বিশ্বজুৰি কভিডৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ মাজতে নতুনকৈ পোহৰলৈ আহিছে আন এটা ক’ভিড ভেৰিয়েণ্ট। শুক্ৰবাৰে এক বিবৃতি যোগে বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিডৰ নতুন প্ৰকাৰটোক গ্ৰীক বৰ্ণমালাৰ আখৰ ওমাইক্ৰন নাম দি ক’ভিডৰ এটা উদ্বেগজনক প্ৰকাৰ হিচাপে মনোনীত কৰিছে। বিশ্বব্যাপী দেশ সমহৰ নেতৃতইও শুক্ৰবাৰে দক্ষিণ আফ্ৰিকাত ধৰা পৰা নতুন কৰোণা ভাইৰাছ প্ৰকাৰটোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দেশবোৰে ইতিমধ্যেই নিজৰ ৰেল আৰু বিমান যাত্ৰী সকলৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰি দিছে। ভাৰতেও দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈ অহা যাত্ৰীৰ এটা দলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে।