দুখন বিমান সাজু ৰাখক : এয়াৰ ইন্ডিয়াক কিয় এই নিৰ্দেশ কেন্দ্ৰৰ ?

Share This Article

কাবুলৰ পৰা ভাৰতীয় নাগৰিকসকলক জৰুৰীভাবে ওভতাই আনিবলৈ এয়াৰ ইণ্ডিয়াক দুখন বিমান সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পাছতে তৎপৰ হৈ উঠিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ ৷
দেওবাৰে তালিবানে কাবুল দখল কৰাৰ পাছতেই এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানে কাবুল এৰিছিল ৷ শেষ বিমানখনত ১২৯ গৰাকী যাত্ৰী আছিল ৷নিশা এই বিমানখনে দিল্লীত অৱতৰণ কৰে ৷
আফাগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যোৱাটো নিশ্চিত হোৱাৰ পাছতেই জাৰ্মানি , ফ্ৰান্স , ব্ৰিটেইন, কানাডা , অষ্ট্ৰেলিয়াসহ বহু দেশে নিজৰ নাগৰিকসকলক ওভতাই নিয়াৰ পদক্ষেপ লৈছে ৷ ইতিমধ্যে আমেৰকাই তেওলোকৰ সকলো নাগৰিককে নিজ দেশলৈ ওভতাই নিছে ৷ অনুৰুপ পদক্ষেপ গ্ৰহণ কৰি ভাৰতেও নিজৰ নাগৰিকসকলক ওভতাই অনাৰ বাবে যাবতীয় পদক্ষেপ লৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.