সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবান নেতাৰ সাক্ষাৎকাৰ লৈ কিয় দেশ এৰিবলগীয়া হ’ল আফগান মহিলা সাংবাদিকে ?

তালিবান নেতাৰ সক্ষাৎকাৰ লোৱা আফগানিস্তানৰ মহিলা সাংবাদিকে ভয় ভাবুকিৰ সন্মুখীন হৈ এৰিবলগীয়া হ’ল দেশ ৷সাংবাদিকগৰাকীৰ নাম বেহেস্তা আৰঘান্দ ৷ ১৭ আগষ্টত তেও এজন শীৰ্ষস্থানীয় তালিবান নেতাৰ সাক্ষাৎকাৰ লৈছিল ৷ আফগানিস্তানৰ ইতিহাসত তালিবান নেতাৰে মহিলা সাংবাদিকৰ এইটোৱে আছিল প্ৰথম সাক্ষাৎকাৰ ৷ স্বাভাৱিকতে সাক্ষাৎকাৰটোক লৈ স্বাভাৱিকতে বিশ্বজুৰি আলোড়নৰ সৃষ্টি হয় ৷মহিলা সাংবাদিক বেহেস্তাই তালিবান নেতাক মহিলাৰ অধিকাৰক লৈ প্ৰশ্ন কৰিছিল ৷ কিন্তু তাৰ পাছতে তেও দেশ এৰি পলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷আন্তৰ্জাতিক সংবাদ মাধ্যমক বেহেস্তাই কয়-‘তালিবানৰ শীৰ্ষ নেতাৰ সাক্ষাৎকাৰ লোৱাৰ দুদিন পাছত মালালাৰ সাক্ষাৎকাৰ লৈছিলো ৷তাৰ পাছত বাকীসকলৰ দৰে ময়ো ঘৰ এৰি পলাবলগীয়া হ’ল ৷আমাৰ বহু পৰিচিত সাংবাদিকে দেশ এৰিছে ৷ আমাৰ সন্মুখত এতিয়া দুটাই প্ৰধান সমস্যা –আফগানসকলক দেশৰ পৰা বাহিৰলৈ উলিয়াই অনা অথবা তালিবানৰ বিৰুদ্ধে যুদ্ধ কৰা ৷’

Leave A Reply

Your email address will not be published.