সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে কিমান বিচাৰাধীন গোচৰ আছে ন্যায়ালয়ত?

বিগত মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ’ল এখন বিশেষ প্ৰতিবেদন। CBI আৰু Directorate of Enforcementৰ দ্বাৰা দাখিল কৰা সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে থকা অমীমাংসিত গোচৰৰ বহু বিস্ফোৰক তথ্য উন্মোচন কৰিছে এই প্ৰতিবেদনখনে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে Central Bureau of Investigation(CBI) আৰু Directorate of Enforcement(ED) দৰে তদন্ত সংস্থাৰ দ্বাৰা বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদ তথা বিধান সভাৰ সদস্যসকলৰ বিৰুদ্ধে দাখিল কৰা বহু অপৰাধমূলক অমীমাংসিত গোচৰ এতিয়াও ন্যায়ালয়ৰ ৰঙা ফাইলতে আৱদ্ধ হৈ আছে।
দুয়োটা সংস্থাৰ ইনপুটৰ আধাৰত জ্যেষ্ঠ অধিবক্তা বিজয় হানছাৰিয়া আৰু অধিবক্তা স্নেহা কলিতাই শীৰ্ষ আদালতৰ নিৰ্দেশত প্ৰস্তুত কৰা প্ৰতিবেদনত কোৱা হৈছে যে এটা দশক আগতে আইন প্ৰণেতাসকলৰ বিৰুদ্ধে দাখিল কৰা বেছিভাগ গোচৰৰ তদন্ত প্ৰক্ৰিয়া স্থগিত হৈ আছে বা বিচাৰ চলি আছে।
প্ৰিন্টে প্ৰকাশ কৰা বাতৰি অনুসৰি ১০ আগষ্টত ভাৰতৰ মুখ্য ন্যায়াধীশ এন.ভি. ৰমনৰ নেতৃত্বত এখন বিচাৰপীঠে বৰ্তমানৰ আৰু প্ৰাক্তন আইন প্ৰণেতাসকল(সাংসদ আৰু বিধায়ক)ৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা (পিআইএল)ৰ শুনানি গ্ৰহণ কৰাৰ সময়ত সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে দাখিল কৰা গোচৰ আৰু তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ ED আৰু CBIলৈ নিৰ্দেশনা জাৰী কৰিছে। EDয়ে Prevention of Money Laundering Act (PMLA)ৰ অধীনত গোচৰৰ তদন্ত কৰে আৰু CBIয়ে ভাৰতীয় দণ্ডবিধিৰ (IPC)ৰ অধীনত দুৰ্নীতি বা জঘন্য অপৰাধ যেনে হত্যা আৰু ধৰ্ষণৰ তদন্ত কৰে। উচ্চতম ন্যায়ালয়ে এই প্ৰতিবেদনখন বিবেচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ন্যায়ালয়ে ইতিমধ্যেই বুধবাৰে এনে বিষয়বোৰৰ নিষ্পত্তি ত্বৰান্বিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে।
প্ৰাপ্ত খবৰ অনুসৰি দেশৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে EDয়ে পঞ্জীয়ন কৰা মুঠ ৫১টা গোচৰ বিচাৰাধীন গোচৰ আছে। ইয়াৰ ভিতৰত ২৮টা গোচৰৰ তদন্তৰ কাম স্থগিত হৈ আছে। ইয়াৰ লগতে এতিয়াও ১০ টা গোচৰৰ অভিযোগ পত্ৰ প্ৰস্তুত কৰিব পৰা নাই আৰক্ষীয়ে।
উল্লেখ যে দেশৰ সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে বিগত দহ বছৰত EDত ১২২টা আৰু CBIত ১৬৩টা গোচৰ বিচাৰাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.