সচাঁকৈয়ে তালিবানে হাইজেক কৰিছে নেকি ইউক্ৰেইনৰ বিমান?

Share This Article

আফগানিস্তানলৈ উদ্ধাৰ অভিযানৰ বাবে যোৱা ইউক্ৰেইনৰ এখন বিশেষ বিমান হাইজেক কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই। ইউক্ৰেইন চৰকাৰৰ উপ বিদেশ মন্ত্ৰী গৰাকীয়ে সদৰি কৰে এই চাঞ্চল্যকৰ তথ্য। প্ৰাপ্ত তথ্য অনুযায়ী ইতিমধ্যেই ইৰানলৈ লৈ যোৱা হৈছে বিমানখন। বিদেশ মন্ত্ৰী গৰাকীৰ মতে দেওবাৰেই কোনো অজ্ঞাত লোকে হাইজেক কৰিছিল বিমানখন। ইউক্ৰেইন চৰকাৰৰ বিদেশ মন্ত্ৰী য়েভগেনি এনিনে কয় যে দেওবাৰে আমাৰ বিমানখন অজ্ঞাত লোকে হাইজেক কৰে আৰু মংগলবাৰে ইৰানলৈ লৈ যায়। লগতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে ইউক্ৰেইনৰ দ্বিতীয় পৰিকল্পনাও সফল নহল কাৰণ আমাৰ মানুহবোৰ তেতিয়ালৈ বিমানবন্দৰত আহি উপস্থিত হোৱাই নাছিল। উল্লেযোগ্য যে বিমানখন হাইজেক কৰা দুৰ্বৃত্ত কেইজনৰ হাতত আছিল অত্যাধুনিক মাৰনাস্ত্ৰ। বৰ্তমান পৰ্যন্ত এইটোও জানিব পৰা হোৱা নাই যে বিমানখন হাইজেক কৰিছে কোনে! অৱশ্যে ইউক্ৰেইনে বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.