সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ন্যায় প্ৰাপ্তিলৈ কিমান দূৰ?

নীৰজ দাস ওৰফে কলা লৰাৰ মৃত্যু প্ৰকৃততে অনিমেষ আৰু অনিমেষৰ পৰিয়ালৰ প্ৰতি ন্যায় বুলি গণ্য কৰিব পাৰিনে?কলা লৰাৰ মৃত্যুয়ে অনিমেষ ভূঞাক ন্যায় প্ৰদান কৰিলে নে ন্যায়ৰ পৰা চিৰদিনৰ কাৰণে অনিমেষক বঞ্চিত কৰিলে?এই প্ৰশ্নৰ উত্থাপন এইবাবেই হৈছে,কাৰণ কলা লৰাৰ মৃত্যু ন্যায় ব্যবস্থাই প্ৰদান কৰা শাস্তি নাছিল৷আৰক্ষীৰ ভাষ্য অনুসৰিয়েই,এটা পথ দুঘর্টনাতহে ক’লা লৰাৰ মৃত্যু হৈছে৷মৃত্যুৰ জৰিয়তে আইনে প্ৰদান কৰিব লগীয়া কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তিৰ পৰা সাৰি গল নেকি কলা লৰা?ভৱিষ্যতে যাতে অনিমেষ হত্যাৰ দৰে ঘটনা সংঘটিত নহয়,তাৰ বাবেই দেশৰ ন্যায় ব্যবস্থাটোয়ে কলা লৰাক দৃষ্টান্তমূলক শাস্তি দিয়াটো প্ৰয়োজন নাছিলনে?কিন্তু দেশৰ ন্যায় ব্যবস্থাটোৰ পৰা এনে অপৰাধৰ অপৰাধীয়ে দৃ্ষ্টান্তমূলক শাস্তি তথা ভুক্তভোগীয়ে ন্যায়ৰ পৰা কিদৰে বঞ্চিত হৈ আহিছে আপুনি অনুমান কৰিব পাৰিছেনে?দেশৰ আদালত সমূহত এতিয়াও কিমান গোচৰ অমিমাংসিত হৈ ৰঙা ফিতাৰ মেৰপেচত সোমাই আছে আপুনি জানেনে?নেচনেল জুডিচিয়েল ডাটা গ্ৰীডৰ তথ্য অনুসৰি,সমগ্ৰ দেশত এতিয়া ৪ কোটিৰো অধিক পেণ্ডিং কেচ আছে৷এই সমুহ গোচৰ কিমান পুৰণি সেই কথা জানিলে চকু কপালত উঠিব আপোনাৰো৷চাই লও আহক কি আছে নেচনেল জুডিচিয়েল ডাটা গ্ৰীডৰ তথ্যত৷
দেশত এতিয়াও অমীমাংসিত হৈ ৰৈছে ৪ কোটি ৩ লাখ ৬৩ হাজাৰ ১০ তা গোচৰ৷ইয়াৰ ভিতৰত অসামৰিক গোচৰৰ সংখ্যা ১কোটি ৭ লাখ ১২ হাজাৰ ৯৫ টা৷আনহাতে অমীমাংসিত অপৰাধমূলক গোচৰৰ সংখ্যা ২ কোটি ৯৬ লাখ ৫১ হাজাৰ ৫১৫ টা৷
ইয়াৰ ভিতৰত ৩০ বছৰৰ পুৰনা গোচৰ অমীমাংসিত হৈ ৰৈছে ৯৮ হাজাৰ ৬৩২ টা৷
২০ বছৰৰ পৰা ৩০ বছৰৰ পুৰনা অমীমাংসিত গোচৰ ৪ লাখ ৭১ হাজাৰ ৮৩০ টা৷

১০ বছৰৰ পৰা ২০ বছৰ পুৰনা অমীমাংসিত গোচৰৰ সংখ্যা ২৬ লাখ ৬৮ হাজাৰ ৮৩৪ টা৷
৫ বছৰৰ পৰা ১০ বছৰ পুৰনা অমীমাংসিত গোচৰ ৫৮ লাখ ৮০ হাজাৰ ৯৬৩ টা৷
৩ বছৰৰ পৰা ৫ বছৰ পুৰনা অমীমাংসিত গোচৰৰ সংখ্যা ৬০ লাখ ১১ হাজাৰ ৭৯৮ টা৷
১ বছৰৰ পৰা ৩ বছৰ পুৰনা অমীমাংসিত গোচৰ ১ কোটি ১২ লাখ ৬৪ হাজাৰ ৫৯৪ টা৷
১ বছৰৰ ভিতৰৰ অমীমাংসিত গোচৰ ১ কোটি ৩৯ লাখ ৬৬ হাজাৰ ৯৫৯ টা৷
আনহাতে অসমতো অমীমাংসিত হৈ ৰৈছে ৪ লাখ ১ হাজাৰ ৪০ টা গোচৰ৷ইয়াৰ ভিতৰত অসমাৰিক গোচৰ ৮৫ হাজাৰ ৮ টা আৰু অপৰাধমূলক গোচৰ ৩ লাখ ১৬ হাজাৰ ৩৩২ টা৷
দেশত এতিয়া এনেদৰেই বছৰ বছৰ ধৰি ন্যায়ৰ আশাত অপেক্ষা কৰিব লগা হৈছে কোটি কোটি জনতাই৷ঝংকাৰৰ পৰিয়ালৰ পৰা অভি-নীলৰ পৰিয়াল অথবা পৰাগ দাসৰ পৰিয়ালৰ পৰা পৰাগ ভূঞাৰ পৰিয়াললৈ,সকলো বন্দী হৈ ৰৈছে ন্যায়ৰ অপেক্ষাত৷
অনিমেষ ভূঞাৰ মূল হত্যাকাৰীৰ মৃত্যু হল,কিন্তু ইয়াৰ পিছতো অনিমেষ আৰু অনিমেষৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হবনে দেশৰ ন্যায় ব্যবস্থা?

- Donation -

Leave A Reply

Your email address will not be published.