সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিৰ হৈ ওকালতি কৰা কোন আইনজীৱী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ’ল ?

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হ’ল আইনজীৱী পি এছ নৰসিংহ ৷ কলকাতা উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা পাব্লিক একাউন্টছ কমিটীৰ গোচৰত তেও বিজেপিৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল ৷মুকুল ৰায়ক বিধানসভাৰ পাব্লিক একাউন্টছ কমিটীৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়াৰ বিৰুদ্ধে বিজেপিয়ে ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল ৷উক্ত গোচৰত ন্যায়ালয়ত বিজেপিক প্ৰতিনিধিত্ব কৰিছিল পি এছ নৰসিংহই ৷ এইগৰাকী প্ৰবীন অধিবক্তাই মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপগ্ৰহণ কৰিব ৷

২০১৪ ৰ পৰা ২০১৮ চন পৰ্যন্ত তেও কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে কাম কৰিছিল ৷ বিচিচি আইৰ  আভ্যন্তৰীণ সমস্যা নিস্পত্তিৰ দায়িত্বও লাভ কৰিছিল পি এছ নৰসিংহই ৷ অযোধ্যাৰ বিবাদমান গোচৰতো তেও কেবাটাও পক্ষৰ হৈ যুক্তি আগবঢ়াইছিল ৷বাৰ এছোচিয়েশ্যনৰ পৰা ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা তেও নৱম গৰাকী ব্যক্তি ৷পি এছ নৰসিহই ২০২৮ চনত অৱসৰ গ্ৰহণ কৰিব ৷

- Donation -

নৰসিংহই ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ পাছত পি এ চি গোচৰত বিজেপিৰ হৈ বি এছ বৈদ্যনাথে যুক্তি আগবঢ়াব বুলি আনন্দ বজাৰ পত্ৰিকাত বাতৰি প্ৰকাশ পাইছে ৷

Leave A Reply

Your email address will not be published.