বাজেটত মিজোৰামৰ বাবে ৬০০ কৌটি, অসমলৈ কিমান ?

Share This Article

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপণ কৰা বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আগবঢ়োৱা হৈছে ১৫০০ কৌটি টকা ৷ কিন্তু উত্তৰ পূৱৰ কোন ৰাজ্যই কিমান ধন পাব জানি লও আহক –

•উত্তৰ পূৰ্বাঞ্চলৰ বাবে ঘোষণা কৰা ১৫০০ কৌটিৰ ভিতৰত ৬০০ কৌটি টকাই আগবঢ়োৱা  হৈছে মিজোৰামলৈ ৷ ইয়াৰে ৫০০ কৌটি টকাৰে আইজলৰ বাইপাছ নিৰ্মান কৰা হ’ব  আৰু আন ১০০ কৌটি টকাৰে ৰাজ্যখনৰ বিভিন্ন জিলাৰ মাজত বেম্বো লিংক ৰোড নিৰ্মান কৰা হ’ব ৷

•৬৪ কৌটি টকাৰে পশ্চিম ছিকিমত পেলিঙৰ পৰা ছাংগা- কোৱেলিঙলৈ যাত্ৰীবাহী ৰোপৱে আৰু ৫৮ কৌটি টকাৰে দক্ষিণ ছিকিমত  ঢাপেৰৰ পৰা ভালেধুংগালৈ ৰোপৱে নিৰ্মান কৰা হ’ব ৷

•বাকী ৫৩৭ কৌটি টকা উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহৰ মাজত ব্যয় কৰা হ’ব ৷ ইয়াৰ ভিতৰত আছে  “ডেডিকেটেড চাৰ্ভিছেজ ফৰ মেনেজমেন্ট অৱ পেডিয়েট্ৰিক এণ্ড এডাল্ট হিম’ট’লিম্ফইড কেঞ্চাৰছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া, গুৱাহাটী “ আৰু “এন ই চি টি এ আৰ লিভলিহুড মিছন”ৰ দৰে দুটা অভিলাষী প্ৰকল্প ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.