সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনাৰ নতুন ৰূপ অমিক্ৰ’ন কি . কিমান ভয়ানক ?

ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্ট অমিক্ৰ’নৰ উপস্থিতি ভাৰততো ধৰা পৰিছে ৷ বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই এক সংবাদমেলত সদৰী কৰে যে কৰ্ণাটকত দুজন লোকৰ দেহত অমিক্ৰ’নৰ সংক্ৰমন ধৰা পৰিছে৷ দক্ষিণ আফ্ৰিকাৰ পৰা অহা লোক সুজন ২৭ অক্টোবৰৰ পৰা কোৱাৰেন্টাইনত আছিল ৷

অমিক্ৰ’ন কি ?
অমিক্ৰ’ন হৈছে ক’ৰোনা ভাইৰাছৰ এটা নতুন ভেৰিয়েন্ট ৷ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ মতে ই বিশ্বৰ বাবে এটা নতুন ভাবুকি ৷ কিয়নো পৰিসংখ্যাৰ পৰা জানিব পৰা গৈছে যে অমিক্ৰ’নৰ সংক্ৰমনৰ ক্ষমতা আন ভেৰিয়েন্টতকৈ বেছি ৷ ইয়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা অতি সোণকালে নোহোৱা কৰিব পাৰে ৷ তাৰ মাজতো এটা স্বত্বিৰ বিষয় যে আৰ টি পি চি আৰ টেষ্টৰ জড়িয়তেই অমিক্ৰ’নৰ সংক্ৰমণ ধৰা পেলাব পাৰি ৷সাধাৰণতে ক’ৰোনাৰ আন ভেৰিয়েন্ট ধৰা পেলাবলৈ জেনেটিক ছিকুয়েন্সৰ সহায় ল’ব লাগে ৷ কিন্তু অমিক্ৰ’নৰ ক্ষেত্ৰত আৰ টি পি চি আৰতেই এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে ৷

- Donation -

আৰ টি পি চি আৰেই যথেষ্টনে ?
বিশ্ব স্বাস্থ্য সংস্থাই যদিও অ’মিক্ৰনৰ সংক্ৰমন ধৰা পেলাবলৈ আৰ টি পি চি আৰেই যথেষ্ট বুলি কৈছে , তাৰপাছতো বৈজ্ঞানিকসকল আশ্বস্ত হ’ব পৰা নাই ৷ বি বি চিৰ বাতৰি অনুসৰি , আৰ টি পি চি আৰ টেষ্টৰ পৰা কেৱল এইটো ধৰা পেলাব পাৰি যে ব্যক্তিজন ক’ৰোনা সংক্ৰমিত হৈছে নে নাই ৷ কি ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত হৈছে , সেয়া জানিবৰ বাবে জেনেটিক চিকুয়েন্স জৰুৰী ৷ কিন্তু এয়া এটা অতি খৰচী আৰু দীঘলীয়া প্ৰক্ৰিয়া ৷ যাৰ বাবে সকলো চেম্প’ল জেনেটিক চিকুয়েন্সৰ বাবে প্ৰেৰণ কৰাটো সম্ভৱ নহয় ৷ ৰাজহুৱা আৰু ব্যক্তিগত পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ পৰা চাৰ্চ কোভিড-২ ৰ সংক্ৰমণ সন্দৰ্ভতহে নিশ্চিত হ’ব পাৰি বুলি বৈজ্ঞানিক আৰু গৱেষকসকলে মন্তব্য কৰিছে ৷ ইয়াৰ মাজতে থাৰ্মো ফিছাৰ চাইন্টিফিক কোম্পেনীয়ে ক’ৰোনা পৰীক্ষাৰ বাবে আন এবিধ টেষ্ট কীট প্ৰস্তুত কৰিছে ৷কোৱা হৈছে যে এই টেষ্ট কীটেৰে পৰীক্ষা কৰিলে ক’ৰোনাৰ লগতে অমিক্ৰ’ন ভেৰিয়েন্টৰ সংক্ৰমনো ধৰা পৰিব ৷ বৰ্তমান সময়ত বিশ্বৰ ৯০ শতাংশ সংক্ৰমনেই দেল্টা ভেৰিয়েন্টৰ ৷ কিন্তু ডেল্টাৰ সংক্ৰমণ হ্ৰাস পাই অহা সময়তে অমিক্ৰ’নে সৃষ্টি কৰিছে নতুন আতংকৰ ৷
লক্ষণ কি কি ?
অমিক্ৰ’নৰ প্ৰথম সংক্ৰমণ ধৰা পৰে দক্ষিণ আফ্ৰিকাত ৷ যোৱা ২৪ নৱেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰে ৷ হুৰ মতে অমিক্ৰ’নে অতি সঘনে চৰিত্ৰ সলনি কৰে ৷ ইয়াৰ পৰা দুবাৰ সংক্ৰমিত হোৱাৰো সম্ভাৱনা আছে৷ চিন্তাৰ বিষয়টো হ’ল যিসকল লোকৰ দেহত অমিক্ৰ’নৰ সংক্ৰমণ ধৰা পৰিছে , তেওলোকৰ সামান্য লক্ষণহে ফুটি উঠে ৷ গাৰ বিষ আৰু ভাগৰ লাগি থকাটোৱে অমিক্ৰ’নৰ সংক্ৰণৰ প্ৰাথমিক লক্ষণ ৷ যদিহে অমিক্ৰ’নৰ সংক্ৰমণ ধৰা পেলোৱাত অধিক সময়ৰ প্ৰয়োজন হয় , তেনেহ’লে ই ৰোগীৰ বাবে বিপজ্জনক হৈ পৰিব পাৰে ৷
কিমান ভয়াৱহ ?
চীনৰ য়ুহান প্ৰদেশত উদ্ভৱ হোৱা ক’ৰোনা ভাইৰাছে যোৱা সময়ছোৱাত নতুন নতুন চৰিত্ৰৰে সংক্ৰমণ অব্যাহত ৰাখিছে ৷ অমিক্ৰ’ন ইয়াৰ শেহতীয়া ৰূপ ৷ কিন্তু অমিক্ৰ’ন পূৰ্বৰ মিউটেশ্যন সমূহৰ তুলনাত অতি সহজতে বিয়পিব পাৰে আৰু ৰোগ প্ৰতিৰোধ তন্ত্ৰক সংক্ৰমিত কৰিবও পাৰে ৷ এই বছৰৰ প্ৰথমভাগত বিটা ভেৰিয়েন্ট চিন্তাৰ কাৰণ হৈ পৰিছিল ৷ কাৰণ ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰাৰ ক্ষমতা আছিল ৷ পাছলৈ ডেল্টা ভেৰিয়েন্ট অধিক সংক্ৰামক হৈ পৰে যদিও ইয়াৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক প্ৰভাৱিত কৰাৰ ক্ষমতা কিছু কম হোৱা বাবে অতি ভয়ানক হৈ নুঠিল ৷ অমিক্ৰ’নৰ সংক্ৰমণ এতিয়া আৰম্ভ হৈছেহে , গতিকে ই মানুহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক কিদৰে ক্ষতিগ্ৰস্থ কৰে , সেয়া জানিবৰ বাবে আৰু কিছু গৱেষণাৰ প্ৰয়োজন হ’ব ৷

Leave A Reply

Your email address will not be published.