মুখ্যমন্ত্ৰী সিন্দেৰ কাষত আন এজন থাকৰে !

Share This Article

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পুত্ৰ শ্ৰীকান্ত সিন্দেই মঙলবাৰে সাক্ষাৎ কৰে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মূৰব্বী ৰাজ থাকৰেক। উল্লেখযোগ্য যে ইয়াৰ দুটা দিন আগতে মুখ্যমন্ত্ৰী সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্ণাভিছেও সাক্ষাৎ কৰিছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা চমুকৈ MNS ৰ মূৰব্বী ৰাজ থাকৰেক। সিন্দে বাহিনী আৰু বিজেপিয়ে শেহতীয়াকৈ ৰাজ থাকৰেৰ MNS ক লৈ এক মৰ্চা গঠন কৰাৰ প্ৰচেষ্টা চলাইছে। আনহাতে,শিৱসেনাৰ থাকৰে গোট,কংগ্ৰেছ আৰু শাৰদ পাৱাৰৰ এনচিপিক লৈ বিৰোধীৰ মিত্ৰজোঁট গঠন কৰিব খুজিছে উদ্ধৱ থাকৰে শিবিৰে। অৱশ্যে MNS আৰু সিন্দে শিবিৰে নিশ্চিত কৰিছে যে মুখ্যমন্ত্ৰী-উপমুখ্যমন্ত্ৰীৰ এই সাক্ষাৎ সম্পূৰ্ণ সৌজন্যমূলক।  ঠিক সেইদৰে দুয়োটা পক্ষই মুখ্যমন্ত্ৰীৰ পুত্ৰ শ্ৰীকান্তই ৰাজ থাকৰেক কৰা সাক্ষাতো দেৱালী উপলক্ষে এক সৌজন্যতামূলক সাক্ষাৎ বুলিয়েই উল্লেখ কৰিছে। “মৰ্চা সম্পৰ্কত যদি কিবা সিন্ধান্ত লয় ,আমাৰ দলৰ সভাপতি ৰাজ থাকৰেইহে ল’ব। যদি তেওঁ ভবিষ্যতে ‘হ’ব’ বুলি কয় তেন্তে আমাৰ আপত্তিৰ প্ৰশ্নই নাথাকে”- এনেদৰে মন্তব্য কৰে ৰাজ থাকৰেৰ দলৰ একমাত্ৰ বিধায়ক ৰাজু পাটিলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.