মোদীৰ আমোলত দেশ এৰিছে লাখ লাখ ভাৰতীয়ই ৷ ইয়াৰ বিপৰীতে ভাৰতৰ নাগৰিকত্ব বিচাৰি হাবাথুৰি খাইছে হাজাৰ হাজাৰ পাকিস্তানীয়ে ৷ আচৰিত যেন লাগিলেও এয়াই আজিৰ ভাৰতৰ বাস্তৱ পৰিস্থিতি ৷ খোদ গৃহমন্ত্ৰালয়ৰ তথ্যত উন্মোচিত হৈছে এই তথ্য ৷–
মঙলবাৰে লোকসভাত সাংসদ হিবি ইডেনে কা আৰু এন আৰ চি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল ৷ ইয়াৰ এক গুৰুত্বপূৰ্ণ উত্তৰো দিয়ে গৃহ মন্ত্ৰালয়ে ৷ কা আৰু এন আৰ চি সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ে কি ক’লে , সেয়া জনাৰ আগতে আন কেইটামান উদ্বেগজনক তথ্য আপোনালোকক জনাব বিচাৰিছো ৷ সাংসদ হিবি ইডেনে একেসময়তে প্ৰশ্ন উত্থাপন কৰিছিল যে বিগত ৫ বছৰত কিমান ভাৰতীয়ই ভাৰতীয় নাগৰিকত্ব এৰি আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে ৷ ইয়াৰ উত্তৰত গৃহ মন্ত্ৰালয়ে যি উত্তৰ দিলে সেয়া সঁচাকৈয়ে উদ্বেগজনক ৷
লোকসভাত গৃহ মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি, ২০১৭ চনত ১ লাখ ৩৩ হাজাৰ ০৪৯ গৰাকী,২০১৮ চনত ১ লাখ ৩৪ হাজাৰ ৫৬১ গৰাকী,২০১৯ চনত ১ লাখ ৪৪ হাজাৰ ০১৭ গৰাকী, ২০২০ চনত ৮৫ হাজাৰ ২৪৮ গৰাকী আৰু ২০২১ চনত ১ লাখ ১১ হাজাৰ ২৮৭ গৰাকী ভাৰতীয়ই নাগৰিকত্ব এৰিছে ৷
এইদৰে ৫ বছৰত মুঠ ৬ লাখ ৮ হাজাৰ ১৬২ গৰাকী ভাৰতীয়ই দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে ৷
এই লোকসকলে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ বাবেই ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে ৷ হয়তো অৰ্থনৈতিক দুৰাৱস্থা , কৰ্মসংস্থাপনহীনতাৰ বাবেই এইসকল লোকে দেশ এৰাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ আঁৰত অন্য কিছুমান সামাজিক কাৰণো থাকিব ৷ সেয়া অন্য আলোচনাৰ বিষয় হ’ব ৷আনহাতে সাংসদ হিবি ইডেনে লগতে সুধিছিল যে বিশ্বৰ আন আন দেশৰ কিমান নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছে ৷ উত্তৰত গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে যোৱা ৫ বছৰত অৰ্থাৎ ২০১৬ চনৰ পৰা অন্য দেশৰ ১০ হাজাৰ ৬৪৫ গৰাকী লোকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছে আৰু ভাৰতে নাগৰিকত্ব প্ৰদান কৰিছে ৪ হাজাৰ ১৭৭ গৰাকী লোকক ৷সৰ্বাধিক নাগৰিকত্ব বিচাৰিছে পাকিস্তানৰ লোকে৷পাকিস্তানৰ ৭৭৮২ গৰাকীয়ে বিচাৰিছে ভাৰতীয় নাগৰিকত্ব ৷বাংলাদেশৰ ১৮৪ গৰাকীয়ে ভাৰতীয় নাগৰিকত্ব বিচাৰিছে৷এই তথ্যসমূহৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ভাৰতীয়সকল দেশ এৰিবলৈ উন্মুখ হৈ পৰাৰ বিপৰীতে বিদেশৰ লোকৰ বাবে ভাৰতক লৈ নাই বিশেষ উৎসুকতা ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.