ক’ৰোনাৰ নতুন ৰূপ অমিক্ৰ’ন কি . কিমান ভয়ানক ?

Share This Article

ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্ট অমিক্ৰ’নৰ উপস্থিতি ভাৰততো ধৰা পৰিছে ৷ বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই এক সংবাদমেলত সদৰী কৰে যে কৰ্ণাটকত দুজন লোকৰ দেহত অমিক্ৰ’নৰ সংক্ৰমন ধৰা পৰিছে৷ দক্ষিণ আফ্ৰিকাৰ পৰা অহা লোক সুজন ২৭ অক্টোবৰৰ পৰা কোৱাৰেন্টাইনত আছিল ৷

অমিক্ৰ’ন কি ?
অমিক্ৰ’ন হৈছে ক’ৰোনা ভাইৰাছৰ এটা নতুন ভেৰিয়েন্ট ৷ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ মতে ই বিশ্বৰ বাবে এটা নতুন ভাবুকি ৷ কিয়নো পৰিসংখ্যাৰ পৰা জানিব পৰা গৈছে যে অমিক্ৰ’নৰ সংক্ৰমনৰ ক্ষমতা আন ভেৰিয়েন্টতকৈ বেছি ৷ ইয়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা অতি সোণকালে নোহোৱা কৰিব পাৰে ৷ তাৰ মাজতো এটা স্বত্বিৰ বিষয় যে আৰ টি পি চি আৰ টেষ্টৰ জড়িয়তেই অমিক্ৰ’নৰ সংক্ৰমণ ধৰা পেলাব পাৰি ৷সাধাৰণতে ক’ৰোনাৰ আন ভেৰিয়েন্ট ধৰা পেলাবলৈ জেনেটিক ছিকুয়েন্সৰ সহায় ল’ব লাগে ৷ কিন্তু অমিক্ৰ’নৰ ক্ষেত্ৰত আৰ টি পি চি আৰতেই এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে ৷

আৰ টি পি চি আৰেই যথেষ্টনে ?
বিশ্ব স্বাস্থ্য সংস্থাই যদিও অ’মিক্ৰনৰ সংক্ৰমন ধৰা পেলাবলৈ আৰ টি পি চি আৰেই যথেষ্ট বুলি কৈছে , তাৰপাছতো বৈজ্ঞানিকসকল আশ্বস্ত হ’ব পৰা নাই ৷ বি বি চিৰ বাতৰি অনুসৰি , আৰ টি পি চি আৰ টেষ্টৰ পৰা কেৱল এইটো ধৰা পেলাব পাৰি যে ব্যক্তিজন ক’ৰোনা সংক্ৰমিত হৈছে নে নাই ৷ কি ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত হৈছে , সেয়া জানিবৰ বাবে জেনেটিক চিকুয়েন্স জৰুৰী ৷ কিন্তু এয়া এটা অতি খৰচী আৰু দীঘলীয়া প্ৰক্ৰিয়া ৷ যাৰ বাবে সকলো চেম্প’ল জেনেটিক চিকুয়েন্সৰ বাবে প্ৰেৰণ কৰাটো সম্ভৱ নহয় ৷ ৰাজহুৱা আৰু ব্যক্তিগত পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ পৰা চাৰ্চ কোভিড-২ ৰ সংক্ৰমণ সন্দৰ্ভতহে নিশ্চিত হ’ব পাৰি বুলি বৈজ্ঞানিক আৰু গৱেষকসকলে মন্তব্য কৰিছে ৷ ইয়াৰ মাজতে থাৰ্মো ফিছাৰ চাইন্টিফিক কোম্পেনীয়ে ক’ৰোনা পৰীক্ষাৰ বাবে আন এবিধ টেষ্ট কীট প্ৰস্তুত কৰিছে ৷কোৱা হৈছে যে এই টেষ্ট কীটেৰে পৰীক্ষা কৰিলে ক’ৰোনাৰ লগতে অমিক্ৰ’ন ভেৰিয়েন্টৰ সংক্ৰমনো ধৰা পৰিব ৷ বৰ্তমান সময়ত বিশ্বৰ ৯০ শতাংশ সংক্ৰমনেই দেল্টা ভেৰিয়েন্টৰ ৷ কিন্তু ডেল্টাৰ সংক্ৰমণ হ্ৰাস পাই অহা সময়তে অমিক্ৰ’নে সৃষ্টি কৰিছে নতুন আতংকৰ ৷
লক্ষণ কি কি ?
অমিক্ৰ’নৰ প্ৰথম সংক্ৰমণ ধৰা পৰে দক্ষিণ আফ্ৰিকাত ৷ যোৱা ২৪ নৱেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰে ৷ হুৰ মতে অমিক্ৰ’নে অতি সঘনে চৰিত্ৰ সলনি কৰে ৷ ইয়াৰ পৰা দুবাৰ সংক্ৰমিত হোৱাৰো সম্ভাৱনা আছে৷ চিন্তাৰ বিষয়টো হ’ল যিসকল লোকৰ দেহত অমিক্ৰ’নৰ সংক্ৰমণ ধৰা পৰিছে , তেওলোকৰ সামান্য লক্ষণহে ফুটি উঠে ৷ গাৰ বিষ আৰু ভাগৰ লাগি থকাটোৱে অমিক্ৰ’নৰ সংক্ৰণৰ প্ৰাথমিক লক্ষণ ৷ যদিহে অমিক্ৰ’নৰ সংক্ৰমণ ধৰা পেলোৱাত অধিক সময়ৰ প্ৰয়োজন হয় , তেনেহ’লে ই ৰোগীৰ বাবে বিপজ্জনক হৈ পৰিব পাৰে ৷
কিমান ভয়াৱহ ?
চীনৰ য়ুহান প্ৰদেশত উদ্ভৱ হোৱা ক’ৰোনা ভাইৰাছে যোৱা সময়ছোৱাত নতুন নতুন চৰিত্ৰৰে সংক্ৰমণ অব্যাহত ৰাখিছে ৷ অমিক্ৰ’ন ইয়াৰ শেহতীয়া ৰূপ ৷ কিন্তু অমিক্ৰ’ন পূৰ্বৰ মিউটেশ্যন সমূহৰ তুলনাত অতি সহজতে বিয়পিব পাৰে আৰু ৰোগ প্ৰতিৰোধ তন্ত্ৰক সংক্ৰমিত কৰিবও পাৰে ৷ এই বছৰৰ প্ৰথমভাগত বিটা ভেৰিয়েন্ট চিন্তাৰ কাৰণ হৈ পৰিছিল ৷ কাৰণ ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰাৰ ক্ষমতা আছিল ৷ পাছলৈ ডেল্টা ভেৰিয়েন্ট অধিক সংক্ৰামক হৈ পৰে যদিও ইয়াৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক প্ৰভাৱিত কৰাৰ ক্ষমতা কিছু কম হোৱা বাবে অতি ভয়ানক হৈ নুঠিল ৷ অমিক্ৰ’নৰ সংক্ৰমণ এতিয়া আৰম্ভ হৈছেহে , গতিকে ই মানুহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক কিদৰে ক্ষতিগ্ৰস্থ কৰে , সেয়া জানিবৰ বাবে আৰু কিছু গৱেষণাৰ প্ৰয়োজন হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.