সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

খেল এৰি ধোনীয়ে ধৰিলে চলচ্চিত্ৰত

ক্ৰিকেট বিশ্বৰ সকলোৰে চিনাকি নাম মহেন্দ্র সিং ধোনী। ধোনীৰ নেতৃত্বতেই ভাৰতীয় ক্রিকেট দলে এটাৰ পাছত এটা বিজয়ৰ ট্ৰফীৰে দেশলৈ কঢ়িয়াই আনিছিল গৌৰৱ। ২০২০ চনত সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ফৰ্মেটৰ পৰা বিদায় লোৱাৰ পিছৰে পৰা ধোনীয়ে সম্পূর্ণ মনোযোগ দিছে নিজৰ ব্যৱসায়ত। কৃষি, কুকুৰা পালন, কাপোৰ আৰু জিমৰ দৰে বহুতো ব্যৱসায়ত ধন বিনিয়োগ কৰিছে ধোনী ওৰফে মাহীয়ে। মাজে-সময়ে ছ’চিয়েল মিডিয়াত ধোনীয়ে নিজৰ অনুৰাগীৰ আগত এই কামবোৰ শ্বেয়াৰো কৰে। কিন্তু এইবাৰ ধোনীৰ মন প্ৰযোজক হ’বলৈ। শেহতীয়াকৈ দেৱালী উপলক্ষে ধোনী আৰু তেওঁৰ পত্নী সাক্ষীয়ে মুকলি কৰিলে নতুন প্ৰযোজনা গৃহ ধোনী এণ্টাৰটেইনমেণ্ট। ধোনী এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক হ’ব সাক্ষী সিং। ইতিমধ্যে প্ৰযোজনা গৃহ মুকলি কৰাৰ সময়তেই প্ৰযোজনা গৃহৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম ঘোষণা কৰা হৈছে। তামিল ভাষাত নিৰ্মাণ হ’ব ধোনীৰ প্ৰযোজনাত প্ৰথমখন চলচ্চিত্র। বৰ্তমানলৈকে নিৰ্ধাৰণ কৰা হোৱা নাই চলচ্চিত্ৰখনৰ নাম। কিন্তু চলচ্চিত্রখন পৰিচালনা কৰিব ৰমেশ থালিলমণিয়ে। ৰমেশ থালিলমণি পৰিচালকৰ লগতে এগৰাকী লেখকো। থালিলমণিয়ে ‘অথৰ্বঃ দ্য অৰিজিন’ নামৰ এখন গ্ৰাফিক উপন্যাস লিখিছে। ধোনী এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰেৰিত এক বিবৃতি মতে, তামিলনাডুৰ জনসাধাৰণৰ সৈতে ধোনীৰ আছে এক বিশেষ সম্পৰ্ক। সেইবাবেই মাহীয়ে প্ৰথমখন চলচিত্র তামিল ভাষাত নিৰ্মাণ কৰিবলৈ লৈছে। ইতিমধ্যে চলচ্চিত্রখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবৰ বাবে দক্ষিণ ভাৰতৰ জনপ্রিয় অভিনেতা থলপতি বিজয়ৰ লগত আলোচনা কৰি আছে। যদি থলপতি বিজয়ে সন্মতি দিয়ে তেতিয়া হ’লে তেৱেঁই হ’ব ধোনীৰ প্ৰথমখন চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেতা।
উল্লেখ্য যে, ধোনীৰ পত্নী সাক্ষীৰো আছে নিজা প্ৰডাকচন হাউছ। ইতিমধ্যে সাক্ষীৰ প্ৰডাকচন হাউছৰ বেনাৰত জনপ্রিয় তথ্যচিত্র ‘ৰোৰ অফ দ্য লায়ন’ নিৰ্মাণ কৰা হৈছে। ২০০৪ চনত ভাৰতীয় ক্রিকেট দলত অভিষেক ঘটা টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে দেশৰ হৈ ৯০ খন টেষ্ট মেচ, ৩৫০খন এদিনীয়া আৰু ৯৮ খন টি-২০ মেচ খেলিছে। খেলপথাৰত হেলিকপ্টাৰ শ্বট মৰা আৰু বৰ্তমানৰলৈকে চেন্নাই ছুপাৰ কিংছ দলৰ অধিনায়ক হৈ থকা কেপ্টেইন কুলে বক্স অফিছত খলকনি তুলিব পাৰিবনে নোৱাৰে সেয়া সময়েহে ক’ব।

Leave A Reply

Your email address will not be published.