সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমত আধাতে বিদ্যালয় এৰি ক’লৈ যায় ছাত্ৰ – ছাত্ৰী ?

অসমত স্থাপন হৈছে ইখনৰ পাছত সিখন নতুন বিশ্ববিদ্যালয় ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা য’লৈকে গৈছে তাতেই ঘোষণা কৰিছে নতুন বিশ্ববিদ্যালয় স্থাপনৰ কথা ৷ নাইবা একোখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পদক্ষেপ লৈছে ৷ কিন্তু বিশ্ববিদ্যালয়ত মন দি থাকোতে প্ৰাথমিক বা মাধ্যমিক বিদ্যালয় স্তৰত দেখা গৈছে আন এক ভয়াৱহ ছবি ৷ বিদ্যালয়লৈ যোৱা অধিকাংশ ছাত্ৰ – ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰাৰ ঘটনা সংঘটিত হৈ আছে এইখন অসমত ৷ অসমৰ শিক্ষা জগতৰ এই ভয়াৱহ ছবিখন শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ বিশ্ববিদ্যালয়ৰ স্বপ্নত মছগুল চৰকাৰে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ প্ৰতি দেখুওৱা অনীহাৰ পৰিণতিত এখন অশিক্ষিত ৰাজ্য হোৱাৰ দিশে অগ্ৰসৰ হৈছে এইখন অসম ৷

ভাৰতত বহু আইন গৃহীত হয় , বহু আইন বাতিল হয় ৷ আইনক লৈ অনেক আলোচনা সমালোচনাই যোৱা সময়ছোৱাত দেশ উত্তাল কৰি ৰাখিছে ৷ আমি আলোচনা কৰিবলৈ লৈছো আন এখন আইনৰ বিষয়ে ৷ এই আইনখন হ’ল – Right of Children to Free and Compulsory Education Act 2009৷
২০০৯ চনত গৃহীত এই আইনখনৰ মতে শিক্ষা হৈ পৰিছিল এক মৌলিক অধিকাৰ ৷ ১৪ বছৰ বয়সলৈকে সকলো শিশুৰ বাবে শিক্ষা বিনামূলীয়া কৰা হৈছিল ৷ঠিকেই আইন অনুসৰি বিদ্যালয়ত শিশুসকল ভৰ্তি হয় ৷ কিন্তু বিদ্যালয়ৰ পাছত এই শিশুসকল ক’লৈ যায় ৷ প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা কিমানে মাধ্যমিক বা উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে ? আপুনি জানি আচৰিত হ’ব যে আমাৰ দেশত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ – ছাত্ৰীৰ আধা সংখ্যকেই উচ্চতম মাধ্যমিক শ্ৰেণীৰ মুখ নেদেখাকৈ অধ্যয়ন সামৰে ৷ শেহতীয়াকৈ লোকসভাত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিছে এই তথ্য ৷
কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি,ভাৰতত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰে ৮৬.৯৭ শতাংশ ছাত্ৰ – ছাত্ৰীয়ে৷ইয়াৰে ৪০.১৭ শতাংশইহে উচ্চতম মাধ্যমিক পৰ্যায়লৈ অধ্যয়ন কৰে৷বাকী ছাত্ৰ- ছাত্ৰীসকলে আধাতে শিক্ষাজীৱন সামৰে৷বিদ্যালয় শিক্ষাত অসমৰ অৱস্থা আটাইতকৈ শোচনীয় ৷অসমত ৭৬.৮ শতাংশ ছাত্ৰ – ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰে ৷ইয়াৰে ৬২.৯ শতাংশই মাধ্যমিক পৰ্যায়লৈ শিক্ষাজীৱন অব্যাহত ৰাখে৷মাধ্যমিক শিক্ষাৰ পাছতে অন্তৰ্ধান হয় অধিকাংশ ছাত্ৰ – ছাত্ৰী৷উচ্চ মাধ্যমিকত নামভৰ্তি কৰে কেৱল ৩৯.৪৭ শতাংশ ছাত্ৰ- ছাত্ৰীয়ে৷
তাৰ পাছৰ ছবিখন আৰু ভয়াৱহ৷অসমত উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰে মাত্ৰ ১৭.২৪ শতাংশ ছাত্ৰ- ছাত্ৰীয়ে৷অসমত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা ৭৬.৮ শতাংশ শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ১৭.২৪ শতাংশইহে উচ্চতৰ মাধ্যমিকলৈ শিক্ষা জীৱন অব্যাহত ৰাখে ৷
লোকসভাত সাংসদ বৰুণ গান্ধীৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে এই তথ্যসমূহ সদনক অৱগত কৰিছে ৷ একেটা প্ৰশ্নৰ উত্তৰত দাখিল কৰা তথ্য অনুসৰি কেৰালাৰ ১০০ শতাংশ , পঞ্জাৱৰ ৯১ শতাংশ ছাত্ৰ – ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকলৈ শিক্ষা অব্যাহত ৰাখে ৷ আনকি বিহাৰৰ প্ৰদৰ্শনো আমাতকৈ উন্নত ৷ বিহাৰত ৮৫.২৭ শতাংশ ছাত্ৰ- ছাত্ৰী প্ৰাথমিক বিদ্যালয়ত ভৰ্তি হোৱাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকলৈ শিক্ষা অব্যাহত ৰাখে ১৮.৯১ শতাংশই ৷ যিটো অসমতকৈ উন্নত প্ৰদৰ্শন ৷ তথ্যই কয় যে বিদ্যালয় শিক্ষাৰ ৰিটেনশ্যন ৰেটৰ ক্ষেত্ৰত ডাঙৰ ৰাজ্যসমূহৰ তালিকাত অসমৰ প্ৰদৰ্শন আটাইতকৈ শোচনীয় ৷ বিদ্যালয় শিক্ষাৰ এই দুৰাৱস্থাই সামগ্ৰিকভাৱে অসম চৰকাৰৰ ব্যৰ্থতাকে উদঙাই দিছে ৷ সৰ্বোপৰি অসমৰ সৰ্বাধিক সময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ড: হিমন্ত বিশ্ব শৰ্মাও নি:সন্দেহে শিক্ষাৰ এই দুৰাৱস্থাৰ বাবে জগৰীয়া হ’ব ৷ জিলাই জিলাই বিশ্ববিদ্যালয় পতা চৰকাৰখনে বিদ্যালয় শিক্ষাৰ প্ৰতিও সমান গুৰুত্ব দিয়া উচিত ৷অন্যথা এদিন বিশ্ববিদ্যালয়ৰ আসনবোৰো যে খালী হৈ ৰ’ব ,সেই ইংগিত এতিয়াই স্পষ্ট হৈ উঠিছে ৷

- Donation -

Leave A Reply

Your email address will not be published.