সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতীয়ই এৰিছে ভাৰত , পাকিস্তানীয়ে বিচাৰিছে ভাৰতীয় নাগৰিকত্ব

মোদীৰ আমোলত দেশ এৰিছে লাখ লাখ ভাৰতীয়ই ৷ ইয়াৰ বিপৰীতে ভাৰতৰ নাগৰিকত্ব  বিচাৰি হাবাথুৰি খাইছে হাজাৰ হাজাৰ পাকিস্তানীয়ে ৷ আচৰিত যেন লাগিলেও এয়াই আজিৰ ভাৰতৰ বাস্তৱ পৰিস্থিতি ৷ খোদ গৃহমন্ত্ৰালয়ৰ তথ্যত উন্মোচিত হৈছে এই তথ্য ৷–
মঙলবাৰে লোকসভাত সাংসদ হিবি ইডেনে কা আৰু এন আৰ চি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল ৷ ইয়াৰ এক গুৰুত্বপূৰ্ণ উত্তৰো দিয়ে গৃহ মন্ত্ৰালয়ে ৷ কা আৰু এন আৰ চি সন্দৰ্ভত গৃহ মন্ত্ৰণালয়ে কি ক’লে , সেয়া জনাৰ আগতে আন কেইটামান উদ্বেগজনক তথ্য আপোনালোকক জনাব বিচাৰিছো ৷ সাংসদ হিবি ইডেনে একেসময়তে প্ৰশ্ন উত্থাপন কৰিছিল যে বিগত ৫ বছৰত কিমান ভাৰতীয়ই ভাৰতীয় নাগৰিকত্ব এৰি আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে ৷ ইয়াৰ উত্তৰত গৃহ মন্ত্ৰালয়ে যি উত্তৰ দিলে সেয়া সঁচাকৈয়ে উদ্বেগজনক ৷
লোকসভাত গৃহ মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি, ২০১৭ চনত ১ লাখ ৩৩ হাজাৰ ০৪৯ গৰাকী,২০১৮ চনত ১ লাখ ৩৪ হাজাৰ ৫৬১ গৰাকী,২০১৯ চনত ১ লাখ ৪৪ হাজাৰ ০১৭ গৰাকী, ২০২০ চনত ৮৫ হাজাৰ ২৪৮ গৰাকী আৰু ২০২১ চনত ১ লাখ ১১ হাজাৰ ২৮৭ গৰাকী ভাৰতীয়ই নাগৰিকত্ব এৰিছে ৷
এইদৰে ৫ বছৰত মুঠ ৬ লাখ ৮ হাজাৰ ১৬২ গৰাকী ভাৰতীয়ই দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে ৷
এই লোকসকলে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ বাবেই ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে ৷ হয়তো অৰ্থনৈতিক দুৰাৱস্থা , কৰ্মসংস্থাপনহীনতাৰ বাবেই এইসকল লোকে দেশ এৰাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ আঁৰত অন্য কিছুমান সামাজিক কাৰণো থাকিব ৷ সেয়া অন্য আলোচনাৰ বিষয় হ’ব ৷আনহাতে সাংসদ হিবি ইডেনে লগতে সুধিছিল যে বিশ্বৰ আন আন দেশৰ কিমান নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছে ৷ উত্তৰত গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে যোৱা ৫ বছৰত অৰ্থাৎ ২০১৬ চনৰ পৰা অন্য দেশৰ ১০ হাজাৰ ৬৪৫ গৰাকী লোকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছে আৰু ভাৰতে নাগৰিকত্ব প্ৰদান কৰিছে ৪ হাজাৰ ১৭৭ গৰাকী লোকক ৷সৰ্বাধিক নাগৰিকত্ব বিচাৰিছে পাকিস্তানৰ লোকে৷পাকিস্তানৰ ৭৭৮২ গৰাকীয়ে বিচাৰিছে ভাৰতীয় নাগৰিকত্ব ৷বাংলাদেশৰ ১৮৪ গৰাকীয়ে ভাৰতীয় নাগৰিকত্ব বিচাৰিছে৷এই তথ্যসমূহৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ভাৰতীয়সকল দেশ এৰিবলৈ উন্মুখ হৈ পৰাৰ বিপৰীতে বিদেশৰ লোকৰ বাবে ভাৰতক লৈ নাই বিশেষ উৎসুকতা ৷

Leave A Reply

Your email address will not be published.