আফগানিস্তানলৈ ভাৰতীয় সেনা প্ৰেৰণ নকৰিবলৈ পূৰ্বেই ভাবুকি দিছিল তালিবানে ৷ এইবাৰ আফগানিস্তানৰ ক্ষমতালৈ অহাৰ পাছত তালিবান বাহিনীয়ে ভাৰতক নিজৰ স্থিতি সলনি কৰিবলৈ আহ্বান জনাইছে ৷ তালিবানৰ মুখপাত্ৰ শাহীন সুহেলে কয় যে পূৰ্বৰ আশ্ৰফ ঘানি চৰকাৰৰ চৰকাৰৰ লগত ভাৰতৰ যি বন্ধুত্ব আছিল , তেনে সম্পৰ্ক এতিয়াও বজাই ৰাখিলে দিয়োখন দেশৰ বাবেই মংগল ৷
দেওবাৰে তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছত নতুন চৰকাৰ গঠন এতিয়া মাথো সময়ৰ অপেক্ষা ৷ কিন্তু তালিবান চৰকাৰক ভাৰতে সমৰ্থন দিয়া নিদিয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপণ হৈছে ৷ তেনে সময়তে তালিবানে মন্তব্য কৰিছে যে ভাৰতে বিচাৰিলে দুয়োখন দেশে পূৰ্বৰ দৰে সম্পৰ্ক বজাই ৰখাটো সম্ভৱ ৷
- Donation -