বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি উত্থাপণ কৰা ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক কোনো কামৰ বাজেট নহয় বুলি অভিহিত কৰিছে ৫৮ শতাংশ লোকে ৷ ৰাষ্ট্ৰীয় হিন্দী কাকত ‘দৈনিক ভাস্কৰ’য়ে চলোৱা এক অনলাইন সমীক্ষাত ৫৫ শতাংশ লোকে কয় যে এই বাজেটে মূল্যবৃদ্ধিত আৰু অধিক বৃদ্ধি কৰিব ৷১২ শতাংশ লোকে এই বাজেটক আদৰণি জনায় ৷ এই সমীক্ষাত বিয়লি ৪ বজা পৰ্যন্ত ১ লাখ লোকে অংশগ্ৰহণ কৰিছিল ৷