অসমত আধাতে বিদ্যালয় এৰি ক’লৈ যায় ছাত্ৰ – ছাত্ৰী ?

অসমত স্থাপন হৈছে ইখনৰ পাছত সিখন নতুন বিশ্ববিদ্যালয় ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা য’লৈকে গৈছে তাতেই ঘোষণা কৰিছে নতুন বিশ্ববিদ্যালয় স্থাপনৰ কথা ৷ নাইবা একোখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পদক্ষেপ লৈছে ৷ কিন্তু বিশ্ববিদ্যালয়ত মন দি থাকোতে প্ৰাথমিক বা মাধ্যমিক বিদ্যালয় স্তৰত দেখা গৈছে আন এক ভয়াৱহ ছবি ৷ বিদ্যালয়লৈ যোৱা অধিকাংশ ছাত্ৰ – ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰাৰ ঘটনা সংঘটিত হৈ আছে এইখন অসমত ৷ অসমৰ শিক্ষা জগতৰ এই ভয়াৱহ ছবিখন শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ বিশ্ববিদ্যালয়ৰ স্বপ্নত মছগুল চৰকাৰে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ প্ৰতি দেখুওৱা অনীহাৰ পৰিণতিত এখন অশিক্ষিত ৰাজ্য হোৱাৰ দিশে অগ্ৰসৰ হৈছে এইখন অসম ৷

ভাৰতত বহু আইন গৃহীত হয় , বহু আইন বাতিল হয় ৷ আইনক লৈ অনেক আলোচনা সমালোচনাই যোৱা সময়ছোৱাত দেশ উত্তাল কৰি ৰাখিছে ৷ আমি আলোচনা কৰিবলৈ লৈছো আন এখন আইনৰ বিষয়ে ৷ এই আইনখন হ’ল – Right of Children to Free and Compulsory Education Act 2009৷
২০০৯ চনত গৃহীত এই আইনখনৰ মতে শিক্ষা হৈ পৰিছিল এক মৌলিক অধিকাৰ ৷ ১৪ বছৰ বয়সলৈকে সকলো শিশুৰ বাবে শিক্ষা বিনামূলীয়া কৰা হৈছিল ৷ঠিকেই আইন অনুসৰি বিদ্যালয়ত শিশুসকল ভৰ্তি হয় ৷ কিন্তু বিদ্যালয়ৰ পাছত এই শিশুসকল ক’লৈ যায় ৷ প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা কিমানে মাধ্যমিক বা উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে ? আপুনি জানি আচৰিত হ’ব যে আমাৰ দেশত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ – ছাত্ৰীৰ আধা সংখ্যকেই উচ্চতম মাধ্যমিক শ্ৰেণীৰ মুখ নেদেখাকৈ অধ্যয়ন সামৰে ৷ শেহতীয়াকৈ লোকসভাত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিছে এই তথ্য ৷
কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি,ভাৰতত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰে ৮৬.৯৭ শতাংশ ছাত্ৰ – ছাত্ৰীয়ে৷ইয়াৰে ৪০.১৭ শতাংশইহে উচ্চতম মাধ্যমিক পৰ্যায়লৈ অধ্যয়ন কৰে৷বাকী ছাত্ৰ- ছাত্ৰীসকলে আধাতে শিক্ষাজীৱন সামৰে৷বিদ্যালয় শিক্ষাত অসমৰ অৱস্থা আটাইতকৈ শোচনীয় ৷অসমত ৭৬.৮ শতাংশ ছাত্ৰ – ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰে ৷ইয়াৰে ৬২.৯ শতাংশই মাধ্যমিক পৰ্যায়লৈ শিক্ষাজীৱন অব্যাহত ৰাখে৷মাধ্যমিক শিক্ষাৰ পাছতে অন্তৰ্ধান হয় অধিকাংশ ছাত্ৰ – ছাত্ৰী৷উচ্চ মাধ্যমিকত নামভৰ্তি কৰে কেৱল ৩৯.৪৭ শতাংশ ছাত্ৰ- ছাত্ৰীয়ে৷
তাৰ পাছৰ ছবিখন আৰু ভয়াৱহ৷অসমত উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰে মাত্ৰ ১৭.২৪ শতাংশ ছাত্ৰ- ছাত্ৰীয়ে৷অসমত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা ৭৬.৮ শতাংশ শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ১৭.২৪ শতাংশইহে উচ্চতৰ মাধ্যমিকলৈ শিক্ষা জীৱন অব্যাহত ৰাখে ৷
লোকসভাত সাংসদ বৰুণ গান্ধীৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে এই তথ্যসমূহ সদনক অৱগত কৰিছে ৷ একেটা প্ৰশ্নৰ উত্তৰত দাখিল কৰা তথ্য অনুসৰি কেৰালাৰ ১০০ শতাংশ , পঞ্জাৱৰ ৯১ শতাংশ ছাত্ৰ – ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকলৈ শিক্ষা অব্যাহত ৰাখে ৷ আনকি বিহাৰৰ প্ৰদৰ্শনো আমাতকৈ উন্নত ৷ বিহাৰত ৮৫.২৭ শতাংশ ছাত্ৰ- ছাত্ৰী প্ৰাথমিক বিদ্যালয়ত ভৰ্তি হোৱাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকলৈ শিক্ষা অব্যাহত ৰাখে ১৮.৯১ শতাংশই ৷ যিটো অসমতকৈ উন্নত প্ৰদৰ্শন ৷ তথ্যই কয় যে বিদ্যালয় শিক্ষাৰ ৰিটেনশ্যন ৰেটৰ ক্ষেত্ৰত ডাঙৰ ৰাজ্যসমূহৰ তালিকাত অসমৰ প্ৰদৰ্শন আটাইতকৈ শোচনীয় ৷ বিদ্যালয় শিক্ষাৰ এই দুৰাৱস্থাই সামগ্ৰিকভাৱে অসম চৰকাৰৰ ব্যৰ্থতাকে উদঙাই দিছে ৷ সৰ্বোপৰি অসমৰ সৰ্বাধিক সময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ড: হিমন্ত বিশ্ব শৰ্মাও নি:সন্দেহে শিক্ষাৰ এই দুৰাৱস্থাৰ বাবে জগৰীয়া হ’ব ৷ জিলাই জিলাই বিশ্ববিদ্যালয় পতা চৰকাৰখনে বিদ্যালয় শিক্ষাৰ প্ৰতিও সমান গুৰুত্ব দিয়া উচিত ৷অন্যথা এদিন বিশ্ববিদ্যালয়ৰ আসনবোৰো যে খালী হৈ ৰ’ব ,সেই ইংগিত এতিয়াই স্পষ্ট হৈ উঠিছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296