বিজেপিৰ হৈ ওকালতি কৰা কোন আইনজীৱী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ’ল ?

Share This Article

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হ’ল আইনজীৱী পি এছ নৰসিংহ ৷ কলকাতা উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা পাব্লিক একাউন্টছ কমিটীৰ গোচৰত তেও বিজেপিৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল ৷মুকুল ৰায়ক বিধানসভাৰ পাব্লিক একাউন্টছ কমিটীৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়াৰ বিৰুদ্ধে বিজেপিয়ে ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল ৷উক্ত গোচৰত ন্যায়ালয়ত বিজেপিক প্ৰতিনিধিত্ব কৰিছিল পি এছ নৰসিংহই ৷ এইগৰাকী প্ৰবীন অধিবক্তাই মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপগ্ৰহণ কৰিব ৷

২০১৪ ৰ পৰা ২০১৮ চন পৰ্যন্ত তেও কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে কাম কৰিছিল ৷ বিচিচি আইৰ  আভ্যন্তৰীণ সমস্যা নিস্পত্তিৰ দায়িত্বও লাভ কৰিছিল পি এছ নৰসিংহই ৷ অযোধ্যাৰ বিবাদমান গোচৰতো তেও কেবাটাও পক্ষৰ হৈ যুক্তি আগবঢ়াইছিল ৷বাৰ এছোচিয়েশ্যনৰ পৰা ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা তেও নৱম গৰাকী ব্যক্তি ৷পি এছ নৰসিহই ২০২৮ চনত অৱসৰ গ্ৰহণ কৰিব ৷

নৰসিংহই ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ পাছত পি এ চি গোচৰত বিজেপিৰ হৈ বি এছ বৈদ্যনাথে যুক্তি আগবঢ়াব বুলি আনন্দ বজাৰ পত্ৰিকাত বাতৰি প্ৰকাশ পাইছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.