সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডিচেম্বৰ ১ তাৰিখৰ পৰা কি কি বস্তুৰ পৰিৱৰ্তন হ’ল—

ডিচেম্বৰৰ 1 তাৰিখৰ পৰা পুনৰ বৃদ্ধি হ’ল গেছ ছিলিণ্ডাৰৰ দাম।ইয়াৰ লগতে বিত্তীয় লেনদেন আৰু বহুতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ পৰিৱৰ্তন হৈছে।যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ পকেটত পৰিব পাৰে।এই পৰিৱৰ্তনবোৰ আধাৰ-পিএফ লিংক, গৃহ ঋণ আৰু বেঙ্ক সম্পৰ্কীয় অফাৰ আদিৰ সৈতে সম্পৰ্কিত।কিছুমান নতুন নিয়ম প্ৰতি মাহৰ প্ৰথম তাৰিখত প্ৰযোজ্য হয় বা পুৰণি নিয়ম সলনি কৰা হয়। ডিচেম্বৰ ১ তাৰিখৰ পৰা কি কি পৰিৱৰ্তন হৈছে জানো আহক—
এক,গেছৰ মূল্য বৃদ্ধি
আজিৰ পৰা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা বৃদ্ধি হ’ল।ই আপোনাৰ পাকঘৰৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত নহ’ব পাৰে, কিন্তু হোটেল, ৰেষ্টুৰেণ্ট আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বৰ্ধিত ব্যয়ে আপোনাৰ বাজেট কৰবাত প্ৰভাৱিত কৰিব। ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ বৃদ্ধিৰ পিছত দিল্লীত ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্য ২১০১ টকালৈ বৃদ্ধি পাইছে।
দুই,জিঅ’ প্ৰিপেইডৰ মূল্য বৃদ্ধি।
দেশৰ সৰ্ববৃহৎ টেলিকম অপাৰেটৰ ৰিলায়েন্স জিঅ’ই 1 ডিচেম্বৰৰ পৰা ইয়াৰ বৰ্ধিত প্ৰিপেইড হাৰ কাৰ্যকৰী কৰিছে। জিঅ’ই বৈধতাৰ সৈতে ইয়াৰ বহুতো আঁচনিৰ মূল্য ২৪ দিনৰ পৰা ৩৬৫ দিনলৈ বৃদ্ধি কৰিছে। ইয়াৰ আগতে,ভাৰতী এয়াৰটেল আৰু ভোডাফোন-আইডিয়াইও তেওঁলোকৰ শুল্কৰ মূল্য বৃদ্ধি কৰিছিল। জিঅ’ প্ৰিপেইড গ্ৰাহকসকলে এতিয়া কল আৰু ডাটাৰ বাবে ২১ শতাংশ লৈকে অধিক পৰিশোধ কৰিব লাগিব।
তিনি,জুই শলা বাকছৰ মূল্য বৃদ্ধি।
প্ৰায় ১৪ বছৰৰ পিছত জুই শলা বাকছৰ মূল্যও বৃদ্ধি পাইছে। মেচ উদ্যোগ সংস্থাসমূহে ১ ডিচেম্বৰৰ পৰা এটা জুই শলা বাকচৰ মূল্য ১ টকাৰ পৰা ২ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।ইয়াৰ আগত জুই শলা বাকচৰ মূল্যৰ অন্তিম পৰিৱৰ্তন আছিল ২০০৭ চনত।২০০৭ চনৰ পিছত ৫০ পইচাৰ পৰা ১ টকালৈ আজি বৃদ্ধি বৃদ্ধি কৰা হ’ল জুই শলা বাকচৰ মূল্য।
চাৰি,গৃহ ঋণৰ সূত।
এল.আই.চি. হাউচিং ফাইনেন্সে উৎসৱৰ বতৰৰ অফাৰ স্বৰূপে 6.66% সুলভ হাৰত গৃহ ঋণৰ ওপৰত সূত আগবঢ়াইছিল।এই অফাৰ ৩০ নৱেম্বৰত উকলি গৈছে। অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা এল.আই.চিৰ ঋণ ব্যয়বহুল হৈ পৰিছে।
পাঁচ,সঞ্চয় একাউণ্টটোও মাৰিলে মোহৰ।
পঞ্জাৱ নেচনেল বেঙ্কে আজিৰ তাৰিখৰ পৰা সঞ্চয় একাউণ্টৰ সূতৰ হাৰ হ্ৰাস কৰিছে। এতিয়া 10 লাখ টকাৰ তলৰ সঞ্চয় পুঁজিৰ সূতৰ হাৰ হ’ব 2.80%।
আজিৰ পৰা হোৱা ছয় নম্বৰৰ পৰিৱৰ্তনটো হ’ল,পিএফৰ আধাৰ সংযোগ।
পিএফৰ ইউনিভাৰ্চেল একাউণ্ট নম্বৰ (ইউ এ এন) আধাৰৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ আছিল ৩০ নৱেম্বৰ। যদি আপুনি এনে কৰিবলৈ বিফল হৈছে, আপুনি আপোনাৰ একাউণ্টত পিএফ কৰ্তনৰ ধন জমা কৰিব নোৱাৰিব পাৰে, আৰু আপুনি একাউণ্টৰ পৰা অধিক ধন উলিয়াব নোৱাৰিব পাৰে।
সাত,জীৱন প্ৰমাণপত্ৰৰ অন্তিম তাৰিখ।পেঞ্চনাৰৰ শ্ৰেণীৰ অন্তৰ্গত লোকসকলৰ বাবে জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ অন্তিম তাৰিখ আছিল ৩০ নৱেম্বৰ। যিসকলে এনে কৰা নাই তেওঁলোকে ১ ডিচেম্বৰৰ পিছত পেঞ্চন পোৱা বন্ধ কৰিব পাৰে। এনে ক্ষেত্ৰত, তেওঁলোকে তেওঁলোকৰ সংশ্লিষ্ট বিভাগৰ সৈতে তৎক্ষণাৎ যোগাযোগ কৰা উচিত।
আৰু আঠ নম্বৰ অৰ্থাৎ শেষৰটো পৰিৱৰ্তন হৈছে এছ.বি.আই. ক্ৰেডিট কাৰ্ডৰ ব্যয়বহুল।
ভাৰতীয় ষ্টেট বেংকৰ ক্ৰেডিট কাৰ্ডৰে বজাৰ-সমাৰ কৰাটোও ১ ডিচেম্বৰৰ পৰা অলপ ব্যয়বহুল হৈ পৰিছে। এতিয়া আপুনি সূতৰ সৈতে প্ৰচেছিং মাচুল পৰিশোধ কৰিব লাগিব। এছবিআইৰ কাৰ্ড বিভাগে সকলো ই এম আই শ্বপিং লেনদেনৰ ওপৰত ৯৯ টকা আৰু কৰ প্ৰক্ৰিয়াকৰণ মাচুল আৰোপ কৰিছে।

Leave A Reply

Your email address will not be published.