সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মমতা বেনাৰ্জীৰ ভতিজা , তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীক ই ডিৰ তলব কিয় ?

মমতা – মোদীৰ কাজিয়া এতিয়াও শেষ হোৱা নাই ৷ পশ্চিমবংগত চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ পাছত মমতা বেনাৰ্জীৰ লক্ষ্য এইবাৰ নতুন দিল্লী ৷ বিৰোধী মহাজোট গঠনেৰে বিজেপিক উৎখাতৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে মমতা বেনাৰ্জীয়ে ৷ দেশজুৰি বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰাৰ দায়িত্ব দিয়া হৈছে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীক ৷

অভিষেক বেনাৰ্জী ৰাষ্ট্ৰীয় ৰাজনীতিত সক্ৰিয় হৈ উঠা সময়তে তৃণমূল নেতাগৰাকীক পত্নীসহ তলব কৰিছে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেট অৰ্থাৎ ই ডিয়ে ৷ ই ডিয়ে তৃনমূলৰ নেতা অভিষেক বেনাৰ্জীক ৩ ছেপ্তেম্বৰ আৰু তেওৰ পত্নী ৰুজিৰা বেনাৰ্জীক জেৰাৰ বাবে নতুন দিল্লীলৈ তলব কৰিছে ৷কয়লা সৰবৰাহ সংক্ৰান্তীয় এক গোচৰত তেওলোকৰ লগতে অভিষেকৰ অধিবক্তা সঞ্জয় বসুকো তলব কৰা বুলি সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পাইছে ৷

- Donation -

বিগত বিধানসভা নিৰ্বাচনৰ সময়তো অভিষেক বেনাৰ্জীৰ পত্নীক ই ডিয়ে জেৰা কৰিছিল ৷

 

Leave A Reply

Your email address will not be published.