সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কংগ্ৰেছত নতুন বিবাদ : মুখ্যমন্ত্ৰীত্বক লৈ কাৰ সংঘাত তুংগত উঠিছে ?

অন্তৰ্কন্দলে খুলি খুলি খাইছে কংগ্ৰেছ দলক ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ আৰু নৱোজিৎ সিঙ সিদ্ধুৰ মাজত বিবাদ নিষ্পত্তিৰ বাবে হাইকামাণ্ডে অশেষ কষ্ট কৰিবলগীয়া হ’ল ৷ সাময়িকভাৱে এই বিবাদ শাম কাটিছে যদিও এইবাৰ চট্টিছগড়ত নতুন বিবাদৰ উকমুকনি দেখা গৈছে ৷ চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু তেওৰেই কেবিনেট সতীৰ্থ টি এছ সিঙ দেউৰ মাজৰ সংঘাত তুংগত উঠিছে ৷মুখ্যমন্ত্ৰীত্বক লৈ আৰম্ভ হোৱা এই বিবাদ নিষ্পত্তিৰ বাবে মঙলবাৰে দুয়োগৰাকী নেতাই ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ কথা ৷
চট্টিছগড়ৰ বাঘেল চৰকাৰে জুন মাহত আঢ়ৈ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিলে ৷সিঙ দেউ শিবিৰৰ দাবী অনুসৰি , চৰকাৰ গঠনৰ সময়ত বাঘেল আৰু সিঙ দেউ দুয়োগৰাকীকে আঢ়ৈ বছৰকৈ মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব দিয়া হ’ব বুলি হাইকামাণ্ডে প্ৰতিশ্ৰুতি দিছিল ৷ এতিয়া সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ সময় আহি পৰিছে ৷
চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু মন্ত্ৰী টি এছ সিঙ দেউ ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে ৷

Leave A Reply

Your email address will not be published.