তালিবান নেতাৰ সাক্ষাৎকাৰ লৈ কিয় দেশ এৰিবলগীয়া হ’ল আফগান মহিলা সাংবাদিকে ?

Share This Article

তালিবান নেতাৰ সক্ষাৎকাৰ লোৱা আফগানিস্তানৰ মহিলা সাংবাদিকে ভয় ভাবুকিৰ সন্মুখীন হৈ এৰিবলগীয়া হ’ল দেশ ৷সাংবাদিকগৰাকীৰ নাম বেহেস্তা আৰঘান্দ ৷ ১৭ আগষ্টত তেও এজন শীৰ্ষস্থানীয় তালিবান নেতাৰ সাক্ষাৎকাৰ লৈছিল ৷ আফগানিস্তানৰ ইতিহাসত তালিবান নেতাৰে মহিলা সাংবাদিকৰ এইটোৱে আছিল প্ৰথম সাক্ষাৎকাৰ ৷ স্বাভাৱিকতে সাক্ষাৎকাৰটোক লৈ স্বাভাৱিকতে বিশ্বজুৰি আলোড়নৰ সৃষ্টি হয় ৷মহিলা সাংবাদিক বেহেস্তাই তালিবান নেতাক মহিলাৰ অধিকাৰক লৈ প্ৰশ্ন কৰিছিল ৷ কিন্তু তাৰ পাছতে তেও দেশ এৰি পলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷আন্তৰ্জাতিক সংবাদ মাধ্যমক বেহেস্তাই কয়-‘তালিবানৰ শীৰ্ষ নেতাৰ সাক্ষাৎকাৰ লোৱাৰ দুদিন পাছত মালালাৰ সাক্ষাৎকাৰ লৈছিলো ৷তাৰ পাছত বাকীসকলৰ দৰে ময়ো ঘৰ এৰি পলাবলগীয়া হ’ল ৷আমাৰ বহু পৰিচিত সাংবাদিকে দেশ এৰিছে ৷ আমাৰ সন্মুখত এতিয়া দুটাই প্ৰধান সমস্যা –আফগানসকলক দেশৰ পৰা বাহিৰলৈ উলিয়াই অনা অথবা তালিবানৰ বিৰুদ্ধে যুদ্ধ কৰা ৷’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.