কংগ্ৰেছত নতুন বিবাদ : মুখ্যমন্ত্ৰীত্বক লৈ কাৰ সংঘাত তুংগত উঠিছে ?

Share This Article

অন্তৰ্কন্দলে খুলি খুলি খাইছে কংগ্ৰেছ দলক ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ আৰু নৱোজিৎ সিঙ সিদ্ধুৰ মাজত বিবাদ নিষ্পত্তিৰ বাবে হাইকামাণ্ডে অশেষ কষ্ট কৰিবলগীয়া হ’ল ৷ সাময়িকভাৱে এই বিবাদ শাম কাটিছে যদিও এইবাৰ চট্টিছগড়ত নতুন বিবাদৰ উকমুকনি দেখা গৈছে ৷ চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু তেওৰেই কেবিনেট সতীৰ্থ টি এছ সিঙ দেউৰ মাজৰ সংঘাত তুংগত উঠিছে ৷মুখ্যমন্ত্ৰীত্বক লৈ আৰম্ভ হোৱা এই বিবাদ নিষ্পত্তিৰ বাবে মঙলবাৰে দুয়োগৰাকী নেতাই ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ কথা ৷
চট্টিছগড়ৰ বাঘেল চৰকাৰে জুন মাহত আঢ়ৈ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিলে ৷সিঙ দেউ শিবিৰৰ দাবী অনুসৰি , চৰকাৰ গঠনৰ সময়ত বাঘেল আৰু সিঙ দেউ দুয়োগৰাকীকে আঢ়ৈ বছৰকৈ মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব দিয়া হ’ব বুলি হাইকামাণ্ডে প্ৰতিশ্ৰুতি দিছিল ৷ এতিয়া সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ সময় আহি পৰিছে ৷
চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু মন্ত্ৰী টি এছ সিঙ দেউ ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.