সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে চাৰি বছৰীয়া নেচনেল মনিটাইজেশ্বন প্লেন ৷ এই পৰিকল্পনা অনুসৰি ৰাজহুৱা খণ্ডত থকা সম্পত্তি লীজত দি ভাৰত চৰকাৰে চাৰি বছৰত ৬ লাখ কৌটি ধন ঘটাৰ লক্ষ্য লৈছে ৷ লীজত দিবলগীয়া সম্পত্তি সমূহৰ ভিতৰত আছে পথ , ৰেলৱে , শক্তি , খনি , টেলিকম , প্ৰাকৃতিক গেছ , বন্দৰ , বিমানসেৱা , পেট্র’লিয়াম আদি খণ্ডৰ বহু সম্পত্তি ৷
ক’ৰ পৰা কিমান ধন আহৰণৰ লক্ষ্য লৈছে কেন্দ্ৰই ?
ব্যক্তিগত খণ্ডক লীজত গতাই দি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে পথৰ পৰা ১,৬০,২০০ কৌটি , ৰেলৱেৰ পৰা ১,৫২,৪৯৬ কৌটি , শক্তি খণ্ডৰ পৰা ৪৫,২০০ কৌটি , প্ৰাকৃতিক গেছ পাইপলাইনৰ পৰা ২৪,৪৬২ কৌটি , অন্যান্য পাইপলাইনৰ পৰা ২২, ৫০৪ কৌটি , টেলিকমৰ পৰা ৩৫,১০০ কৌটি , ৱেৰহাউচৰ পৰা ২৮,৯০০ কৌটি , মাইনিঙৰ পৰা ২৮,৭৪৭ কৌটি , বিমান পৰিবহনৰ পৰা ২০,৭৮২ কৌটি , বন্দৰৰ পৰা ১২,৮২৮ কৌটি , ষ্টেডিয়ামৰ পৰা ১১, ৪৫০ কৌটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.