অভূতপূৰ্ব প্ৰচাৰ শৈলী আৰু অবাস্তৱ কথাৰ বাবে সদায়েই চৰ্চাত থাকে শাসকীয় দল বিজেপি। এইবাৰ আন এক প্ৰচাৰৰ চমক দিবলৈ সাজু হৈছে বিজেপি। বিজেপিৰ শীৰ্ষ নেতৃত্বই দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিলে। পৰিসংখ্যাই অন্য তথ্য দিলেও এতিয়া এনেদৰেই প্ৰচাৰ কৰিবলৈ সাজু হৈছে শাসকীয় বিজেপি। এই প্ৰচাৰৰ বাবে ইতিমধ্যেই ঢাক-ঢোল প্ৰস্তুত কৰি উলিয়াইছে বিজেপিয়ে। অপেক্ষা মাথো মঙলবাৰৰ সন্ধিয়ালৈ। মঙলবাৰে কেন্দ্ৰই চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহৰ(এপ্ৰিলৰ পৰা জুনলৈ) অৰ্থনৈতিক বিকাশৰ হাৰ মুকলি কৰিব। ৰিজাৰ্ভ বেঙ্ক আৰু বিভিন্ন মূল্যাঙ্কন সংস্থাৰ পূৰ্বানুমান অনুসৰি এইবাৰ অৰ্থনৈতিক বিকাশৰ হাৰে ২০ শতাংশ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে আৰু সেইবাবেই নৰেন্দ্ৰ মোডীয়ে অৰ্থনীতি পুনৰুদ্ধাৰ কৰিলে বুলি প্ৰচাৰ চলাবলৈ সাজু হৈছে মোডী চৰকাৰৰ প্ৰায় সকলো মন্ত্ৰী আৰু বিজেপিৰ শীৰ্ষ নেতৃত্ব।
অৱশ্যে অৰ্থনীতিবিদসকলে মনত পেলাই দিছে যে আগৰ বিত্তীয় বৰ্ষত(এপ্ৰিল-জুন) দেশত লকডাউন চলি আছিল আৰু সেই সময়ৰ অৰ্থনীতিৰ লগত তুলনা কৰা বাবেই বিকাশৰ হাৰ বৃহৎ পৰিমাণে বৃদ্ধি পাইছে। দৰাচলতে এইবাৰ অৰ্থনৈতিক বিকাশৰ হাৰ ২০% বৃদ্ধি হোৱাৰ পাছতো অৰ্থনীতি ক’ভিড কালৰ আগৰ সময়ৰ দৰে সুস্থিৰ নহব। কিন্তু কেন্দ্ৰ আৰু বিজেপিয়ে সাধাৰণ মানুহে পৰিসংখ্যাত বেছি গুৰুত্ব নিদিব বুলি ধাৰণা কৰি ভুৱা অতিৰঞ্জিত প্ৰচাৰৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অৰ্থনীতিবিদসকলৰ মতে বিগত বৰ্ষৰ এপ্ৰিল-জুন মাহৰ তুলনাত চলিত বৰ্ষৰ এপ্ৰিল-জুনত দেশৰ অৰ্থনীতি পৰিমাপ কৰা হ’ব। কিন্তু সেই সময়ত কোভিড আৰু লকডাউনৰ ফলত অৰ্থনীতি ২৪.৪% লৈ হ্ৰাসহে পাইছিল। অৰ্থাৎ বিগত বছৰৰ ৩১ মাৰ্চত জিডিপি ১০০ টকা হৈ থকাৰ বিপৰীতে জুনত ই ৭৫.৬ টকালৈ হ্ৰাস হৈছিল। এতিয়া দেশৰ জিডিপি হৈছে ৯০.৭২ টকা, যাৰ অৰ্থ হৈছে জিডিপি ২০% বৃদ্ধি হৈছে। অৰ্থাৎ এইবাৰৰ বৃদ্ধিয়ে কোনো প্ৰকাৰে দেশৰ অৰ্থনৈতিক পৰিকাঠামো সৱল হোৱাটো নুবুজায়।
বিত্ত মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে ৰিজাৰ্ভ বেংকৰ পূৰ্বানুমান অনুসৰি এপ্ৰিল-জুনত বিকাশৰ হাৰ ১৮.৫ শতাংশত উপনীত হ’ব। আনকি সেই পূৰ্বানুমান সঁচা হ’লেও অৰ্থনীতিয়ে ক’ভিডৰ পূৰ্বৱৰ্তী স্থিতি স্পৰ্শ কৰিব নোৱাৰিব।
অৱশ্যে বিজেপি নেতৃত্বই অনুভৱ কৰে যে পৰিসংখ্যাই যিয়েই নকওঁক কিয় বিকাশৰ হাৰে প্ৰকৃততে ১৮-২০ শতাংশ স্পৰ্শ কৰিছে আৰু জনসাধাৰণৰ মাজলৈ যাবলগীয়া বাৰ্তাটো হ’ব যে মৃত অৰ্থনীতি পুনৰ্জীৱিত হ’বলৈ আৰম্ভ কৰিছে। ই জনসাধাৰণৰ মনত ইতিবাচক প্ৰভাৱ পেলাব। এই প্ৰচাৰৰ উদ্দেশ্য হ’ব কৃতিত্ব যাতে নৰেন্দ্ৰ মোডীয়ে পায় সেয়া নিশ্চিত কৰা।
ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ২০২০ চনৰ ২৫ মাৰ্চৰ পৰা সমগ্ৰ দেশত ৬৮ দিনৰ লকডাউন ঘোষণা কৰা হৈছিল। ইয়াৰ ফলত ২০২০-২১ চনৰ এপ্ৰিলৰ পৰা জুনলৈ জিডিপিৰ ২৪.৪% হ্ৰাস পাইছিল। জুলাই-ছেপ্টেম্বৰত জিডিপি সংকোচন অব্যাহত আছিল আৰু ইয়াৰ স্তৰ ৭.৪ শতাংশলৈ হ্ৰাস পাইছিল।অক্টোবৰ-ডিচেম্বৰত অৰ্থনীতিয়ে অতি নগণ্য বিকাশৰ মুখ দেখিছিল। বিকাশৰ হাৰ আছিল মাত্ৰ ০.৪৬%। জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত ই সামান্য বৃদ্ধি হৈ ১.৬৪ শতাংশলৈ বৃদ্ধি পাইছিল।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.