প্ৰকল্প৷আনহাতে National
River Conservation Plan ৰ জৰিয়তে সামৰি লোৱা হৈছে দেশৰ ১৬ খন ৰাজ্যৰ ৩৪ খন নদীক৷
ভাৰত চৰকাৰৰ এই তথ্য অনুসৰিয়েই অসমৰ সৰু বৰ প্ৰায় সকলো নদীয়েই এতিয়া প্ৰদূষনৰ কবলত৷

Leave A Reply

Your email address will not be published.